বৰহোলাত কোভিড ভেকচিনৰ নাটনি,দ্ৰুত সংক্ৰমণে আতংকিত কৰিছে হাজাৰ হাজাৰ ৰাইজক…

বৰহোলাত কোভিড ভেকচিনৰ নাটনি,দ্ৰুত সংক্ৰমণে আতংকিত কৰিছে হাজাৰ হাজাৰ ৰাইজক…

ডিজিটেল সংবাদ,বেকাজান : তিতাবৰ সমষ্টিত কোৰোণাৰ মহামাৰীত নিতৌ বিশ পঁচিশ গৰাকীকৈ আক্ৰান্ত হৈ সম্প্ৰতি নতুন নতুন গাঁৱলৈ ভয়ংকৰ ৰূপত সংক্ৰমিত হোৱাত আতংকিত হৈ পৰিছে জনসাধাৰণ । ইয়াৰ সমান্তৰালকৈ যোৰহাট জিলা স্বাস্থ্য বিভাগে বৰহোলা, বেকাজান আৰু ৰাইডাংজুৰি চিকিৎসালয়ত বিগত এসপ্তাহ ধৰি কোভিড ভেকচিন প্ৰদান নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে ।

বৰহোলা , বেকাজান আৰু ৰাইডাংজুৰি চিকিৎসায়ললৈ দৈনিক বহু বয়সস্থলোক কোভিড প্ৰতিষেধক লবলৈ গৈ উভতি আহিব লগা হৈছে । উল্লেখ্য যে ৰাইজে ভেকচিন কেতিয়া আহিব বুলি চিকিৎসালয়ৰ কৰ্তৃপক্ষক প্ৰশ্ন কৰিলে যোৰহাট জিলা স্বাস্থ্য বিভাগে ভেকচিন যোগান নাই বুলি কয় । জানিব পৰামতে যোৰহাট জিলা স্বাস্থ্য বিভাগে বিভিন্ন ৰোগত আক্ৰান্ত বয়সস্থলোকক কোভিড প্ৰতিষেধক প্ৰদান নকৰি দুখন মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলক প্ৰদান কৰিছে । যাৰ বাবে বৰহোলা, বেকাজান , ৰাইডাংজুৰি , ইকৰানি ৰজাবাহৰ আৰু মাধপুৰৰ অঞ্চলৰ ৰাইজ কোভিড ভেকচিন ৰ পৰা বঞ্চিত হব লগা হৈছে ।

কোৰোণাৰ এনে জটিল পৰিস্থিতিত যোৰহাট জিলা স্বাস্থ্য বিভাগৰ এনে হঠকাৰী পদক্ষেপক বৰহোলাৰ ৰাইজে প্ৰতিবাদ জনাইছে । বৰহোলাৰ ৰাইজে কৈছে যে যিসময়ত কোৰোণাৰ দ্বিতীয় ঢৌ এক প্ৰকাৰ মৃত্যুৰ দূতত পৰিণত হৈছে তেনে সময়ত হাজাৰ হাজাৰ জটিল ৰোগত আক্ৰান্ত বয়সস্থলোক কোভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। গতিকে এইসকল বয়সস্থলোক যিমান পাৰি সোনকালে ভেকচিন প্ৰদান কৰিব লাগে ।

কিন্তু তাকে নকৰি যোৰহাটৰ জিলা স্বাস্থ্য বিভাগে বৰহোলাৰ ৰাইজক বঞ্চিত কৰাতো দুৰ্ভাগ্যজনক কথা হৈছে । ইফালে তিতাবৰ মহকুমা প্ৰশাসনে সপ্তাহিক বজাৰত মাস্ক পৰিধান নকৰাকৈ মুকলিকৈ ঘুৰি ফুৰা লোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আশ্বৰ্য প্ৰকাশ কৰিছে ।

তদুপৰি একাংশ লোকে কভিড বিধি নমনাৰ বাবে বিৰিনাশায়েক পঞ্চায়তত কালি দিনটোত ১২ গৰাকীৰ লোক কোৰোণাত আক্ৰান্ত হয় । অৱশেষত যোৰহাট জিলাৰ উপায়ুক্তই তিতাবৰ মহকুমা প্ৰশাসনক গাঁৱ দুখনক কণ্টেইমেণ্টন জ'ন ঘোষণা কৰি সম্পূৰ্ণ ছীল কৰি দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in