ডিঙিত মেৰিয়াই ধৰিলে ১০ ফুট দীঘল প্ৰকাণ্ড অজগৰে, তাৰ পিছত… VIDEO

ডিঙিত মেৰিয়াই ধৰিলে ১০ ফুট দীঘল প্ৰকাণ্ড অজগৰে, তাৰ পিছত… VIDEO

ডিজিটেল ডেস্কঃ অজগৰ বুলি ক'লেই প্ৰতিজন লোকৰে কিছু পৰিমাণে হলেও ভয় থাকে। অজগৰৰ প্ৰতি ভয় থকাটো স্বাভাৱিক। পিছে এইবাৰ এনে এজন ব্যক্তিৰ কথা কবলৈ লৈছো যিজন ব্যক্তিৰ ডিঙিত এডাল প্ৰকাণ্ড অজগৰ। দৃশ্যটো দেখিলে আপুনিও আচৰিত হ'ব। কাৰণ মৰিবলৈ কাৰনো মন যায়। অথচ লোকজনে কোনো ভয় কৰা নাই। ঘটনাটো সংঘটিত হৈছে কেৰেলাত।

প্ৰায় ১০ ফুট দীঘল এডাল প্ৰকাণ্ড অজগৰে এজন ৬১ বছৰীয়া লোকৰ ডিঙিত মেৰিয়াই ধৰে। মঙলবাৰে পুৱা প্ৰায় ১১ বজাত এই ঘটনা সংঘটিত হৈছে। এজন শ্ৰমিকৰ ডিঙিত মেৰিয়াই ধৰিছিল অজগৰ ডালে। ততাতৈয়াকৈ ওচৰতে থকা কেইজনমান লোক আহিহে কোনোমতে শ্ৰমিকজনক সহায় কৰিবলৈ সক্ষম হয়।

'Kerala Institute of Co-operative Management (KICMA)'ত শ্ৰমিকজনে কাম কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। ডিঙিত অজগৰে মেৰিয়াই ধৰা লোকজনৰ নাম ভূবনেশ্বৰ নেয়াৰ। এই ঘটনাত কিছু পৰিমাণে আহত হৈছে লোকজন। ঘটনাৰ কথা অৱগত হৈ পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে অজগৰটোক অৰণ্যৰ মাজত এৰি দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in