পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত আকৌ ৪১জনৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ

মঙলবাৰে ৰাজ্যত আকৌ ৪১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।  ইয়াৰে ১৩জন কামৰূপ মেট্ৰ'ৰ বুলি চিনাক্ত। ইফালে, অসমত সুস্থ হৈছে ৫০জন লোক। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈছে সংখ্যা ২১২২৪৬জন লোক। আনহাতে, মৃত্যু হোৱা লোকৰ সংখ্যা ১০৫৭জনলৈ পাইছে বৃদ্ধি।

২. হাতীগাঁৱত আৰক্ষীৰ অভিযান, ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনিজনক

ড্ৰাগছৰ বিৰুদ্ধে পান বজাৰ আৰক্ষীৰ অভিযান। অভিযানত জব্দ বিশাল পৰিমাণৰ  নিষিদ্ধ ড্ৰাগছ। হাতীগাঁৱৰ ৰহমান নগৰত চলাইছিল অভিযান। অভিযানকালত জব্দ হেৰ'ইনৰ ৭২টা কন্টেইনাৰ। লগতে ৭৪৬১টা ছেমপেক্স টেবলেট। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তিনিজন ড্ৰাগছ ব্যৱসায়ীক।

৩. অভিনেত্ৰী মীৰা বিশ্বাসৰ দেহাৱসান

প্ৰখ্যাত অভিনেত্ৰী তথা জনপ্ৰিয় অভিনেত্ৰী সীমা বিশ্বাসৰ মাতৃ মীৰা বিশ্বাসৰ পৰলোক। সৰাপাত ছবিখনত প্রথম অভিনয় কৰিছিল তেওঁ। ছবিখন আনোৱাৰ হুছেইন কৰিছিল পৰিচালনা। নলবাৰীৰ প্ৰথম মহিলা শিল্পী আছিল তেওঁ। তেওঁৰ অন্তিমখন ছবি আছিল 'ৰত্নাকৰ'। দিপা মেহতা পৰিচালিত হিন্দী ছবি ৱাটাৰতো অভিনয় কৰিছিল মীৰা বিশ্বাসে।

৪. ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত 'তৰুণ গগৈ' শীৰ্ষক গ্ৰন্থ উন্মোচন

গ্রন্থমেলাৰ বাকৰিত 'তৰুণ গগৈ' শীৰ্ষক গ্রন্থ উন্মোচন। গ্রন্থখন উন্মোচন কৰে তৰুণ গগৈৰ পুত্র গৌৰৱ গগৈয়ে। প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ জীৱনৰ বহু কথা আছে গ্রন্থখনত। গ্রন্থখন লিখি উলিয়াইছে যুৱ লেখক নিৰ্মল ডেকাই। পাঞ্চজন্য প্রিণ্টিং এণ্ড পাব্লিচিঙে প্রকাশ কৰি উলিয়াইছে গ্রন্থখন।

৫. প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ সন্ধানহীন

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ সন্থানহীন। ১৬ বছৰীয়া অমিতৰাজ দৈমাৰী সন্ধানহীন হৈ আছে। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। এছ পি ৰাকেশ ৰোশ্বনৰ নেতৃত্বত অব্যাৰত ৰাখিছে সোধ-পোছ। ইতিমধ্যে চিচিটিভিৰ ফুটেজে চাইছে আৰক্ষীয়ে।

৬. বিজেপি চৰকাৰ সংখ্যালঘু মুছমান বিৰোধীঃ বদৰুদ্দিন আজমল

যমুনামূখ সমষ্টিৰ মোৰাঝাৰত নিজা ভূমিত বিধায়ক আৱাস গৃহৰ আধাৰশিলা স্থাপন কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত আজমলে শাসকীয় বিজেপি দল আৰু চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয় যে , বিজেপি চৰকাৰ সংখ্যালঘু মুছলমান বিৰোধী ,দেশ আৰু জাতি বিৰোধী । সংখ্যালঘু মুছলমানক বিজেপি চৰকাৰে হিংসাৰ চকুৰে চাইছে। সংখ্যালঘু মুছলমানক সকলো ধৰণৰ সা সূবিধাৰ পৰা বঞ্চিত ৰখা , সংখ্যালঘু মুছলমান অঞ্চলত উন্নয়ণমূলক কাম কাজ বন্ধ কৰি ৰাখি সকলো ক্ষেত্ৰত বঞ্চনা কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপণ কৰে সাংসদ বদৰুদ্দিন আজমলে

৭. ব্ৰিটেইনত পুনৰ লকডাউন

ব্ৰিটেইনত লকডাউন ঘোষনা । প্ৰধান মন্ত্ৰী বৰিছ জনচনে ঘোষনা কৰে লকডাউন। প্ৰধানমন্ত্ৰী গৰাকীয়ে সোমবাৰে কয় যে – ইংলেণ্ডৰ প্ৰায় ৫৬ মিলিয়ন লোক সম্পূৰ্ণ বন্ধলৈ ঘূৰি আহিব। দ্ৰুত ভাবে বিয়পি পৰা কোৰোনাক প্ৰতিহত কৰিবলৈ সম্ভবত ফেব্ৰুৱাৰীৰ মাজভাগলৈকে এই লকডাউন বলবৎ থাকিব। সকলো বিদ্যালয় বুধবাৰৰ পৰা বন্ধ থাকিব । ব্ৰিটেইনত কৰোনা ভাইৰাছৰ ফলত সৰ্বাধিক মৃত্যুৰ হাৰৰ বাবে জনসংখ্যাৰ প্ৰায় কিছু সংখ্যক লোক ইতিমধ্যে কঠিন নিষেধাজ্ঞাৰ সন্মুখীন হৈছে।

৮. অভিনেত্ৰী জাহ্নৱতী কাপুৰে ২৩ বছৰ বয়সতে নিজা উপাৰ্জনৰে ক্ৰয় কৰিলে ৩৯ কোটি টকীয়া বাসগৃহ

২৩ বছৰীয়া জাহ্নৱী কাপুৰে শেহতীয়াকৈ নিজৰ উপাৰ্জনেৰে কিনিছে এটা ঘৰ। মুম্বাইত নতুনকৈ ক্ৰয় কৰা এই ঘৰটোৰ মূল্য প্ৰায় ৩৯কোটি। মুম্বাইৰ জুহু নামৰ অঞ্চলটোত আছে এই ঘৰটো। ২০২০ৰ ডিচেম্বৰ মাহতে এই ঘৰটো কিনাৰ বাবে চুক্তি কৰিছিল জাহ্নৱীয়ে। ৭ ডিচেম্বৰত এই চুক্তি ফাইনেল কৰিছিল তেওঁ। প্ৰাপ্ত খবৰ অনুসৰি, এই ঘৰটো তিনিটাকৈ মহলাৰ লগতে আছে বিশাল এখন ফুলনিও।

৯. ২০২১ৰ প্রথমটো দিনত বিশ্বজুৰি ৩৭১৫০০টি শিশুৰ জন্ম

নৱবৰ্ষৰ প্ৰথমটো দিনত সমগ্ৰ বিশ্বত ৩,৭১,৫০০টা শিশুৰ জন্ম হয় । ভাৰতত আটাইতকৈ বেছি শিশুৰ জন্ম হয় । ভাৰতত প্ৰায় ষাঠি হাজাৰ শিশুৰ জন্ম হয় । এই তথ্য প্ৰকাশ কৰে ইউনিচেফে । ২০২১ বৰ্ষৰ প্ৰথমটো শিশু ফিজিত জন্ম হোৱাৰ লগতে শেষৰটো শিশু আমেৰিকাত জন্ম হৈছে । ইউনিচেফে প্ৰকাশ কৰা অনুসৰি নতুন বৰ্ষৰ প্ৰথমটো দিনত সমগ্ৰ বিশ্বত প্ৰায় ৩,৭১,৫০৪টি শিশুৰ জন্ম লাভ কৰে।

১০. ৫ কোটি কোভিড ভেকচিন সাজু

ছিৰাম ইষ্টিটিউটে প্ৰস্তুত কৰা কোৰোনা ভেকচিন এষ্টাজেনেকা বিক্ৰীৰ বাবে অনুমোদন লাভ কৰাৰ পাছত ভেকচিনৰ মূল্যৰ সন্দৰ্ভত ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে। এছ আই আইয়ে শেহতীয়াকৈ সদৰি কৰা অনুসৰি, ভেকচিনৰ এটা ড'জ ২১৯-২৯২টকা হব যদিও সেই ভেকচিন বজাৰত ৪৩০-৫৮৪টকাৰ বিনিময়ত কিনিব পাৰিব গ্ৰাহকসকলে। প্ৰতিষ্ঠানটোৱে বৰ্তমানলৈকে ৫কোটি ডজ ভেকচিন প্ৰস্তুত কৰিছে। প্ৰতিষ্ঠানটোৱে সদৰি কৰা অনুসৰি এই ভেকচিন খিনি ভাৰতৰ লগতে চুবুৰীয়া দেশ সমূহত বিক্ৰী কৰা হব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in