ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ


ডিজিটেল সংবাদ বকোঃ বুধবাৰৰ পৰা দুদিনীয়াকৈ কামৰূপ জিলাৰ বকোত আয়োজন কৰা গৰু আৰু গাহৰি পালনৰ প্ৰশিক্ষণ বৃহস্পতিবাৰে সামৰণি পৰে ।ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ২০১৯-২০ বৰ্ষৰ বিত্তীয় সাহাৰ্যৰে কামৰূপ জিলা পশু চিকিৎসা বিভাগে বকো বন্দাপাৰাৰ জনতা সংঘৰ প্ৰেক্ষাগৃহত ৮ টা আত্মসহায়ক গোটক গৰু আৰু গাহৰিৰ পালনৰ প্ৰশিক্ষণ দিয়ে।

প্ৰশিক্ষণৰ শেষত বৃহস্পতিবাৰে আত্মসহায়ক গোট কেইটাৰ মাজত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই গাহৰি পোৱালি আৰু গৰু বিতৰণ কৰে । লগতে গৰু আৰু গাহৰিৰ প্ৰয়োজনীয় খাদ্য, ঔষধ আৰু খাদ্য দিয়াৰ বাবে বাচন-বৰ্তনো দিয়ে ।

বুধবাৰৰ অনুষ্ঠানত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য কল্পৰাম ৰাভা, পঞ্চমী ৰাভা,কামৰূপ জিলা পৰিষদৰ সদস্য সভাৰাম ৰাভা, গড়াল নিৰ্মাণ কামত জৰিত ধীৰাজ কুমাৰ ৰাভা, পশু চিকিৎসা বিভাগৰ বিষয়া ডাঃ অৰুণ শৰ্মা, ডাঃ হৃদয় তালুকদাৰ , ডাঃ তপদ দাস, ডাঃ হেমন্ত কুমাৰ ডেকাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in