ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা, সুৰাসক্ত চালকে ডিভাইডাৰ পাৰ হৈ মাৰিলে বাহনত খুন্দা, গুৰুতৰভাৱে আহত একেটা পৰিয়ালৰ চাৰিজন…

ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা, সুৰাসক্ত চালকে ডিভাইডাৰ পাৰ হৈ মাৰিলে বাহনত খুন্দা, গুৰুতৰভাৱে আহত একেটা পৰিয়ালৰ চাৰিজন…

ডিজিটেল সংবাদ, চাপৰমুখ: ৰহা থানাৰ অন্তৰ্গত চাৰিশাখাযুক্ত ৰাষ্ট্ৰীয় পথৰ সৰাগাৱত মঙলবাৰে বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, নগাঁৱৰ নতুন আমোলাপট্টী নিবাসী অৱসৰপ্ৰাপ্ত জিলা কৃষি বিষয়া প্ৰদ্যুম্ন নাৰায়ণ গোস্বামী( ৭৮)য়ে তেওঁৰ পত্নী এনি গোস্বামী (৬৫) আৰু পুত্ৰ বুবলু গোস্বামী (৩০)ৰ লগতে আন দুজন আত্মীয়ৰ সৈতে এএছ ০২এএফ ৪০৬০ নম্বৰৰ চুইফট গাড়ীখনৰে গুৱাহাটীৰ পৰা নগাঁৱৰ নিজা ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।

ৰহাৰ সৰাগাওঁ পোৱাৰ সময়তে বিয়লি ৩.৩০ মান বজাত নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ ০৩টি ২১০৯ নম্বৰৰ তীব্ৰ বেগী ফিগ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰ পাৰ হৈ আহি ছুইফটখনক প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত ছুইফটখনত থকা প্ৰদ্যুম্ন নাৰায়ণ গোস্বামী, পত্নী এনি গোস্বামী,পুত্ৰ বুবলু গোস্বামী আৰু এগৰাকী আত্মীয় মহিলা গুৰুতৰভাৱে আহত হয়।

ইফালে, ১০৮ গাড়ীৰে স্হানীয় ৰাইজৰ সহযোগত ৰহা আৰক্ষীয়ে আহতসকলক ততাতৈয়াকৈ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পিছত আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে কিছুদিন ধৰি অসুস্হ হৈ থকা প্ৰদ্যুম্ন নাৰায়ণ গোস্বামীয়ে পৰিয়ালসহ এসপ্তাহ পূৰ্বে চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহি মঙলবাৰে ঘৰলৈ উভতাৰ সময়তে এই দূৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, ফিগ' গাড়ীখনত অহা লোককেইজন সুৰাসক্ত অৱস্থাত আছিল আৰু আৰক্ষীয়ে বাহনখনৰ ভিতৰত সুৰাৰ বটল উদ্ধাৰ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ফিগখনৰ চালকজনক আটক কৰিছে যদিও তেওঁৰ পৰিচয় সন্দৰ্ভত একো কথা জনোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in