পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২১৬৫৯০জনলৈ বৃদ্ধি

ৰাজ্যত আকৌ ২৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইফালে, দেওবাৰৰ দিনটোত অসমত সুস্থ হৈছে ২৯জন লোক। এতিয়ালৈকে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৫৯০জনলৈ পাইছে বৃদ্ধি। আনহাতে, মৃত্যু হোৱা লোকৰ সংখ্যা ১০৬১জনলৈ বৃদ্ধি পাইছে।

২. জিএমচিএইচৰ অধীক্ষক ৰমেন তালুকদাৰৰ পিতৃৰ দেহাৱসান

গুৱাহাটী চিকিৎসা মহাবিদ্যলয় হস্পিতালৰ এসময়ৰ অধীক্ষক তথা বিশিষ্ট চিকিৎসক ৰমেন তালুকদাৰ পিতৃহাৰা হ'ল । বৰ্তমান বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষৰ দায়িত্বত থকা চিকিৎসক তালুকদাৰৰ পিতৃ ৰাজেন্দ্ৰ নাথ তালুকদাৰে দেওঁবাৰৰ সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি অসুস্থ হৈ থকা ৰাজেন্দ্ৰ নাথ তালুকদাৰে এক্সেল কেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছিল । চিকিৎসালয় খনতে দেওঁবাৰে সন্ধিয়া প্ৰায় ৮.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

৩. পাক ক্ৰিকেটাৰ শ্বোৱেব মালিকৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্বোৱেব মালিকৰ বাহন দুৰ্ঘটনাত পতিত। জানিব পৰা মতে, এই দুৰ্ঘটনাত আহত হোৱা নাই মালিক। তেওঁ সম্পূৰ্ণ ৰূপে সুৰক্ষিত। এই দুৰ্ঘটনাত লাহোৰৰ নেশ্যনেল হাই পাৰফৰ্মেন্স চেন্টাৰত সংঘটিত হৈছে। ইতিমধ্য, এই দুৰ্ঘটনাৰ এটা ভিডিঅ'ও ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত শ্বোৱেহ মালিকৰ বাহনখন সম্পূৰ্ণ ৰূপে দুৰ্ঘটনাত পতিত হোৱা পৰিলক্ষিত হৈছে। কিন্তু সৌভাগ্যক্ৰমে মালিক আহত হোৱা নাই।

৪. লখিমপুৰত হিৰ'ইমসহ গ্ৰেপ্তাৰ এজনক

লখিমপুৰৰ বান্দৰদেৱাত দেওবাৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক হিৰণ্য পাটৰৰ নেতৃত্বত চলা অভিযানত সন্দেহযুক্ত ১৫.৪০ গ্ৰাম হিৰ'ইন আৰু ২৮ টা খালি কন্টেইনাৰ সহ মিঠুন পাটিৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো গ্ৰেপ্তাৰ কৰা হয় ৷ বদতিৰ দুই নম্বৰ দহঘৰীয়াৰ মিঠুন পাটিৰে দেওবাৰে বিয়লি অৰুণাচলী একাংশ ড্ৰাগছ আসক্ত যুৱকক ড্ৰাগছ বিক্ৰী কৰি থকা সময়তে আৰক্ষীয়ে হাতে লোতে আটক কৰিবলে সক্ষম হয় ৷

৫. ৩৩তম গুৱাহাটী গ্ৰন্থমেলাৰ অন্তিমটো দিন

৩০ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে গুৱাহাটী গ্ৰন্থমেলা।আনহাতে ১২ দিনীয়াকৈ চলা ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ এইটো দ্বিতীয়টো দেওবাৰ। বিগত দিনবোৰৰ দৰে শেষৰ দিনটোতো গ্ৰন্থমেলাত কমা নাই পঢ়ুৱৈৰ ভিৰ। এই শেষৰ দিনটোতো গ্ৰন্থমেলা লোকে লোকাৰণ্য পৰিৱেশ। প্ৰতিখন বিপনীত বিৰ দি বাট নোপোৱা ভিৰ। দৰাচলতে চাকৰিয়াল সকলে সপ্তাহটোৰ শেষৰ দিনটোলৈ ৰৈ থাকে মানুহ। বন্ধ দিনটোত প্ৰিয় কিতাপখন সংগ্ৰহ কৰিবলৈ ৰৈ থাকে সকলো। হাতত অফুৰন্ত সময়।

৬. ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব কোভিড টীকাকৰণ অভিযান

১৬ ডিচেম্বৰ, ২০২০ৰ পৰা ভাৰতত আৰম্ভ হ'ব কোভিড-১৯ ভেকচিন অভিযান । এই অভিযানত প্রথম পৰ্যায়ত ৩ কোটি লোকক দিয়া হ'ব ভেকচিন। এই ৩ কোটি লোকত আছে ক্ৰমে স্বাস্থ্য কৰ্মী আৰু ফ্ৰন্টলাইন ৱ'ৰ্কাৰসকল। আৰু তাৰপাছত প্রথম পৰ্যায়ত আন ২৭ কোটি লোকক দিয়া হ'ব টীকাকৰণ।

৭. বৰপেটাৰ চেঙাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ

 "বিজেপি বিৰোধী সকলো দলৰ লগত অসম জাতীয় পৰিষদৰ মিত্ৰতা নহয় ।ৰাষ্ট্ৰীয়তাবাদী আৰু সাম্প্ৰদায়িক মনোভাবাপন্ন কোনো দলৰ সৈতে আমি মিত্ৰতা নকৰোঁ। কিন্তু আঞ্চলিকতাবাদী ভোট বিভাজন ৰোধ কৰা হ'ব । আঞ্চলিকতাবাদী শক্তি একত্ৰিত কৰাৰ স্বাৰ্থত সকলো কৌশল আৰু নীতি নিৰ্ধাৰণ কৰা হৈছে ।"- দেওবাৰে বৰপেটা জিলাৰ চেঙাত উপস্থিত হৈ এইদৰে মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ।

৮. শতজানত পক্ষী মহোৎসৱ

"অ' পক্ষী ৰৈয়া যা অ' পক্ষী কৈয়া যা অ"- লোক সংগীতৰ শিল্পী ,কামৰূপী লোকগীতৰ সম্ৰাট প্ৰয়াত ৰামেশ্বৰ পাঠকৰ লোকগীতৰ কথা প্ৰতিফলিত হৈছে লখিমপুৰৰ শতজান জলাশয়ত৷ মনৰ কথা ক'বলৈ পক্ষনুসাৰে শতজানলৈ আগমণ ঘটিছে দেশ-বিদেশৰ পৰিভ্ৰমী পক্ষীৰ ৷ দেশে দেশে মনৰ বতৰা কঢ়িয়াই লৈ ফুৰিছে হোৱাইট হৰ্ণ থ্ৰিল ,ৰেড হৰ্ণ পকাৰ্ড ,পেলিকান আদি পখীয়ে ৷

৯. ডুমডুমাত অগ্নিদগ্ধ হৈ দম্পতীৰ মৃত্যু

ডুমডুমাৰ চাহ বাগিচাত শোকাৱহ ঘটনা। শিলিখা চাহ বাগিচাত অগ্নিদগ্ধ হৈ মৃত্যু দম্পতীৰ। মৃত স্বামী মহেশ ভূমিজ, পত্নী মণিকা ভূমিজ। এতিয়ালৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

১০. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীসৰ শপতগ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশে দেওবাৰে শপত গ্ৰহণ কৰে। নতুন মুখ্য ন্যায়াধীশ হিচাপে পাঠ কৰিলে শপত বাক্য। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত ল'লে সুধাংশু ঢুলিয়াই। নতুন মুখ্য ন্যায়াধীশগৰাকীক শপত বাক্য পাঠ কৰোৱালে উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in