পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. ১৮ অক্টোবৰঃ আজি ইতিহাস প্ৰসিদ্ধ ফুলগুৰি ধেৱাই কৰিলে ১৫৯ বৰ্ষ অতিক্ৰম…

বিদেশী ইংৰাজ চৰকাৰৰ শোষণ- শাসন, নিস্পেষণৰ বিৰুদ্ধে ১৮৬১ চনত (১৮ অক্টোবৰ) এক জংগী কৃষক বিদ্ৰোহ হৈছিল নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত। সেই বিদ্ৰোহ ফুলগুৰি ধেৱা নামেৰে খ্যাত। ইংৰাজ আৰু চিপাহীবোৰে তেতিয়া বিদ্ৰোহক ধাৱা বুলি অভিহিত কৰিছিল আৰু সেই ধাৱা অপভ্ৰংশ ৰূপত প্ৰচলিত হ'ল ধেৱা ৰূপে। উপযুক্ত নেতৃত্ব অবিহনেই জিলাখনৰ বিভিন্ন অঞ্চলৰপৰা কৃষকসকল স্বতঃস্ফুৰ্তভাৱে আহি সংঘটিত কৰা এই বিদ্ৰোহে অসমত কৃষক বিদ্ৰোহ, আন্দোলনৰ পাতনি মেলিছিল। নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা ৰহাৰ পৰা ৮ কি.মি পূৱে অৱস্থিত ফুলগুৰি বৰআঁহত তলতে ১৮৬১ চনৰ ১৮ অক্টোবৰ তাৰিখে সংগঠিত হৈছিল ফুলগুৰি ধেৱাৰ মূল ৰণ।

২. গোৱালপাৰাত সন্ধানহীন যুৱকৰ মৃত্যু

দূৰ্ঘটনাত নিহত হোৱা নাছিল পিংকু দাসৰ ।পূৰ্ব পৰিকল্পিত ভাবে হত্যা কৰিছিল পিংকু দাসক।এতিয়া এই দাবী কৰিছে নিহত পিংকু দাসৰ পৰিয়ালে । গোৱালপাৰা জিলাৰ নৰনাৰায়ণ সেতু আৰক্ষী পহৰা চকীৰ ওচৰতে থকা খাৰবুজাৰ ১৭ নং ৰাষ্ট্রীয় ঘাইপথৰ শুকুৰবাৰে কাষতে এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হয় ।

৩. মিথুন চক্ৰৱৰ্তীৰ পুত্ৰৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু

বলীউডৰ কিংবদন্তি অভিনেতা মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ মহা অক্ষয় ওৰফে মিমোহৰ বিৰুদ্ধে এগৰাকী মহিলাই ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগকাৰী মিমোহৰ মাতৃ(মিথুনৰ পত্নী) আৰু প্ৰাক্তন অভিনেত্ৰী যোগিতা বালীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে। অভিযোগকাৰী মহিলাগৰাকীয়ে দাবী কৰিছে যে তেওঁ ২০১৫ৰ পৰা মিমোহৰ সৈতে সম্পৰ্কত আছিল।

৪. ধেমাজি মহিন্দ্ৰা ফাইনেন্স পাইভেট কোম্পানীত কৰ্মৰত যুৱক বিজিত গগৈ দূৰ্ঘটনাত মৃত্যু, মহিন্দ্ৰা ফাইনেন্সৰ স্বত্বাধিকাৰীয়ে লোৱা নাই চিকিৎসা দায়িত্ব…

ধেমাজি চাৰিআলিস্হ মহিন্দ্ৰা ফাইনেন্স পাইভেট কোম্পানীত কৰ্মত বিজিত গগৈ(৩২)নামৰ এজন কৰ্মচাৰীয়ে দূৰ্ঘটনা হৈ পোন্ধৰ দিন পৰ্যন্ত চিকিৎসাধীন হৈ শেষত মৃত্যু হোৱা পিছতো কৰ্মৰত মহিন্দ্ৰা ফাইনেন্স কোম্পানীটোৱে কোনো গুৰুত্ব নিদিয়াত ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

৫. কোৰোনাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি এ,অ' এবি ব্লাড গ্ৰুপৰ মানুহৰ

সাম্প্ৰতিক সময়ৰ গৱেষণাত দেখা গৈছে যে, কৰ'ণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি এ,অ' এবি ব্লাড গ্ৰুপৰ মানুহৰ।ইয়াৰ বিষয়ে প্ৰথম গৱেষণা কৰিছে ইউনিভাৰ্চিটি অফ চাদাৰ্ন ডেনমাৰ্ক আৰু এডভাঞ্চ হাস্পাতালৰ গৱেষকৰ। তাৰ বিপৰীতে অনুসৰি যাৰ ব্লাড গ্ৰুপ অ', সেয়াও নেগেটিভ বা পজিটিভ হ'ব পাৰে, তেওঁলোকৰ কৰ'ণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক।এক বৃহৎ অংকৰ মানুহৰ ওপৰত এই পৰীক্ষা চলোৱা হৈছিল।

৬. ২২ অক্টোবৰত মুকলি কৰা হ'ব গণেশগুৰিৰ ফ্লাইঅভাৰ

২২ অক্টোবৰত মুকলি কৰা হ'ব গণেশগুৰিৰ ফ্লাইঅভাৰ। বিষ্ণু প্ৰসাদ ৰাভা উৰণীয়া সেতুৰ দ্বিতীয় খণ্ডৰ নিৰ্মাণ সম্পূৰ্ণ। সংবাদমেলত এই কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৭. ক্ষিপ্ৰ গতিত ভেকচিন দিয়াৰ ব্যৱস্থা কৰকঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ…

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী বৰ্ষ বৰ্ধনে এদিন পূৰ্বে ৬ মাহৰ ভিতৰত কোৰোনাৰ ভেকচিন ভাৰতত উপলদ্ধ হ'ব বুলি কোৱাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভেকচিন সন্দৰ্ভত আজি সমীক্ষামূলক বৈঠক অনুষ্ঠিত কৰে৷ভেকচিন প্ৰস্তুত হোৱাৰ পিছত ক্ষিপ্ৰ গতিত ভেকচিন দিয়াৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰীয়ে৷ পঞ্চায়তৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু সকলো নাগৰিকক লগত লৈ টিকাকৰণ ব্যৱস্থা কৰিবলৈ নিৰ্বাচনী ব্যৱস্থাৰ দৰেই সক্ৰিয় হ'বলৈ কয়৷

৮. চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক 'উদিত সূৰ্য্য'-২০২০ বঁটা প্ৰদান

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক গ্ৰীণ আচিয়ানা ৱেলফাৰ চ'ছাইটি নামৰ সংস্থাটোৱে 'উদিত সূৰ্য্য ২০২০ বটা' প্ৰদান কৰে শনিবাৰে। বিশ্বনাথৰ বিহালীৰ মোনাবাৰীত শনিবাৰে অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান৷ অনুষ্ঠানত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি এই বঁটা আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰে৷

৯.  অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত উত্তেজনা অব্যাহত

অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত উত্তেজনা অব্যাহত। হস্তনিৰ্মিত বোমা বিস্ফোৰণ মিজো দুষ্কৃতিকাৰীৰ, গুৰুতৰভাবে আহত ১। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষী উপস্থিত ঘটনাস্থলীত। মিজো দুষ্কৃতিকাৰীয়ে জ্বলালে অসমৰ ৩খনকৈ দোকানো।

১০. নিশা কামপুৰত সুৰামত্ত চিকিৎসকৰ গুণ্ডাগিৰি…

নিশা কামপুৰত সুৰামত্ত চিকিৎসকৰ গুণ্ডাগিৰি। সুৰাসক্ত চিকিত্সকজনে তীব্ৰবেগত নিজৰ গাড়ীৰে খুন্দা মাৰে এজন বৃদ্ধক। ইমানেই নহয়, ঘটনাস্থলীলৈ যোৱা সংবাদিককো আক্ৰমণ কৰে চিকিত্সকজনে। আৰু ইয়াকে লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in