মেৰামতিৰ নামত কোনে হজম কৰিলে চৰকাৰী ধন ? অনিৰ্দিষ্ট কাললৈ বন্ধ ৰবীন্দ্ৰ ভৱন…

মেৰামতিৰ নামত কোনে হজম কৰিলে চৰকাৰী ধন ? অনিৰ্দিষ্ট কাললৈ বন্ধ ৰবীন্দ্ৰ ভৱন…

ডিজিটেল ডেস্কঃ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰবীন্দ্ৰ ভৱন। অসমৰ নাট্য জগতখনলৈ এই খবৰে কঢ়িয়াই আনিছে হতাশা। নাট্যনুষ্ঠানৰে জীপাল হৈ থকা ৰবীন্দ্ৰ ভৱন বন্ধ কৰা হৈছে অনিৰ্দিষ্টকাললৈ। জানিব পৰা মতে অতি কমেও ৩ মাহ পৰ্যন্ত বন্ধ থাকিব ৰবীন্দ্ৰ ভৱন।

গুৱাহাটীত ধাৰাবাহিক ভাৱে আহি থকা বৰষুণৰ ফলত ৰবীন্দ্ৰ ভৱনৰ ভিতৰত যথেষ্ট ক্ষতি হৈছে। ভৱনৰ ভিতৰত বৰষুণৰ পানী সোমাই কাৰ্পেট,মঞ্চৰ পৰ্দা, আসন আদি পানীত তিতি নষ্ট হৈছে। একেদৰে উৱলি গৈছে দুৱাৰ। যাৰ ফলত সৃষ্টি হৈছে উৎকত দুৰ্গোন্ধৰ। ফলত অতি কমেও ৩ মাহলৈ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত নহয় কোনো অনুষ্ঠান।

উল্লেখ্যে যে, ভৱনৰ ভিতৰচৰাত কিদৰে বৰষুণৰ পানী সোমাল সেয়া এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে। কিয়নো মাত্ৰ ২ বছৰ পূৰ্বে ৫ কোটিৰো অধিক টকা ব্যয় কৰি মেৰামতি কৰা হৈছিল ৰবীন্দ্ৰ ভৱন। ইয়াৰ পিছত দীৰ্ঘ দিন কোভিডৰ বাবে কোনো অনুষ্ঠান অনুষ্ঠিত হোৱা নাছিল।

সেয়েহে এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৫ কোটিৰো অধিক টকাৰে মেৰামতি কৰা ৰবীন্দ্ৰ ভৱনৰ এই অৱস্থা কিয় হবলৈ পালে? ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ নামত অহা চৰকাৰী ধন ব্যৱহাৰত অনিয়ম সংঘটিত হৈছিল নেকি? এই প্ৰশ্নৰ উত্তৰ নিশ্চয় বিভাগীয় তদন্তত পোহৰলৈ আহিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in