পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১১৪২৭জনলৈ বৃদ্ধি

ৰাজ্যত আকৌ ২২৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ৭০জন কামৰূপ মেট্ৰ'ৰ। এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১১৪২৭জনলৈ পাইছে বৃদ্ধি। ইফালে, ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০৭২১৯জনলৈ বৃদ্ধি পাইছে। আনহাতে, চিকিৎসাধীন হৈ আছে ৩২৩২জন ৰোগী। উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত ৯৭৩জনৰ হৈছে মৃত্যু।

২. লামডিং-লংকা সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

লামডিঙ এছ ট্ৰানিং সমীপতে AS02AB4195 নম্বৰৰ মহিন্দ্ৰা স্কোৰপিও আৰু AS01AD7239 নম্বৰ টাটা চুমু দুয়োখনৰ মুখামুখি সংঘৰ্ষ। টাটা চুমুখনৰ চালক আব্দুল ৱাহিদ থিতাতে নিহত হয়৷ মৃত আব্দুলৰ ঘৰ লংকাৰ দক্ষিন জাৰণি বুলি জানিব পৰা গৈছে৷ আনফালে মহিন্দৰ স্ক্ৰোৰপিয়ত লামডিঙ অভিমূখে অহা ভাৰতীয় জনতা পাৰ্টীৰ হোজাই জিলা পৰিষদৰ সদস্য তথা অধিবক্তা ৰিপু দাস আৰু বাহনখনৰ চালক গুৰুত্বভাৱে আহত হয়।

৩. বিশ্ব মীন দিৱসত দেশৰ ভিতৰতে উজলিল অসম, ৪টাকৈ পুৰস্কাৰ লাভ

মৎস্যখণ্ডত দেখুওৱা উল্লেখনীয় সফলতাৰ স্বীকৃতি হিচাপে নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মীন দিৱসত অসমে চাৰিটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সমৰ্থ হৈছে। মৎস্যপালনত অসমে শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰাৰ লগতে শ্ৰেষ্ঠ জিলা, শ্ৰেষ্ঠ অৰ্ধ-চৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ মৎস্যপালক শিতানতো পুৰস্কৃত হৈছে অসম। মীন, দুগ্ধ আৰু পশুপালন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ চন্দ্ৰ সাৰাংগীয়ে আনুষ্ঠানিকভাৱে এই পুৰস্কাৰসমূহ প্ৰদান কৰে। শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসম চৰকাৰৰ হৈ পুৰস্কাৰ গ্ৰহণ কৰে মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰে।

৪. অধিক অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

দ্ৰুতভাৱে অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। জিএমচিএইচৰ আইচিইউত শনিবাৰে দুপৰীয়াৰে পৰা অচেতন হৈ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ লাইফ চাপোৰ্ট বৃদ্ধি কৰা হৈছে। এইমচৰ বিশেষজ্ঞৰ পৰামৰ্শক্ৰমে বঢ়োৱা হৈছে বিভিন্ন ঔষধৰ মাত্ৰাও। কিয়নো ইতিমধ্যে তেওঁৰ সামূহিক ইন্দ্ৰিয় বিকলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, যিটো তেওঁৰ শাৰীৰিক অৱস্থাৰ বাবে উদ্বেগজনক। ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ খবৰ পাই একালৰ গগৈ মন্ত্ৰীসভাৰ কাণ্ডাৰী তথা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জিএমচিএইচত উপস্থিত হৈ তেওঁৰ চিকিৎসাৰ বুজ লয়।

৫. আছু ত্যাগ কৰিলে লুৰিণজ্যোতি গগৈয়ে

আছু ত্যাগ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। সকলোকে আৱেগিক কৰি শনিবাৰে আছু ত্যাগ কৰিলে লুৰিণজ্যোতি গগৈয়ে। তেওঁ কয়- 'মই এই দুলীয়াজান অধিৱেশনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদায় লব বিচাৰো। নিজৰ বাবে নহয়, জাতিৰ বাবে আছু ত্যাগ কৰিব লৈছো।'

৬. যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড, জাহ গৈছে ২০টা বাসগৃহ

যোৰহাটত শনিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত জাহ যায় প্ৰায় ২০টাকৈ বাসগৃহ। জানিব পৰা মতে, এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বাসগৃহ কেইটাত কোনো লোক নাছিল। কিয়নো সকলো ব্যস্ত আছিল ষট পূজাত। যোৰহাটৰ ৰাজা মৈডাম ৰোডৰ হৰিজন কলনীত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, ৮টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয় এই অগ্নিকাণ্ডত। অৱশ্যে বৰ্তমানলৈ এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে ইতিমধ্যে নিৰ্বাপিত কৰিছে জুই।

৭. ভাৰতী সিঙৰ স্বামী হৰ্ষ লিম্বাচিয়াক গ্ৰেপ্তাৰ কৰিলে এনচিবিয়ে

জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙৰ স্বামী হৰ্ষ লিম্বাচিয়াক গ্ৰেপ্তাৰ। এনচিবিয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে লিম্বাচিয়াক। ইয়াৰ পূৰ্বে ভাৰতীয় সিঙক গ্ৰেপ্তাৰ কৰিছিল এনচিবিয়ে। এনচিবিয়ে ভাৰতীয় সিঙৰ কাৰ্যালয় আৰু ঘৰত চলাইছিল অভিযান। অভিযান চলাই এনচিবিয়ে লাভ কৰে ৮৬.৫ গ্ৰাম গাঞ্জা।

৮. উত্তৰ ত্ৰিপুৰাত আৰক্ষীৰ গুলীবৰ্ষণ, নিহতৰ সংখ্যা ৩জনলৈ বৃদ্ধি

উত্তৰ ত্ৰিপুৰাত আৰক্ষীৰ গুলীবৰ্ষণত নিহত হোৱা লোকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পাইছে। আঘাটপ্ৰাপ্ত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰথম অৱস্থাত এজন আছিল। উল্লেখ্য যে, ত্ৰিপুৰাত হাজাৰ হাজাৰ আদিৱাসী শৰণাৰ্থীক পুণৰ সংস্থাপন কৰাৰ দাবীত আন্দোলনকাৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল।

৯. আছুৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত সাময়িকভাৱে স্থগিত ৰাখিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই

আছুৰ পৰা অৱসৰ নোলোৱাৰ সিদ্ধান্ত ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ। প্ৰতিনিধিৰ দাবীত সাময়িকভাৱে এই সিদ্ধান্ত স্থগিত ৰাখিছে ভট্টাচাৰ্যই। শেষ নিশ্বাস ত্যাগ কৰালৈকে আছুৰ কাম-কাজ কৰি যাব বুলি অধিবেশনত জনাই তেওঁ।

১০. ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ বিশ্বজিৎ দৈমাৰীৰ

বডোলেণ্ড পিপ'লছ ফ্ৰণ্টৰ (বিপিএফ)ৰ সদস্য বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাৰ এমপি পদৰ পৰা পদত্যাগ কৰে। বিগত সপ্তাহত দৈমেৰীয়ে বিপিএফৰ সভাপতি পদৰ পৰাও পদত্যাগ কৰিছিল। দেওবাৰে দৈমাৰীয়ে বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা আছে। ৰাজ্যসভাৰ অধ্যক্ষ ভেংকাৰা নাইডুলৈ লিখা এখন পত্ৰৰ জৰিয়তে দৈমেৰীৱে ৰাজ্যসভাৰ পদৰ পৰা পদত্যাগ কৰে। তেওঁ নাইডুক পদত্যাগ পত্ৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। দৈমাৰীৰ মন্তব্য, বিপিএফৰে তেওঁৰ কোনোধৰণৰ শত্ৰুতা নাই। বিপিএফৰ সৈতে কিছুমান মতৰ মিল নাই বুলি কয় বিশ্বজিৎ দৈমাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in