কিমান পঢ়া কুইন ওজা? মেট্ৰিক নে এইচ.এছ পাছ, কোনটো সঁচা…

কিমান পঢ়া কুইন ওজা? মেট্ৰিক নে এইচ.এছ পাছ, কোনটো সঁচা…

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ শিক্ষাগত অৰ্হতাক লৈ সৃষ্টি হৈছে চৰ্চা। প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিলৰ সময়ত উল্লেখ কৰিছে তেওঁৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি। কৃষ্ণকাণ্ড সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা কুইন ওজাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কথা উল্লেখ কৰিছে যদিও, তেওঁৰ শিক্ষাগত অৰ্হতাক লৈ সূত্ৰপাত হৈছে বিতৰ্কৰ।

মনোনয়ন দাখিল কৰা শপতনামাত শিক্ষাগত অৰ্হতা শিতানত তেওঁ লিখিছে উচ্চতৰ মাধ্যমিক পৰীক্ষা কৃষ্ণকাণ্ড সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা বুলি। কিন্তু লক্ষণীয় কথা হ'ল- এই বিশ্ববিদ্যালয়খনত নাই তেনে কোনো পাঠ্যক্ৰম। মুক্ত বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ বিপৰীতে বেচেল'ৰ প্ৰিপেৰেট'ৰী প্ৰগ্ৰাম চমুকৈ বিপিপি বুলিহে এটা পাঠ্যক্ৰম আছে।

২০১১চনত তেওঁ এই পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱা বুলি উল্লেখ কৰিছে যদিও, বিশ্ববিদ্যালয়খনত তেতিয়া সেই পাঠ্যক্ৰমৰ সময়সীমা আছিল মাত্ৰ ৬ মাহ। অৱশ্যে পৰৱৰ্তী সময়ত সেই পাঠ্যক্ৰম ২ বছৰীয়া কৰা হৈছিল যদিও, ২০১৭-১৮চনৰ পৰা এই পাঠ্যক্ৰম বন্ধ কৰি দিয়া হৈছে। তেনেস্থলত ৬ মাহতে এইগৰাকী প্ৰাৰ্থীয়ে কেনেকৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ল তাক লৈ প্ৰশ্ন উঠিছে।

উল্লেখযোগ্য যে, ২০১১চনত কুইন ওজাই অসম বিধানসভা নিৰ্বাচনত অগপ দলৰ প্ৰাৰ্থী হিচাপে পূব গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই সময়ত কুইন ওজাই নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিছিল শপতনামা। ২৩ মাৰ্চ, ২০১১ত দাখিল কৰা ১১পৃষ্ঠাৰ শপতনামা এয়া-

২০১১চনত বিধানসভা নিৰ্বাচনত কুইন ওজাই শপতনামাত দাখিল কৰা শিক্ষাগত অৰ্হতা…
২০১১চনত বিধানসভা নিৰ্বাচনত কুইন ওজাই শপতনামাত দাখিল কৰা শিক্ষাগত অৰ্হতা…

তাত উল্লেখ থকা মতে, কুইন ওজাই ১৯৬৮চনত পানবজাৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কথাহে উল্লেখ আছে। অৰ্থাৎ ২০১১চনত দাখিল কৰা শপতনামাত কুইন ওজা আছিল মেট্ৰিক উত্তীৰ্ণ। কিন্তু একেগৰাকী কুইন ওজাই ২০১৯চনত দাখিল কৰা শপতনামাত তেওঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি দেখুওৱা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে। বিৰোধীয়ে এই সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নিৰ্বাচন আয়োগে এতিয়া এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in