শেহতীয়া খবৰ
ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...

পুৱাৰ খবৰ…

১. ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৰিয়া চক্ৰৱৰ্তীক…

সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান আৰু নিজে সেৱন কৰাৰ অপৰাধত এন চি বিয়ে গ্ৰেপ্তাৰ কৰা ৰিয়াক ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ন্যায়ালয়ে ৰিয়াৰ অধিবক্তাই দাখিল কৰা বেইল আবেদন খাৰিজ কৰিছে। এতিয়া ১৪দিন কাৰাগাৰতে দিন কটাব লাগিব অভিনেত্ৰীগৰাকী।

২. কংগ্ৰেছলৈ BJPৰ প্ৰাক্তন বিধায়ক

কংগ্ৰেছলৈ BJPৰ প্ৰাক্তন বিধায়ক৷ মৰাণৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণে যোগদান কৰিব কংগ্ৰেছত৷ কাইলৈ গুৱাহাটীত কংগ্ৰেছত যোগদান কৰিব মৰাণে৷ ২০১১ত ডুমডুমা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ আহিছিল দিলীপ মৰাণ৷ ইপিনে অৱসৰপ্ৰাপ্ত বিক্ৰীকৰ বিষয়া দাদুল বৰকটকীয়েও যোগ দিব কংগ্ৰেছত৷ দাদুল বৰকটকীয়ে বিচাৰিছে চতিয়া সমষ্টিৰ টিকট৷

৩. আকৌ আহিব জনপ্ৰিয় ম’বাইল গেম PUBG!

বিগত সপ্তাহত ১১৮টা চীনা এপ নিষিদ্ধ ঘোষণা কৰিছে ভাৰত চৰকাৰে। ইয়াৰ ভিতৰত আছে জনপ্ৰিয় গেম পাবজি। কিন্তু পাবজি খেলি ভাল পোৱাসকলৰ বাবে আছে এটা ভাল খবৰ। পাবজি কৰ্প’ৰেচনে এক অফিচিয়েল বিজ্ঞপ্তি জাৰি কৰিছে। বিজ্ঞপ্তিত কোৱা হৈছে যে পাবজি নিষিদ্ধ কৰাৰ সমগ্ৰ বিষয়টোৰ ওপৰত সক্ৰিয়ভাৱে বিবেচনা কৰি থকা হৈছে। লগতে এয়াও নিশ্চিত হৈছে যে ভাৰতত PUBG Mobileৰ ওপৰত Tencent Gamesৰ কন্ট্র’ল নোহোৱা কৰি ইয়াৰ সকলো পাব্লিছিং দায়িত্ব পাবজি কৰ্প’ৰেচনৰ হাতলৈ আহিব। ইয়াৰ অৰ্থ হ’ল দক্ষিণ কোৰিয়াৰ গেমিং কোম্পানীয়ে ইয়াৰ দায়িত্ব ল’ব, আৰু এয়া হ’লে শীঘ্ৰে দেশত পাবজিৰ নিষেধাজ্ঞা আঁতৰোৱা হ’ব পাৰে।

৪. স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা সিদ্ধান্তৰ বিৰোধিতা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা আগন্তুক ২২  ছেপ্টেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰৰ। মুন তালুকদাৰে কয় যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এয়া হঠকাৰী সিন্ধান্ত লৈছে। শিক্ষাৰ্থীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ পৰীক্ষা সূচী প্ৰস্তুত কৰিবলৈ দাবী জনাই স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

৫. ২১ ছেপ্টেম্বৰৰ পৰা নৱম-দ্বাদশ শ্ৰেণীৰ পাঠদান হব আৰম্ভ…

শিক্ষানুষ্ঠানত পাঠদান সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা। ২১ ছেপ্টেম্বৰৰ পৰা নৱম-দ্বাদশ শ্ৰেণীৰ পাঠদান খোলা থাকিব। চাৰিওটা শ্ৰেণীৰ শিক্ষাৰ্থী যাব পাৰিব বিদ্যালয়লৈ। স্বেচ্ছাই যাব স্কুললৈ, কোনো বাধ্যবাধকতা নাই।

৬. অৰুণাচলৰ নিৰুদিষ্ট ৫ যুৱকৰ সন্ধান চীনত…

অৰুণাচলৰ নিৰুদিষ্ট ৫ যুৱকৰ সন্ধান চীনত। মেকমোহন লাইনৰ সিপাৰে আছে যুৱককেইজন।হটলাইন মেছেজত বাৰ্তা প্ৰেৰণ চীনা সেনাৰ।

৭. বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত প্ৰায় ৯০হাজাৰ…

বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে প্ৰায় ৯০হাজাৰগৰাকী লোক। এই সময়চোৱাত ১,১০৮গৰাকী কোৰোনা ৰোগী মৃত্যু হৈছে। আশাৰ কথাতো হৈছে, এই সময়চোৱাত ৭৫হাজাৰ কোৰোনা ৰোগী সুস্থ হৈছে।

৮. কমা নাই কোৰোনাৰ প্ৰকোপ…

মহানগৰীত হ্ৰাস পোৱা নাই কভিড আক্ৰান্তৰ সংখ্যা। মঙলবাৰে গুৱাহাটী মেট্ৰত ৭২৯জন আক্ৰান্ত হৈছে। কোৰোণাত অসমত নতুনকৈ ২৫৭৯ জনৰ দেহত কোৰোণা।

৯. ‘বহু জনপ্ৰিয় নেতাই অগপত যোগদানৰ বাবে মন মেলিছে।’- মন্ত্ৰী কেশৱ মহন্ত

‘মহামান্য ন্যায়ালয়ৰ নিৰ্দেশনাৰ কোনো স্বীকৃতিপ্ৰাপ্ত কপি আমি এতিয়াও পোৱা নাই। আমি সংবাদ মাধ্যমৰ জৰিয়তহে জানিব পাৰিছো। কিন্তু মহামান্য ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। সেয়ে আমি বিশ্বাস কৰো ন্যায়ালয়ে আমাকো ন্যায় প্ৰদান কৰিব ।’- নগাঁৱত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সদৰী কৰিলে এই কথা।

১০. দৰঙত ক’ভিড আক্ৰান্তৰ সংখ্যা ৩০৬৭ জনলৈ বৃদ্ধি পালে ।

দিন যোৱাৰ লগে লগে কৰ না মহামাৰীয়ে গ্ৰাস কৰি আহিছে মানৱ জাতিক। ৰাজ্যৰ লগতে দৰং জিলাতো বাঢ়ি গৈ আছে মহামাৰী কৰ না মহামাৰী ৰ গ্ৰাস। প্ৰতি দিনে বাঢ়ি গৈ আছে কভিড আক্ৰান্ত ৰ সংখ্যা। জিলা স্বাস্থ্য বিভাগে মঙলবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে মঙলবাৰে দিনৰ ভাগত জিলাখনৰ ৪৮ জন লোক আক্ৰান্ত হৈছে ক’ভিডত। এই সকলক ধৰি দৰঙত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩০৬৭ জনলৈ বৃদ্ধি পালে। আনহাতে মঙলবাৰ পৰ্যন্ত জিলাখনৰ পৰা ২৪৬১ জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি