পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৪৯৪৫জনলৈ বৃদ্ধি

ৰাজ্যত আকৌ ১৪২জনৰ দেহত কোভিড পজিটিভ। ইয়াৰে ৪৯জন কামৰূপ মেট্ৰ'ৰ। অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৪৯৪৫জনলৈ পাইছে বৃদ্ধি। ইফালে, মঙলবাৰে ৰাজ্যত সুস্থ হৈছে ১০২জন ৰোগী। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২১০৩৯৮জন লোক। আনহাতে, চিকিৎসাধীন হৈ আছে ৩৫৪০জন ৰোগী। উল্লেখ্য যে, অসমত কোৰোনাত আক্ৰান্ত হৈ ১০০৪জনৰ হৈছে মৃত্যু।

২. ২০২২ত মহিলা ক্ৰিকেট বিশ্বকাপ

মহিলা ক্ৰিকেট বিশ্বকাপ সন্দৰ্ভত আইচিচিৰ গুৰুত্বপূৰ্ণ ঘোষণা। ২০২২ৰ ৪ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ খেলা হ'ব এই মহিলা টুৰ্ণামেন্ট। নিউজিলেণ্ডত অনুষ্ঠিত হ'ব মহিলা ক্ৰিকেট বিশ্বকাপ। উল্লেখ্য যে, পূৰ্বে এই মহিলা বিশ্বকাপ ২০২১চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত খেলাৰ কথা আছিল যদিও কোৰোনা সৃষ্ট পৰিৱেশৰ বাবে এবছৰ পিচুৱাই দিয়া হয়। এই টুৰ্ণামেন্টৰ ভাৰতৰ মহিলা ক্ৰিকেট দলে ৬ মাৰ্চত মেচ খেলিব।

৩. বোকাজান মহকুমাৰ দণ্ডাধীশ বেমঠৈ আহংবাম চানুৰ দেহাৱসান

নাগালেণ্ডৰ নিকছ হাস্পতালত মৃত্যু হয় বোকাজান মহকুমাৰ দণ্ডাধীশ বেমঠৈ আহংবাম চানুৰ। দুদিন পূৰ্বে হঠাৎ অসুস্থ হৈ পৰিছিল বেমঠৈ আহংবাম চানু৷ মঙলবাৰে হঠাৎ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত এয়াৰ এম্বুলেঞ্চৰ যোগেদি চানুক চেন্নাইলৈ নিয়াৰ যো-জা কৰা হৈছিল। কিন্তু মঙলবাৰে দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে বেমঠৈ আহংবাম চানুৱে। 

৪. কামৰূপ মেট্ৰ'ৰ কোন কোন স্থানত ৩ দিনৰ বাবে ড্ৰাই ডে'

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সন্মুখত। অহা ১৭ ডিচেম্বৰ অর্থাৎ বৃহস্পতিবাৰে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব আৰম্ভ হ'ব। এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই কামৰূপ মেট্ৰ' প্রশাসনে সুৰা বিপনী বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। জিলাখনৰ একাংশ স্থানত অহা ১৬, ১৭ আৰু ১৯ ডিচেম্বৰত বন্ধ থাকিব সুৰা বিপনীসমূহ। খানাপাৰা উৰণীয়া সেঁতুৰ পৰা ক্ষেত্ৰী, পানীখাইতি ৰেল'ৱে ক্ৰছিঙৰ পৰা মৰিগাঁও জিলা সীমান্তলৈ যিবোৰ এলেকা কামৰূপ মেট্ৰ'ৰ অন্তৰ্গত সেই স্থানসমূহৰ কোনো সুৰাৰ বিপনী খুলিব নোৱাৰিব।

৫. কৃষকসকলক পুনৰ বুজাবলৈ চেষ্টা প্রধানমন্ত্ৰী মোডীৰ

কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে অব্যাহত ৰাখিছে আন্দোলন। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুনৰ এবাৰ কৃষকসকলক বুজাবৈ চেষ্টা চলায়। গুজৰাটৰ কচ্ছত প্রধানমন্ত্ৰীগৰাকীয়ে এক আধাৰশিলা স্থাপন অনুষ্ঠান অংশ লৈ কৃষকসকলে কৃষি আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে বিৰোধীক সমালোচনা কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে কয়- 'কৃষকসকলক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা হৈছে। তেওঁলোকক ভয় খুওৱা হৈছে যে, এই কৃষি আইনৰ দ্বাৰা তেওঁলোকৰ ভূমিত আনে কবজা কৰিব। যোৱা বহু বছৰ ধৰি কৃষি আইন সংশোধন কৰাৰ দাবী উত্থাপন হৈ আহিছে…'

৬. ১৬-১৭ ডিচেম্বৰত অসম জাতীয় পৰিষদৰ ৰাজ্যিক অভিৱৰ্তন

ৰাজ্যত নতুন কৈ গঠন হোৱা নৱ আঞ্চলিক দল অসম জাতীয় পৰিষদৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত ১৬ আৰু ১৭ ডিচেম্বৰত । শিবসাগৰৰ বৰ্ডিং স্কুল খেলপথাৰত অনুষ্ঠিত হ'ব এই অভিবৰ্তন । এই অভিবৰ্তনৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে খেলপথাৰ খন । ইফালে অসম জাতীয় পৰিষদৰ এই অভিবৰ্তনতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক লুৰীণ জ্যোতি গগৈ যোগদান কৰিব । গগৈৰ উপৰিও পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকা আৰু বহু ৰাজনৈতিক নেতা অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা ।

৭. টেষ্ট ৰিংকিংঃ দ্বিতীয় স্থানত বিৰাট কোহলী

আইচিচিয়ে মঙলবাৰে প্ৰকাশ কৰে টেষ্ট ৰেংকিংৰ বেটছমেনৰ তালিকা । এই তালিকাত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে দ্বিতীয় স্থান লাভ কৰে । এই ৰেংকিং তালিকাত বিৰাট কোহলীৰ উপৰিও ভাৰতীয় দলৰ সহ অধিনায়ক অজিংকা ৰাহানে আৰু চেতেশ্বৰ পুজাৰা স্থান লাভ কৰে । ইফালে এই ৰেংকিং তালিকাত ষ্টিভ স্মিথে শীৰ্ষ স্থান দখল কৰে ।

৮. অৰ্জুন ৰামপালক পুনৰ এনচিবিৰ চমন

বলিউডৰ ড্ৰাগছৰ ঘটনাৰ তদন্তকাৰী সংস্থা এনচিবিয়ে তেওঁলোকৰ তদন্ত বৰ্তমানেও অব্যাহত ৰাখিছে। মঙলবাৰে এনচিবিয়ে বলিউডৰ অভিনেতা অৰ্জুন ৰামপাললৈ চমন পঠিয়াইছে। তেওঁলোকে ১৬ ডিচেম্বৰত সোধ-পোচৰ বাবে মাতিছে অভিনেতাজনক। উল্লেখ্যযোগ্য যে, ড্ৰাগছৰ ঘটনাত অৰ্জুন ৰামপালক পূৰ্বেও এবাৰ সোধ-পোচ কৰিছিল এনচিবিয়ে।তেওঁলোকে কেইবাঘন্টা ধৰি সোধ পোচ কৰিছিল অভিনেতাজনক। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলিউডৰ ড্ৰাগছ সম্পৰ্কীয় ঘটনাত তদন্ত চলাই আছে এই তদন্তকাৰী সংস্থাটোৱে।

৯. মান্দাৰদিছাত মুকলি টোল প্লাজা

ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ নহওতেই ডিমা হাছাও জিলাৰ মান্দাৰদিছাত আৰম্ভ হ'ল আন এখন টোলপ্লাজা।মান্দাৰদিছাত মঙলবাৰে মুকলি হয় টোল প্লাজাখন।টোলপ্লাজা খনৰ নিৰ্ধাৰিত নিৰীখ অনুযায়ী সৰু যান বাহনৰ এবাৰ যাত্ৰাত ৮৫ টকা তথা অহা যোৱাত ১৩০ টকা, সৰু বাণিজ্যক বাহনৰ এবাৰত ১৪০ টকা তথা এদিনত অহা যোৱাত ২১০ টকা,বাচ আৰু ট্ৰাকৰ এবাৰত ২৯৫ টকা অৰ্থাৎ এদিনত অহা যোৱাত ৪৪০ টকা, থ্ৰী এক্সেল বাণিজ্যিক বাহনৰ বাবে ৩২০ অৰ্থাৎ এদিনত অহা যোৱাত ৪৮০ টকা,ফ'ৰ বা চিক্স এক্সেল বাহনৰ বাবে ৪৬০ টকা অৰ্থাৎ এদিনত অহা যোৱাত ৬৯০ টকা আৰু চেভেন বা অধিক এক্সেলৰ বাহনৰ বাবে ৫৬০ টকা অৰ্থাৎ এদিনত অহা যোৱাত ৮৪৫ টকা ধাৰ্য্য কৰা হৈছে ।

১০. বিশ্বনাথ ঘাটত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ

বিশ্বনাথ ঘাটৰ নতুন গাঁৱৰ মিলন চুবুৰীত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছিল হৰিণটোৱে। অচিনাক্ত জন্তুৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৰিণটিক অঞ্চলৰ ৰাইজে উদ্ধাৰ কৰে। বিশ্বনাথঘাটস্থিত কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ত লৈ গৈ আঘাতপ্ৰাপ্ত হৰিণটিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in