সিংহপুৰুষ ৰাধাগোৱিন্দ বৰুৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী সোণোৱালৰ…

সিংহপুৰুষ ৰাধাগোৱিন্দ বৰুৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী সোণোৱালৰ…

ডিজিটেল সংবাদ, ১৫ জুলাই: অসমৰ সংবাদ জগতৰ বাটকটীয়া তথা বিশিষ্ট সমাজ সেৱক, ক্ৰীড়া সংগঠক সিংহপুৰুষ ৰাধাগোৱিন্দ বৰুৱাৰ মৃত্যু দিৱসত সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ফেচবুক একাউন্টযোগে স্মৰণ কৰি সিংহ পুৰুষজনালৈ শ্ৰদ্ধাঞ্জলি জনায়। অসমৰ জাতীয় জীৱনলৈ সিংহপুৰুষ ৰাধাগোৱিন্দ বৰুৱাই আগবঢ়াই যোৱা অনবদ্য অৱদান সদায় চিৰযুগমীয়া হৈ ৰব বুলি নিজৰ পেজৰ জৰিয়তে বাৰ্তা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইফালে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে সন্ধিয়া এক অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়াবিদ তথা জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in