ৰাভা হাছঙত সৰ্বশক্তিৰে অন্তিম প্ৰচাৰত নামিছে কংগ্ৰেছ-যৌথ সংগ্ৰাম সমিতি

ৰাভা হাছঙত সৰ্বশক্তিৰে অন্তিম প্ৰচাৰত নামিছে কংগ্ৰেছ-যৌথ সংগ্ৰাম সমিতি

ডিজিটেল সংবাদ, কৃষ্ণাইঃ চলিত মাহৰ ২১ তাৰিখে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতা তথা বিষয়বৱীয়াই তীব্ৰ গতিত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাভা হাছং অঞ্চলত নিৰ্বাচনী বতাহ বলা পৰিলক্ষিত হৈছে। যোৱা ১৪ জানুৱাৰীত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন উকলি যোৱাৰ লগে লগেই ভোগালী বিহুৰ বতৰতো প্ৰাৰ্থী সকলে নিজ নিজ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।উল্লেখ যে এইবাৰৰ নিৰ্বাচনত ২০১৩ চনৰ নিৰ্বাচনত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬ খন আসনৰ ভিতৰত ২৯ খন আসন দখল কৰি দুধনৈত বিগত পাছ বছৰ শাসনত অধিষ্ঠিত হৈ থকা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে এইবাৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

এই মিত্ৰতা অনুসৰি গোৱালপাৰা জিলাৰ ২ নং কোঠাকুঠি আৰু ১৫ নং আগিয়া পৰিষদীয় সমষ্টিৰ লগতে কামৰূপ জিলাৰ ৩০ নং বামুনীগাও সমষ্টি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে ভাৰতীয় জনতা পাৰ্টীলৈ এৰি দিয়ে। ফলত প্ৰায়বোৰ সমষ্টিতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মাজত পোনপটীয়া প্রতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত হৈ পৰিছে। উল্লেখ যে বৰ্তমান ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই প্ৰতিনিধিত্ব কৰা ৭নং দক্ষিণ দুধনৈ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছাৰ্ভেশ ৰাভাই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আনহাতে ছয় নং উত্তৰ দুধনৈ সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ তাপস কুমাৰ দে ৰ বিপৰীতে নিৰ্বাচনত অৱতীৰ্ণ হৈছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী থুলেশ্বৰ কছাৰী।

৩নং ধুনুভাঙা পৰিষদীয় সমষ্টিত কংগ্ৰেছৰ দলৰ গৌৰীকান্ত ৰাভা আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী ফনিন্দ্ৰ ৰাভাৰ মাজত প্রতিদ্বন্দ্বিতা হব। ৮ নং বান্দৰ্ষি সমষ্টিত প্ৰতিদণ্ডী প্ৰাৰ্থী সকল হৈছে যৌথ সংগ্ৰাম সমিতিৰ দিৱানিঠা মাৰাক আৰু কংগ্ৰেছ দলৰ নাছা কে চাংমা। ৪ নং ৰংজুলি পৰিষদীয় সমষ্টি (জনজাতি সংৰক্ষিত ) কংগ্ৰেছ দলৰ প্ৰাৰ্থী কৃষ্ণ কান্ত ৰাভা ৰ বিপৰীতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী হৈছে সহদেৱ ৰাভা। উল্লেখ যে ১ নং ধূপধৰা পৰিষদীয় সমষ্টিত তিনি গৰাকী প্ৰাৰ্থী য়ে প্ৰতিদণ্ডিতাত অৱতীৰ্ণ হৈছে।

প্ৰাৰ্থী কেইজন হৈছে যৌথ সংগ্ৰাম সমিতিৰ মল্লিকা বনিক্য, কংগ্ৰেছ দলৰ ৰুমী নাথ আৰু অসম গণ পৰিষদ দলৰ শুকুন্তলা ৰাভা। ১৬ নং দ্বাৰকা পৰিষদীয় সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ হৰিশ চন্দ্ৰ ৰাভা আৰু কংগ্ৰেছৰ এগনেছ মাৰাক, ১৭নং বৰদামাল-কল্যানপুৰ সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মিথু ৰাভাৰ মাজত পোনপটীয়া প্ৰতিদণ্ডিতা হব। ১৮ নং দাৰিদুৰী পৰিষদীয় (জনজাতি মহিলা) সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ জোনালী ৰাভা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাৰাবালা ৰাভাই প্ৰতিদণ্ডিতাত অৱতীৰ্ণ হৈছে।

১২ নং ডিৰ্মাজাখিলী পৰিষদীয় সমষ্টিত প্ৰতিদণ্ডিতাত অৱতীৰ্ণ হৈছে যৌথ সংগ্ৰাম সমিতিৰ চাৰুমোহন ৰাভা আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী বাবুল ৰাভাই। ১৩ নং পূৱ অজগড় পৰিষদীয় (জনজাতি সংৰক্ষিত ) সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী কৰ্নেশ্বৰ ৰাভাৰ বিপৰীতে কংগ্ৰেছ দলৰ হেমলতা ৰাভাই তীব্ৰ প্ৰতিদণ্ডিতাত অৱতীৰ্ণ হৈছে। আনহাতে ১৪ নং জিনাৰী পৰিষদীয় সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী দেৱান মোমিনৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাবে প্ৰতিদণ্ডি প্ৰাৰ্থী হৈছে মেৰিলেন্ড ডি মাৰাক । ৯ নং মাজ-জাখিলি পৰিষদীয় সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰবোধ কলিতা আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী অৰবিন্দ ৰায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ১৫ নং আগিয়া পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সুচিত্ৰা নাথ, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কৰবী দাস আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জয়মতী সূত্ৰধৰে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।

১৯ নং দদান পৰিষদীয় সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বেনুধৰ ৰাভাৰ বিপৰীতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ জ্যোতিকা ৰাভা আৰু নিৰ্দলীয় প্ৰাৰ্থী ফ্লৰিথা ডি মোমিনে নিৰ্বাচনী যুজত অৱতীৰ্ণ হৈছে। ইপিনে ২০ নং জয়ৰামকুছি (জনজাতি সংৰক্ষিত ) পৰিষদীয় সমষ্টিত ৫ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। প্ৰাৰ্থী সকল ক্ৰমে কংগ্ৰেছৰ হীৰা বসুমতাৰী, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মধুৰাম ৰাভা, নিৰ্দলীয় প্ৰাৰ্থী সীতাৰাম ৰাভা, নৱজ্যোতি বসুমতাৰী আৰু লাচিত ৰাভা ।

অহা ২১ জানুৱাৰীত ভোটগ্ৰহণ হৱলগীয়া নিৰ্বাচনৰ বাবে প্ৰতিদণ্ডি ৰাজনৈতিক দল তথা প্ৰাৰ্থী সকলে নিৰ্বাচনী প্ৰচাৰ কাৰ্য অতি তীব্রতৰ কৰি তুলিছে। গোৱালপাৰা জিলাৰ শেহতীয়া নিৰ্বাচনী প্ৰতিচ্ছবি অনুসৰি জিলাখনৰ প্ৰায় আটাইবোৰ পৰিষদীয় সমষ্টিতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে প্ৰচাৰৰ দিশত কংগ্ৰেছ তথা অন্যান্য ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলৰ তুলনাত যঠেষ্ট তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে । অৱশ্যে ২০১৩ বৰ্ষৰ নিৰ্বাচনত কংগ্ৰেছ দলে দখল কৰিবলৈ সমৰ্থ হোৱা গোৱালপাৰা জিলাৰ ধূপধৰা আৰু আগিয়া পৰিষদীয় সমষ্টিৰ লগতে আৰু কেবাটাও সমষ্টিত এইবেলিৰ নিৰ্বাচনত কংগ্ৰেছ দলে দখল কৰিবলৈ সমৰ্থ হৱ বুলি কংগ্ৰেছৰ বিষয়ববীয়াই আশা প্ৰকাশ কৰিছে।

আনহাতে জিলাখনত প্ৰাৰ্থীত্ব দিয়া দুয়োটা সমষ্টিতে বিজেপি দলেও অনায়াসে দখল কৰিব বুলি যঠেষ্ট আত্মবিশ্বাসেৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে। উল্লেখ যে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই নিজা প্ৰতিদণ্ডিতা কৰা দক্ষিণ দুধনৈ পৰিষদীয় সমষ্টিৰ লগতে মিত্ৰদল ভাৰতীয় জনতা পাৰ্টীলৈ এৰি দিয়া আন আন সমষ্টি সমূহতো তীব্ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে বহু কেইগৰাকী শীৰ্ষ নেতাই আগিয়া, কোঠাকুঠি, মাজ-জাখিলি পৰিষদীয় সমষ্টিৰ উপৰিও কেবাটাও সমষ্টিৰ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টীৰ লগতে যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সকলোক জয়যুক্ত কৰাৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাৰ জৰিয়তে আহ্বান জনায় ভোটাৰ ৰাইজক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in