পুনৰ যৌথ সংগ্ৰাম সমিতিয়ে দখল কৰিব ৰাভা হাছং স্বায়ত্ত পৰিষদ

পুনৰ যৌথ সংগ্ৰাম সমিতিয়ে দখল কৰিব ৰাভা হাছং স্বায়ত্ত পৰিষদ

ডিজিটেল ডেস্কঃ মিছিং অথবা সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ দৰেই অহা ২১ জানুৱাৰী, ২০১৯ত অনুষ্ঠিত হ'ব ৩৬ জনীয়া ৰাভা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। ৰাণীৰ পৰা গোৱালপাৰা জিলাৰ মূৰলৈকে ৫ টা বিধানসভা সমষ্টিৰ ৰাভা অধ্যূষিত এলেকা সামৰি গঠিত স্বায়ত্ত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে মাজত মাত্ৰ ৩ দিনহে বাকী আছে যদিও, নিৰ্বাচনী প্ৰচাৰৰ ঢৌ এতিয়াও ৰাভা হাছং এলেকাত দেখিবলৈ পোৱা নাই। ইয়াৰ মূল কাৰণটোৱেই হ'ল- সন্মিলিত ৰাভা যৌথ সংগ্ৰাম সমিতিৰ সম্পূৰ্ণ দখলত থকা ৰাভা হাছং এলেকাত শাসক দল বিজেপিয়েও প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। অৱশ্যে মিত্ৰদল ৰূপে পৰিগণিত যৌথ সংগ্ৰাম সমিতিৰ সৈতে শাসক দলটোৱে আসনৰ বুজাবুজি কৰাৰ ফলত ৩৩ টা সমষ্টিতেই ৰাভা হাছঙৰ শাসকীয় যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত নমাৰ বিপৰীতে মাত্ৰ ৩ টি সমষ্টিতহে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিছে। দুধনৈ সমষ্টিৰ বিধায়ক দীপক ৰাভাৰ প্ৰবল হেঁচাতহে এই তিনিটা সমষ্টিও মিত্ৰদল যৌথ সংগ্ৰাম সমিতিৰ পৰা বিজেপিয়ে আদায় কৰবলৈ সক্ষম হয়।

ইফালে, ৰাভা হাছং এলেকাৰ ছয়গাঁও, বকো, গোৱালপাৰা (পূব) এই তিনিওটা সমষ্টিতেই  কংগ্ৰেছ বিধায়ক থাকিলেও ৰাভা অধ্যূষিত এলেকাত বৰ্তমানলৈকে মুকলিকৈ এখন নিৰ্বাচনী সভাও কংগ্ৰেছে অনুষ্ঠিত কৰা পৰিলক্ষিত হোৱা নাই। অৱশ্যে গাঁৱে গাঁৱে গৈ ৩৬টা সমষ্টিতেই দলোৱে প্ৰক্ষেপ কৰা প্ৰাৰ্থীসকল স্থানীয় বিধায়ক আৰু বিৰোধী দলৰ নেতাসকলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে, অগপৰ দখলত থকা পলাশবাৰী সমষ্টিৰ ৰাণী পৰিষদীয় সমষ্টিত ৰাভা হাছঙৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা জয়ন্তী ৰাভাই প্ৰাৰ্থিত্ব লাভ নকৰাত এইবাৰ অগপৰ প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰভাৱশালী এই নেত্ৰীগৰাকীৰ প্ৰতিদ্বন্দ্বিতাই শাসক-বিৰোধী উভয়কে সংকটত পেলোৱাৰ সম্ভাৱনা নোহোৱা নহয়।

আনহাতে, ঘৰে ঘৰে চলোৱা প্ৰচাৰৰ জৰিয়তে কংগ্ৰেছৰ প্ৰভাৱাদিত এলেকাত কংগ্ৰেছ বিধায়ক কেইগৰাকীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতেই ৬ৰ পৰা ৮ খন আলনত দলটোৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰাৰ সম্ভাৱনা নোহোৱা নহয়। সেয়ে হ'লেও বাকী থকা ২৭খন অসমৰ ভিতৰত ২২ৰ পৰা ২৪খন আসনত বিজয় সাব্যস্ত কৰি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে টংকেশ্বৰ ৰাভাৰ নেতৃত্বত স্বায়ত্ত পৰিষদ পুনৰ দখল কৰাতো এক প্ৰকাৰ নিশ্চিত। এই ক্ষেত্ৰত লক্ষণীয় দিশটো হ'ল- মিছিং স্বায়ত্ত পৰিষদৰ দৰেই ৰাভা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ জৰিয়তেও শাসকীয় বিজেপি দলে এই এলেকাত সাংগঠনিক শোপনি হেৰুওৱাৰ সম্ভাৱনা বাৰুকৈয়ে স্পষ্ট। সমাগত লোকসভা নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ পৰিব তেনে সম্ভাৱনাও প্ৰবল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in