অবিশ্বাস্য! দগমগীয়া আঙঠাৰ ওপৰত নৃত্য কৰি পৰম্পৰা ৰক্ষা…

অবিশ্বাস্য! দগমগীয়া আঙঠাৰ ওপৰত নৃত্য কৰি পৰম্পৰা ৰক্ষা…

ডিজিটেল সংবাদ, কৃষ্ণাইঃ ৰাভা জনগোষ্ঠীয় লোক সকলে পৰম্পৰাগতভাৱে উদযাপন কৰি অহা জাতীয় উৎসৱ বায়খো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকা এই বেলিও কৃষ্ণাইৰ পশ্চিম দায়ৰেঙত উদযাপন কৰা হয়৷ মূলতঃ কৃষিৰ লগত জড়িত ৰাভা জনগোষ্ঠীৰ বায়খো উৎসৱৰ জৰিয়তে বায়খো দেৱীক পূজা অৰ্চনা কৰি বছৰটো মঙ্গলময় হোৱাৰ লগতে খেতি পথাৰৰ শস্য যাতে বাধা বিঘিনী তথা অনিষ্ট নোহোৱাকৈ চপাব পাৰি তাৰ বাবে প্ৰাৰ্থনা কৰা হয়৷

বায়খো পূজাৰ অন্যতম আকৰ্ষণীয় দিশটো হৈছে জলন্ত আঙঠাৰ ওপৰত নৃত্য৷ অগ্নিপিণ্ডৰ ওপৰত কৰা নৃত্য চাবলৈ দৰ্শক তথা ভক্তৰ হেতা ওপৰা লাগে৷ ৰাভা ভাষাত আঙঠাৰ ওপৰত কৰা নৃত্যক 'বাৰ নাকায়' বুলি কোৱা হয়৷ পবিত্ৰতাৰ প্ৰতীক হ'ল এই 'বাৰ নাকায়'।

প্ৰচলিত কথা অনুসৰি, আদিম ৰাভা সকলে জীয়াই থকাৰ তাড়ণাত বিভিন্ন সময়ত শত্ৰু পক্ষৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিল আৰু যুদ্ধৰ পৰা উভতি অহাৰ পিছত গাঁৱৰ লোকসকলে এনেদৰে যুদ্ধলৈ যোৱা পুৰুষৰ অগ্নি পৰিক্ষা কৰিছিল। পৰীক্ষাৰ অন্তত পৰম্পৰাৰ অনুসৰি জোঙা (পৰম্পৰাগত পনীয়) আপ্যায়ন কৰি আদৰি লৈছিল যোদ্ধাসকলক৷

বায়খো পূজাৰ অন্য এটা দিশ হ'ল- কিল্লা ভঙা, লেৱা টনা৷ মুলতঃ শক্তি দেৱীক আৰাধনা কৰা এই পূজাৰ লেৱা টনা (ৰাভা ভাষাত লেৱা বুকায়) আৰু কিল্লা ভাঙাৰ জৰিয়তে আদিম ৰাভা লোকসকলে যুদ্ধলৈ যোৱাৰ পূৰ্বে শক্তি দেৱীক আৰধনা কৰি এক অলৌকিক শক্তি লাভৰ প্ৰাথৰ্না জনাইছিল।

আনহাতে কৃষিজীৱী ৰাভা লোকসকলে কৃষক জীৱনত বিভিন্ন সময়ত লেৱা টনা খেল খেলি আনন্দ স্ফূৰ্তি কৰা দেখা যায়৷ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পশ্চিম দায়ৰঙৰ ৰাইজে প্ৰতি বছৰে এই উৎসৱ পালন কৰি আহিছে৷ শনিবাৰৰ পৰা আৰম্ভ হোৱা বায়খো উৎসৱৰ দেওবাৰে সামৰণি পৰে৷ ৰাভা জনগোষ্ঠীৰ এই জাতীয় উৎসৱ বায়খোলৈ বিভিন্ন স্থানৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সোঁত বোৱা পৰিলক্ষিত হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in