পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত ২১৬৭৪৩জনলৈ বৃদ্ধি

অসমত আকৌ ৫৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত বুধবাৰৰ দিনটোত সুস্থ হৈছে ৪০জন লোক। ইফালে, মৃত্যু হৈছে দিনটোত এজন লোকৰ। এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৭৪৩জনলৈ পাইছে বৃদ্ধি। আনহাতে, সুস্থ হৈছে ২১২৬৭২জন লোক। উল্লেখ্য যে, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৬৫জনলৈ বৃদ্ধি পাইছে।

২. ৰাজ্যত উৰুকা উদযাপন, সকলোৱে খাইছে একেলগে এসাজ

বুধবাৰে উৰুকা। কোৰোনা মহামাৰীৰ মাজতো নৱবৰ্ষত উৰুকা উপলক্ষে ৰাজ্যবাসীৰ মাজত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ। উৰুকাত এসাজ লগে ভাগে খোৱাৰ বাবে বুধবাৰে বজাৰত ব্যস্ত দেখা গ'ল জনসাধৰণক। দিনৰ ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰ সমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয়।

৩. ধোদৰ আলি চাৰিলেনযুক্ত পথলৈ উন্নিত কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে বুধবাৰে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এক স্মাৰক পত্ৰ। এই স্মাৰকপত্ৰত জ্যেষ্ঠ সাংবাদিক গোস্বামীয়ে ঐতিহাসিক ধোদৰ আলি চাৰিলেনযুক্ত পথলৈ উন্নিত কৰাৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কমাৰগাঁৱত স্বৰ্গদেউ গদাধৰ সিংহৰ প্ৰতিমূৰ্তিৰে এখন উদ্যান স্থাপনৰ অনুৰোধ জনায়। উল্লেখ্য যে, ধোদৰ আলি ৬শ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম পথ। ডিব্ৰুগড়ৰ জয়পুৰৰ পৰা চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাক সংলগ্ন কৰি কমাৰগাঁৱলৈ ২১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক পথচোৱৱা আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল।

৪. কাজিৰঙাত সমীপতে ৰিজৰ্ট নিৰ্মাণ, অৱমাননা উচ্চতম ন্যায়ালয়ৰ ৰায়

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে এখন ৰিজৰ্টৰ নিৰ্মাণ কাৰ্য চলি থকা হৈছে। যি কাৰ্যই অমান্য কৰিছে উচ্চতম ন্যায়ালয়ে এনিমেল কৰিড'ৰত যিকোনো নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ ৰায়ৰ। স্থানীয় প্রশাসনে এই সন্দৰ্ভত বন বিভাগৰ ওপৰত আঙুলি উঠোৱাৰ বিপৰীতে বন বিভাগে আকৌ ইয়াৰ বাবে স্থানীয় প্রশাসনৰ দোষী বুলি ক'ব খোজে। উল্লেখ্য যে, ২০১৯চনত বন্যপ্ৰাণী প্ৰেমী ৰোহিত চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এক আৱেদন। উচ্চতম ন্যায়ালয়ে তেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰ কাষত আৰু কাৰ্বি আংলং পাৰ্বত্য ৰেঞ্জত সকলো খনন কাৰ্যকলাপসমূহ স্থগিত ৰখাৰ বাবে কৈছিল।

৫. কোকৰাঝাৰৰ ভাৰত-ভূটান সীমান্তত উত্তপ্ত পৰিস্থিতি

কোকৰাঝাৰ ভাৰত-ভূটান সীমান্তত উত্তেজনা । ভাৰত-ভূটান সীমান্তৰ সৰলপাৰা গৰাইবাজাৰত উৰুকাৰ দিনাই গুলীচালনা । বেদখলকাৰী আৰু বনবিভাগৰ মাজত সংঘাত । বেদখলকাৰীক প্ৰতিহিত কৰিবলৈ গুলীচালনা । বন বিভাগৰ বাহন ভাঙি চুৰমাৰ । ইতিমধ্যে আৰক্ষীৰ বিশাল বাহিনী উপস্থিত ।

৬. উৰুকাত সামুহিক মৎস্য চিকাৰত ব্যস্ত বিধায়িকা আঙুৰলতা ডেকা

উৰুকাৰ সামূহিক মৎস্য চিকাৰ কৰাৰ যি ঐতিহ্যময় পৰম্পৰা আছিল সেই গ্ৰাম্য জীৱনৰ চহকী পৰম্পৰাক জীপাল কৰি আজি হাতে হাতে পল', জাকৈ – খালৈ লৈ নাৱত উঠি চাৰিপুনীয়া বিলত মাছ ধৰিবলৈ লাগিল বিধায়িকা আঙুৰলতা ডেকা। ৰৌ- মিৰিকা- চিতল – মাছ ধৰি উৎফুল্লিত বিধায়িকা আঙুৰলতাই বটদ্ৰৱাৰ মহিলা সকলৰ লগত একেলগে গালে বিহু। অসমৰ থলুৱা সংস্কৃতিৰ অজানা কথাবোৰ স্বচক্ষে প্ৰত্যক্ষ কৰি অসমৰ গ্ৰাম্যজীৱনৰ জীৱন যাত্ৰাক লগত ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ প্ৰস্তুতিত এইদৰে ব্যস্ত হৈ পৰিছে বিধায়িকা আঙুৰলতা ৷

৭. ১৬ জানুৱাৰীৰ পৰা কোভিড ভেকচিনৰ টীকাকৰণ

ভাৰতত ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব কোভিড ভেকচিনৰ টীকাকৰণ । সকলো ৰাজ্যত টিকাকৰনৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে।ভাৰত বায়'টেকৰ কোভিড ভেকচিন 'কোভিক্সিন' প্ৰথম পৰ্যায়ত হায়দৰাবাদৰ পৰা দিল্লীৰ লগতে দহ খন চহৰলৈ প্ৰেৰন কৰা হৈছে। বুধবাৰে ৰাতিপুৱা প্ৰেৰণ কৰা হয় এই ভেকচিন সমূহ । ইফালে চিৰাম ইনষ্টিটিউটে মঙলবাৰে মঙলবাৰে পুনেৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰন কৰিছিল কোভিশ্বিল্ড । 'কোভিক্সিন' ভেকচিন ইয়াৰ ইণ্ডিয়াৰ বিমানেৰে দিল্লীলৈ প্ৰেৰন কৰা হয় । ইয়াত ৮০.৫ কিলোগ্ৰামৰ তিনিটা বাকচ আছে ।

৮. ঋষভ পন্টৰ অভিযোগত আচৰিত স্মিথ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয় খন টেষ্ট ড্ৰ' হোৱাৰ পিছত দুয়োটা দল ছিডনীৰ পৰা ব্ৰীচবেনত উপস্থিত হয় । দুয়োটা দলৰ মাজত আৰম্ভ হোৱা শীতল যুদ্ধও ছিডনীৰ পৰা ব্ৰীচবেনলৈ আহে । তৃতীয় ষ্টেষ্টত ষ্টীভ স্মিথে ঋষভ পন্টৰ গাৰ্ড চিহ্ন নষ্ট কৰাৰ চেষ্টা কৰিছিল । অৱশ্যে, স্মিথে এনে অভিযোগত আচৰিত হৈ পৰিছিল। অষ্ট্ৰেলিয়াৰ পূৰ্বৰ কেপ্টেইন ষ্টীভ স্মিথে তৃতীয় টেষ্টৰ অন্তিম দিনা বেটছমেনৰ গাৰ্ড চিহ্নৰ ভৰিৰে নষ্ট কৰা গৈছিল। টেষ্টখনৰ অন্তিম দিনত ঋষভ পন্টে এক আকৰ্ষিত ৯৭ ৰানৰ ইনিংছ খেলিছিল,ভাৰতে বিজয়ৰ বাবে ৪০৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিছিল আৰু শেষত, পৰীক্ষাটো ড্ৰ হৈছিল ।

৯. মঙলদৈত উৰুকাত মাছৰ বজাৰত হাজাৰ হাজাৰ গ্ৰাহকৰ ভিৰ

উৰুকাত এসাজ লগে ভাগে খোৱাৰ বাবে বজাৰত ব্যস্ত ৰাজ্যৰ জনসাধৰণ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ সমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে ।বুধবাৰে মঙলদৈৰ বজাৰতো গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে । মঙলদৈ মাছৰ বজাৰত মাছ কিনিবলৈ ওলাই আহিছে হাজাৰ হাজাৰ গ্ৰাহক । যাৰ ফলত ৰাতিপুৱাৰে পৰা মঙলদৈ মাছৰ বজাৰত গ্ৰাহক ভিৰ পৰিলক্ষিত হৈছে ।উৰুকাত মাছৰ বজাৰত ভিৰ । মঙলদৈত থলুৱা মাছেৰে ভৰি পৰিছে মাছ বজাৰ। ৰৌ, ভকুৱা, চিতল, আৰি, বৰালি আদি ভিন ভিন মাছেৰে ভৰি পৰিছে বজাৰ।

১০. দেশৰ ৫ ৰাজ্যৰ বাবে অৰেঞ্জ এলাৰ্ট ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

প্ৰচণ্ড শীতে কোপাইছে দিল্লী-এনছিআৰ অঞ্চল সমূহৰ লগতে সমগ্ৰ উত্তৰ ভাৰত । শীতৰ লগতে উত্তৰ ভাৰত কুঁৱলীয়ে ঢাকি ৰাখিছে । দিল্লীত বুধবাৰ নিম্নতম তাপমাত্ৰা ৪.৮ ডিগ্ৰী ছেলছিয়াছ । ইফালে বুধবাৰৰ দিনটোত দেশৰ ৰাজধানী ঘন কুঁৱলীয়ে আবৰি ৰাখিছে । পঞ্জাৱ, হাৰিয়ানা,উত্তৰাখণ্ড,জম্মু আৰু কাশ্মীৰ, স্থান, উত্তৰাখণ্ডতো নামিছে প্ৰচণ্ড শীত। পৰৱৰ্তী চাৰিৰ পৰা পাঁচ দিনৰ বাবে শীতৰ সম্ভাৱনা প্ৰকাশ কৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। দিল্লীসহ পঞ্জাৱ, হাৰিয়ানা, চণ্ডিগড় আৰু ৰাজস্থানত শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি ভৱিষ্যতবাণী কৰিছে বতৰ বিজ্ঞান বিভাগে । 

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in