বিশিষ্ট শিল্পী তথা সংগীত প্ৰযোজক শংকৰ দাসৰ দেহাৱসান

বিশিষ্ট শিল্পী তথা সংগীত প্ৰযোজক শংকৰ দাসৰ দেহাৱসান

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ ৰূপনগৰ নিবাসী বিশিষ্ট সংগীত শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৪ বছৰ। কিছুদিন ধৰি বৃক্কৰ ৰোগৰ ভুগি থকা বিশিষ্ট সংগীত শিল্পী গৰাকীক ১৬ জানুৱাৰীত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও শুকুৰবাৰৰ পৰা তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু শনিবাৰে পুৱা ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ নশ্বৰ দেহ দুপৰীয়াৰ ভাগত ৰূপনগৰস্থিত বাসগৃহলৈ অনা হয়। তাত অঞ্চলবাসীৰ লগতে পৰিয়ালৰ লোকে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বাসগৃহৰ পৰা তেওঁৰ নশ্বৰ দেহ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰলৈ নিয়া হয় আৰু তাত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ তৰফৰ পৰা বিশিষ্ট সংগীত শিল্পীগৰাকীৰ শেষ শ্ৰদ্ধা জনোৱা হয়। তাৰ পাছত নৱগ্ৰহ শ্মশানত পৰিয়ালৰ লোক আৰু বহু গুণ মুগ্ধৰ উপস্থিতিত বিশিষ্ট সংগীত শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ জ্যেষ্ঠ পুত্ৰ অনুৰাগ দাসে (পোহৰ) মুখাগ্নি সম্পন্ন কৰে।

উল্লেখ ১৯৪৬ চনত পলাশবাৰীত জন্ম গ্ৰহণ কৰা প্ৰয়াত উমাকান্ত দাস আৰু প্ৰয়াত উপমা দাসৰ পুত্ৰ শংকৰ দাসে মিৰ্জাৰ আৰ বি স্কুলৰ পৰা স্কুলীয়া আৰু শ্বিলঙৰ এণ্টনি কলেজৰ পৰা কলেজীয়া শিক্ষা সমাপ্ত কৰে। শৈশৱৰে পৰা সংগীতৰ প্ৰতি ৰাপ থকা শংকৰ দাসে ১৯৬৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুৱ বাণী অনুষ্ঠানত মেণ্ডলীন পৰিবেশন কৰে। তেওঁ শ্বিলঙৰ বেৰীয়েল কেণ্ডিয়াৰ পৰা একৰ্ডিয়ান শিকি পৰিবেশন কৰিছিল। গীটাৰ, ভায়'লিন, কী বোৰ্ড আদি সুন্দৰকৈ বজাইছিল। তেওঁ ১৯৭৫ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত "ষ্টাফ আৰ্টিষ্ট' হিচাপে যোগদান কৰে। তাৰ পাছত তেওঁ ১৯৮৪ চনত দূৰদৰ্শন কেন্দ্ৰত যোগদান কৰে।

তেওঁ দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী সংগীত প্ৰযোজক আছিল। তেওঁ দূৰদৰ্শন কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত বহু অনুষ্ঠানৰ প্ৰযোজনা কৰিছিল। তেওঁ অসমৰ বিভিন্ন মঞ্চত মিতালী চৌধুৰী, অনিমা চৌধুৰী আদিৰ লগত অনুষ্ঠান পৰিবেশন কৰিছিল। তেওঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সহকাৰী সঞ্চালক হিচাপে দহ বছৰ কাল কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ২০০৯ চনত অৱসৰ গ্ৰহণ কৰে। "মন সুৰভি", "বনফুল", 'ত্ৰিবেনী" আদি শ্ৰৱ্য সঁফুৰাত তেওঁ সংগীত ৰচনাৰ কাম কৰিছিল। ১৯৯০ চনত তেওঁ ৰূপনগৰৰ বাসগৃহতে "পূবালীম কলাকেন্দ্ৰ" নামৰ সংগীত বিদ্যালয়ৰ জন্ম দিছিল। তাত তেওঁ ভায়'লিন, মেণ্ডলীন, গীটাৰ আদিৰ প্ৰশিক্ষণ দিছিল।

তেওঁ তুৰা, আগৰতলা, ইটানগৰ আদিত দূৰদৰ্শন কেন্দ্ৰৰ প্ৰগ্ৰাম প্ৰডাকচন চেণ্টাৰৰ সহকাৰী সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ শিল্পী ডলী ঘোষ, অনিমা চৌধুৰী আদিৰ বাবে সংগীত ৰচনা কৰিছিল। ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক শংকৰ দাসে প্ৰায় ডেৰ শতাধিক সংগীত ৰচনা কৰিছিল। আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰ তথা অসমৰ বিশিষ্ট সংগীতজ্ঞ, যশস্বী মেণ্ডলীন বাদক হিচাপে অনুৰাগী সকলৰ হৃদয়ত সুকীয়া স্থান লাভ কৰা শংকৰ দাসে পৰৱৰ্তী সময়ত দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ প্ৰতিষ্ঠা কালৰ পৰা দুটা দশক সংগীত বিভাগৰ প্ৰযোজক হিচাপে অসমৰ গীত আৰু সুৰৰ মাজত চামে চামে শিল্পী সকলক উৎসাহ, প্ৰেৰণা দিছিল আৰু শিল্পী মনক দৃঢ় কৰিছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী, আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী মধুমিতা দাস, দুই পুত্ৰ অনুৰাগ দাস (পোহৰ), অনুভূতি দাস (নিয়ৰ), বোৱাৰী পৰিণিতা মেধি, জিণ্টী গগৈৰ লগতে পৰিয়ালৰ লোক, আত্মীয় স্বজনক এৰি যায়। বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত শিল্পী সমাজ তথা অঞ্চলটোত শোকৰ ছাঁ পৰে। হাজোৰ প্ৰাক্তন বিধায়ক নুৰুল হুছেইনেও বিশিষ্ট শিল্পীগৰাকীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰি কয় যে, ৰাজ্যৰ সংগীত জগতলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা শংকৰ দাসৰ মৃত্যু ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in