শেহতীয়া খবৰ
কোৰোনাত আক্ৰান্ত হৈ কি ক'লে ভাস্কৰজ্যোতি মহন্তই...  •  ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

অজগৰৰ নেজেৰে কাণ খজুৱাই তৃপ্তি লাভ কৰে এইগৰাকী বন বিষয়াই…

522

ডিজিটেল সংবাদ, ওৰাংঃ এডাল প্ৰকাণ্ড অজগৰ সাপক লৈ এজন ব্যক্তিয়ে খেলা কৰিছে৷ লোকজন শোণিতপুৰৰ মিছামাৰীৰ গাভৰু বন কাৰ্যালয়ৰ বনকৰ্মী৷ কিন্তু অজগৰ সাপৰ নেজ কিয় কাণত লগাই তেওঁ কাণ পৰিস্কাৰ কৰিছে। সেয়া চাবৰ বাবে বহুলোকে ভিৰ কৰেহি লোকজনৰ চাৰিওকাষে।

উল্লেখ্য যে, সোমবাৰে শোণিতপুৰ জিলাৰ মিছামাৰীত এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয়। মিছামাৰীৰ ভাৰতীয় সেনা ছাউনীৰ ৫১০৪ নম্বৰত প্ৰকাণ্ড অজগৰ সাপডাল বিচৰণ কৰি থকা সেনা জোৱানসকলে প্ৰত্যক্ষ কৰে। পাছত ঘটনাৰ সন্দৰ্ভত সেনাৰ জোৱানসকলে গাভৰু খণ্ড বন বিষয়া কাৰ্যালয়ত খবৰ দিয়াত বনকৰ্মীসকল ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি সোনাই-ৰূপাই অভয়াৰণ্যত এৰি দিয়ে।

সাপডালৰ দৈৰ্ঘ্য প্ৰায় ৭-৮ ফুট আৰু ওজন প্ৰায় ২০-২৫ কিলোগ্ৰাম ওজন। ইফালে, এগৰাকী বনকৰ্মীৰ অদ্ভুত কাণ্ড দেখিবলৈ পোৱা গ’ল। গাভৰু খণ্ড বন বিভাগৰ কাৰ্যালয়ত কৰ্মৰত বনৰক্ষী গম্ভীৰ ডেকাই অজগৰৰ নেজেৰে কাণ খজুৱালে। সাপৰ নেজেৰে কাণ খজুৱালে কাণৰ বেমাৰ ভাল হয় বুলি ককা-আইতাৰ মুখত শুনিছিল আৰু সেই বিশ্বাস অনুসৰি তেনে কাৰ্য কৰা বুলি ডেকাই সদৰী কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি