ৰাভা হাছং পৰিষদৰ নিৰ্বাচন, মনোনয়ন পত্ৰ দাখিল ৫১ প্ৰাৰ্থীৰ …

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, কৃষ্ণাইঃ অহা ২১ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ শুকুৰবাৰে মনোয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন ৷ ৰাভা হাছং পৰিষদৰ সৰ্বমুঠ ৩৬ টা পৰিষদীয় সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাত ২০ টা পৰিষদীয় সমষ্টিত আজি ৫১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷

ইয়াৰে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ ১৮ গৰাকী প্ৰাৰ্থী, কংগ্ৰেছৰ ১৮ গৰাকী, বিজেপিৰ ২ গৰাকী, অগপৰ ২ গৰাকী আৰু নিৰ্দলীয় ১১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ অহা ২১ জানুৱাৰীত বেলট পেপাৰ পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ২৮ জানুৱাৰীত নিৰ্বাচনৰ গগণা তথা ফলাফল ঘোষণা কৰিব নিৰ্বাচন আয়োগে ৷

উল্লেখ্য যে, গোৱালপাৰা জিলাত ৩৯১ খন গাওঁক সামৰি লোৱা ৰাভা হাছং এলেকাত মুঠ ২০ টা সমষ্টিত ভোটাৰৰ সংখ্যা ২,২১,২৩৪ গৰাকী ৷ ইয়াৰে মুঠ পুৰুষৰ সংখ্যা ১,০৯,৮৯৬, মহিলাৰ ১,১১,৩৩০ আৰু তৃতীয় লিংগ ৮ গৰাকী ভোটাৰ ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in