ৰহাত নৈশবাছত খুন্দা তীব্ৰবেগী ট্ৰাকৰ, থিতাতে নিহত বাছৰ চালক-হেণ্ডিমেন, আহত কেইবাজনো VIDEO

ৰহাত নৈশবাছত খুন্দা তীব্ৰবেগী ট্ৰাকৰ, থিতাতে নিহত বাছৰ চালক-হেণ্ডিমেন, আহত কেইবাজনো VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ পশ্চিম শালমৰাত শুকুৰবাৰে পুৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ পথৰ কাষত ৰৈ থকা এখন নৈশ বাছত প্ৰচণ্ড খুন্দা অচিনাক্ত তীব্ৰবেগী ট্ৰাকৰ।

থিতাতে নিহত নৈশ বাছখনৰ চালক আৰু হেণ্ডিমেন৷ নিহত দুজন তিনিচুকীয়াৰ অৰ্বিন মিশ্ৰ আৰু পাপু চেতিয়া৷

তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা নৈশ বাছখনৰ যান্ত্ৰিক বিজুতি ঘটাৰ বাবে ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰাখি চালক আৰু হেণ্ডিমেনে মেৰামতি কৰি থকা অৱস্থাতে সংঘটিত হয় ভয়াবহ দুৰ্ঘটনাটো৷

বাছখনৰ নম্বৰ এএছ-০৯-জিচি-২৯৩৩। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন অচিনাক্ত ট্ৰাকখনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in