পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১১৫১৩জনলৈ পাইছে বৃদ্ধি

ৰাজ্যত আকৌ ৮৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। তাৰ ভিতৰত ২০জন কামৰূপ মেট্ৰ'ৰ। এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১১৫১৩জনলৈ পাইছে বৃদ্ধি। ইফালে, ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০৭৩৯৪জনলৈ বৃদ্ধি পাইছে। আনহাতে, চিকিৎসাধীন হৈ আছে ৩১৪২জন ৰোগী। উল্লেখ্য যে, ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭৪জনলৈ বাঢ়িছে।

২. গুৱাহাটীত অৱসৰপ্ৰাপ্ত বিষয়াক অপহৰণ কৰি ধন লুট

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। অৱসৰপ্ৰাপ্ত বিষয়াক অপহৰণ কৰি ধন লুট। অবসৰী বিষয়া জনৰ নাম সনাতন দেৱ শৰ্মা । জলপৰিবহন বিভাগৰ অৱসৰ প্ৰাপ্ত বিষয়া শৰ্মা । ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰে থানাৰ সন্মুখৰ পৰা। মাজ বাটত আক্ৰমণ কৰি ৰাজপথত পেলাই গল বিষয়াজনক। ডকাইতৰ দলে লুটি নিলে নগদ ৩ লাখ টকা । পান বজাৰ থানাৰ সন্মুখৰ বেংকৰ পৰা উলিয়াইছিল ধন খিনি। সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতালত ভৰ্তি সনাতন দেৱ শৰ্মা নামৰ লোকজনক।

৩. হেংহাকীক নিৰ্বাচনী সভাত অংশগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ তুংগত । ৭ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা  বিটিচি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিএডিত বিপিএফ, বিজেপি, ইউপিপিএল আৰু জিএছপিকে ধৰি ৰাজনৈতিক দলসমূহে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখা পৰিলক্ষিত হৈছে । বিপিএফ আৰু বিজেপিৰ নিৰ্বাচনী যুজ তুংগত। বেংবাৰীৰ নিৰ্বাচনী সভাত খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী বনজাৰ দৈমাৰীৰ হৈ প্ৰচাৰ চলাবলৈ আহি গেৰুৱা বসন পিন্ধা বিশ্বজিৎ দৈমাৰীৰ লগতে হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে।

৪. বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ১২০ দিনীয়া কাৰ্যসূচীৰে দেশজুৰি ভ্ৰমণ আৰম্ভ কৰিব

২০২৪ চনত অনুষ্ঠিত হ'ব লগীয়া পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি । পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ডিচেম্বৰত ১২০ দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ দেশজুৰি ভ্ৰমণ আৰম্ভ কৰিব । এই ভ্ৰমণ সূচীৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে সংগঠনটোৰ দুৰ্বল দিশ সমূহ আলোচনা কৰি দূৰ কৰিব। দেওবাৰে এই কথা জানিব দিয়ে বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিঙে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে এই ভ্ৰমণ ডিচেম্বৰৰ প্ৰথম সপ্তাহত উত্তৰাখণ্ডৰ পৰা আৰম্ভ কৰিব ।

৫. বাক্সাত বিশাল বাইক ৰেলীত অংশ গ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দেওবাৰে বাক্সাত এক বিশাল বাইক ৰেলীত অংশ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ লগতে এই বাইক ৰেলীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু বিজেপিৰ সাধাৰণ সম্পাদক দীলিপ শইকীয়া। বৰ্ণাডিৰ পৰা তামুলপুৰ হৈ কুমাৰীকাটালৈ এই বাইক ৰেলী উলিওৱা হয়। আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে এনেদৰেই তৎপৰ হৈ পৰিছে আন ৰাজনৈতিক দলসমূহৰ লগতে বিজেপি।

৬. সোমবাৰে ১২ ঘন্টীয়া মধ্য অসম বন্ধ ঘোষণা সদৌ তিৱা স্বায়ত্ত পৰিষদৰ

সোমবাৰে ১২ ঘন্টীয়া মধ্য অসম বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ তিৱা স্বায়ত্ত পৰিষদে। ৰাজ্যিক নিৰ্বাচন আয়োগে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে উক্ত নিৰ্বাচন অগণতান্ত্ৰিক আৰু অবৈধ আখ্যা দি এই নিৰ্বাচনৰ তীব্ৰ বিৰোধিতা কৰিছে তিৱা ছাত্ৰ সন্থাই। তিৱা স্বায়ত্ত পৰিষদৰ এলেকাক এএছইআৰডি আইন-২০১৭ৰ আওতাৰ পৰা প্ৰত্যাহাৰ কৰাৰ লগতে অধিসূচনাত বাদ পৰি ৰোৱা তিৱা বসতি প্রধান এলেকাসমূহ পৰিষদৰ পৰা কৰ্তন কৰাৰ দাবীৰে সংগঠনটোৱে ১২ ঘন্টীয়া মধ্য অসম বন্ধৰ আহ্বান জনাইছে। ইফালে, এই নিৰ্বাচনৰ বিৰোধিতা কৰাৰ লগতে ছাত্ৰ সংগঠনটোৱে আন্দোলনৰ সিদ্ধান্তও গ্ৰহণ কৰিছে।

৭. ডাঃ ৰিয়াজউদ্দিন আহমেদক ৰাইজৰ দলৰ পৰা নিলম্বন

ৰাইজৰ দলৰ নগাওঁ জিলা আহ্বায়ক সমিতিৰ সদস্য তথা ধিং বিধানসভা সমিষ্টিৰ বাসিন্দা ডা: ৰিয়াজউদ্দিন আহমেদক সংবিধান বিৰোধী কাৰ্যত জড়িত ৰাইজৰ দলৰ ভাৱমূৰ্তি বিনিষ্ট কৰাৰ কাৰনে ২২ তাৰিখৰ পৰা কাৰ্যকাৰী হোৱাকৈ ৰাইজৰ দলৰ জিলা আহ্বায়কৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা অনিৰ্দিষ্ট কললৈ নিলম্বিত কৰা হ'ল। উল্লেখ্য যে, ধিং বিধান সভা সমষ্টি সমিতি গঠনৰ বাবে ৰাইজৰ দলে আয়োজন কৰা সাংগঠানিক সভাত সভা অনুষ্ঠিত হৈ থকাৰ সময়তে কৰিকল্পিত ভাবে একাংশ সমৰ্থক লগতলৈ সভাৰ পৰিবেশ বিনিষ্ট কৰাৰ উপৰিও মঞ্চত উপস্থিত থকা নদগাও জিলা সমিতিৰ সমন্বয়ক শ্ৰী নীলমনি শইকীয়াক শাৰিৰীক ভাৱে অপদষ্ট কৰাৰ বাবে ৰাইজৰ দলে ডা: ৰিয়াজউদ্দিন আহমেদক দলৰ পৰা নিলম্বন কৰে।

৮. ভাৰতী সিং আৰু স্বামী হৰ্ষক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ড্ৰাগছৰ গোচৰত অভিযুক্ত কৌতুক শিল্পী ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিমবাচিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ঘৰৰ পৰা গাঞ্জা উদ্ধাৰ কৰা সম্পৰ্কত ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষক দেওবাৰে মুম্বাইৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে ৪ ডিচেম্বৰলৈকে ভাৰতী আৰু তেওঁৰ স্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে মুম্বাই আদালতে। হৰ্ষ লিনবাচিয়াক এনচিবিয়ে ১৫ ঘন্টা জেৰাৰ কৰাৰ পিছত শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী গৰাকীক।

৯. হাংগৰ ছাৰ্কৰ আক্ৰমণত পশ্চিম অষ্ট্ৰেলিয়াত এজনৰ মৃত্যু

পশ্চিম অষ্ট্ৰেলিয়াত দেওবাৰে হাংগৰৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছে। দেশখনৰ উত্তৰ প্ৰান্তত থকা কেবোল বীচ্ছৰ সমীপত এই ঘটনা সংঘটিত হৈছে। লোক জনক পানীৰ পৰা উঠাই অনাৰ পিছত তেওঁক মৃত বুলি ঘোষণা  কৰা হয়। উল্লেখ্য যে বীচ্ছ খন বৰ্তমান বন্ধ কৰি দিয়া হৈছে আৰু জনসাধাৰণক সাগৰৰ সেইটো পাৰলৈ নাযাৱলৈ আহ্বান কৰিছে। পশ্চিম অষ্ট্ৰেলিয়াত হাংগৰৰ আক্ৰমণত মৃত্যু হোৱা এইটো ৮ নম্বৰৰ ঘটনা। বৰ্তমানলৈ হাংগৰৰ এই বিশেষ প্ৰজাতিৰ বিষয়ে কোনো তথ্য সংগ্ৰহ কৰিব পৰা নাই প্ৰশাসনে।

১০. কামৰূপ মহানগৰৰ নতুন পৰিবহন বিষয়া হিচাপে গৌতম দাসক নিযুক্তি

কামৰূপ মহানগৰৰ নতুন পৰিবহণ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে গৌতম দাসক। কামৰূপৰ জিলাৰ পৰিবহন বিষয়া বাপন কলিতাক বদলি কৰা হৈছে মৰিগাঁৱলৈ। মাজুলীৰ জিলা পৰিবহণ বিষয়া অপূৰ্ব কুমাৰ দাসক বঙাইগাঁৱলৈ বদলি কৰা হৈছে। ইয়াৰোপৰি শিৱসাগৰৰ ডিটিঅ' সঞ্জীৱ হাজৰিকাক ডিব্ৰুগড়লৈ বদলি কৰা হৈছে। কাছৰৰ জিলা পৰিবহণ পৰিবহন বিষয়া সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াক শিৱসাগৰলৈ বদলি কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in