পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২১৬৯৭৬জনলৈ বৃদ্ধি

অসমত আকৌ ১৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা  ১৬৯৭৬জনলৈ পাইছে বৃদ্ধি। ইফালে, ৰাজ্যত এতিয়ালৈকে সুস্থ হৈছে ২১৩৪৯২জন লোক। আনহাতে, মৃত্যু হাছে ১০৭৭জন লোক।

২. শনিবাৰে বৃদ্ধি ইন্ধনৰ মূল্য

দেশত প্ৰেট্ৰল আৰু ডিজেলৰ দাম শনিবাৰে বছৰটোৰ সকলোতকৈ বৃদ্ধি পাইছে । প্ৰেট্ৰলিয়াম বিপনন কোম্পানীয়ে এই সপ্তাহত চতু্ৰ্থ বাৰৰ বাবে বৃদ্ধি কৰিছে ইন্ধনৰ মূল্য। প্ৰেট্ৰলিয়াম বিপনন কোম্পানীৰ অধিসূচনা অনুসৰি, শনিবাৰে প্ৰেট্ৰল আৰু ডিজেলৰ দুয়ো বিধৰে মূল্য প্ৰতিলিটাৰ ২৫ পইচাকৈ বৃদ্ধি পাইছে।

৩. বিলাসীপাৰাত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

বিলাসীপাৰাৰ সাপাতগ্রামত পথ দুৰ্ঘটনাক কেন্দ্র কৰি উত্তেজনা। বালি কঢ়িওৱা ট্রাকে মহতিয়ালে ১০ বছৰীয়া ছাত্রক। নিহত ছাত্রজন বালাপাৰা ১ম খণ্ডৰ গাঁৱৰ মাহমাদুল হাছান। দুৰ্ঘটনাৰ পিছতে উত্তেজতি হৈ পৰে একাংশ ৰাইজ। উত্তেজিত জনতাই জ্বলাই দিয়ে ৩খন বালি কঢ়িওৱা ট্রাক। জ্বলাই দিয়ে শিল-বালি মহলৰ অস্থায়ী কাৰ্যালয়ো। ছাত্রজনৰ মৃতদেহ লৈ পথ অৱৰোধ উত্তেজিত ৰাইজৰ। ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোক মোতায়েন।

৪. নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী অৰ্থাৎ পৰাক্ৰম দিৱস শনিবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কলকাতাত এই দিৱসত অংশগ্ৰহণ কৰে। কলকাতাত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথমে উপস্থিত হয় নেতাজী ভৱনত। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় ১৫ মিনিট সময় তাত কটায়।

৫. জয় শ্ৰীৰাম ধ্বনিৰ পাছতে পৰাক্ৰম দিৱসত ভাষণ নিদি আঁতৰি গ'ল মমতা দিদি

যেতিয়া কলকাতাত অনুষ্ঠিত পৰিক্ৰমা দিৱসৰ অনুষ্ঠানত মমতা বেনাৰ্জীক ভাষণ দিবলৈ আমন্ত্ৰণ কৰা হৈছিল সেই সময়তে অনুষ্ঠানটিত উপস্থিত একাংশ লোকে 'জয় শ্ৰীৰাম' ধ্বনি দিয়ে আৰু তাৰপাছতেই ক্ষোভিত হৈ পৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকী।তেওঁ কয়- 'চৰকাৰী অনুষ্ঠানবোৰৰ সন্মান থাকিব লাগে। এয়া কোনো ৰাজনৈতিক দলৰ অনুষ্ঠান নহয়। কলকাতাত প্ৰধানমন্ত্ৰী মোডী আৰু সাংস্কৃতিক মন্ত্ৰালয়ে উক্ত অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে মই কৃতজ্ঞ। কিন্তু কাৰোবাক নিমন্ত্ৰণ কৰি অপমান কৰা আপোনালোকক শোভা নিদিয়ে। ইয়াৰ প্ৰতিবাদত মই একো নকওঁ। জয় হিন্দ, জয় বাংলা।'

৬. ননৈৰ সৰিয়হতলীত ম'হ যুঁজ প্ৰতিযোগিতা

ভোগালী বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি নগাঁও জিলাৰ ননৈ কুমাৰগাঁৱৰ সৰিয়হতলী পথাৰত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় ২০ সংখ্যক ম'হ যুঁজ প্ৰতিযোগিতা । উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্তেও ভোগালীৰ আনন্দ-উলাহ আৰু পৰম্পৰাক আওকাণ কৰিব নোৱাৰি ননৈ সৰিয়হতলী আঞ্চলিক ম'হযুজঁ উদযাপন সমিতিয়ে আনুষ্ঠানিকভাৱে কালিৰ পৰা দুদিনীয়াকৈ ম'হযুঁজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।

৭. জোনবিল মেলাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ স্বাক্ষৰ অভিযান

তিৱা সকলৰ সম্প্ৰীতি উৎসৱ জোনবিল মেলাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণ-স্বাক্ষৰ অভিযান আৰম্ভ কৰে। জোনবিল মেলাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাঁও জিলা সমিতিৱে জোনবিল মেলাত এটি অস্থায়ী কাৰ্য্যালয় স্থাপনৰ জৰিয়তে এই স্বাক্ষৰ অভিযান আৰম্ভ কৰে।

৮. বিশিষ্টা সমাজ সেৱিকা লক্ষী গোস্বামীৰ মৃত্যু

শনিবাৰে পুৱা ইহঃসংসাৰ ত্যাগ কৰে গুৱাহাটী মহানগৰীৰ হাতীগড় চাৰিআলিৰ নিবাসী সৰবৰহী মহিলা লক্ষী গোস্বামীয়ে। বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত মহিলাগৰাকী সকলোৰে প্ৰিয় আছিল। ১০টা মান সামাজিক অনুষ্ঠানৰ মুল সংঘটক ৰূপে গুৰি ধৰা এই গৰাকী বিশিষ্টা মহিলাৰ গুৱাহাটীৰ অগ্ৰণী মহিলা কল্যাণ কেন্দ্ৰ মাতৃ কল্যাণৰ সভানেত্ৰী আছিল।

৯. নলবাৰীত স্পেকট্ৰাম গুৰুকুলৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

নলবাৰী চহৰৰ চ'ক বজাৰস্থিত বিজ্ঞান শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান স্পেকট্ৰাম গুৰুকুলৰ প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভাখন বৃহস্পতিবাৰে নলবাৰী নাট্য মন্দিৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হয়৷ কবি-নিবন্ধকাৰ জিতেন্দ্ৰ কুমাৰ জৈনে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিশিষ্ট নাট্যকাৰ-নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ গোপাল কলিতা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদ, দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা উৎপল চক্ৰৱৰ্তী, গুৰুকুলৰ সঞ্চালক অভিষেক বৰুৱা, শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ডঃ প্ৰাণ কৃষ্ণ দাস আদি উপস্থিত থাকে৷

১০. ২৬ জানুৱাৰীত কৃষকৰ ট্ৰেক্টৰ ৰেলীলৈ অনুমতি প্ৰদান

অৱশেষত দিল্লীৰ কৃষকৰ দৃঢ়তাই উফৰালে সকলো চৰকাৰী অভিসন্ধি। কৃষক সকলে বিগত সময়ছোৱাত অৱ্যাহত ৰখা কৃষক আন্দোলনে ইতিমধ্যে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। উল্লেখ্য যে, কৃষক সকলে শনিবাৰে দিল্লী আৰু এনচিআৰৰ আৰক্ষীৰ সৈতে এক বৈঠকত মিলিত হয় আৰু সকলো অনিশ্চয়তাৰ পিছত অৱশেষত এই বৈঠকত আৰক্ষীয়ে গণতন্ত্ৰ দিৱসত কৃষকৰ ট্ৰেক্টৰ ৰেলীক বিষয়টোত সন্মতি প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in