পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১.ৰাজ্যত আকৌ ১৬৯ গৰাকী লোক কোৰোনাত আক্ৰান্ত

বুধবাৰৰ দিনটোত ৰাজ্যত কৰোনাত আক্ৰান্ত হয় ১৬৯ গৰাকী লোক । ইপিনে বুধবাৰৰ দিনটোত সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতে ২১০ গৰাকী । ইপিনে কামৰূপ মহানগৰ জিলাত বুধবাৰে আক্ৰান্ত হয় ৪২ গৰাকী লোক ।বুধবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় তিনি গৰাকী লোকৰ । বৰ্তমানলৈ ৰাজ্যত কোৰোনাত সৰ্বমুঠ আক্ৰানত হয় ২১০৮৬৫ গৰাকী লোক । বৰ্তমানলৈ সৰ্বমুঠ ২০৬৬০৮ গৰাকী লোকে আৰোগ্য লাভ কৰাৰ লগতে চিকিৎসাধীন হৈ আছে ৩২৮৫ গৰাকী লোক । বৰ্তমানলৈ কোৰোনাত সৰ্বমুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৬৯ গৰাকী ।

২ ছট্ পূজা উপলক্ষে যান-বাহন আৰক্ষীৰ বিশেষ নীতি-নিৰ্দেশনা…

ছট্ পূজা উপলক্ষে ২০ আৰু ২১ নবেম্বৰত যান-বাহন চলাচলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনা। এম.জি. ৰোডত ভক্তসকল অহা বাহনৰ বাহিৰে আন বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা।ভৰলুৰ দিশৰ পৰা অহা বাহনবোৰ যাব পাৰিব এ.টি. ৰোড বা এইচ.বি. ৰোডহৈ। চানমাৰি পৰা অহা চিটীবাছসমূহ জিলা পুথিভড়ালৰ পৰা পানবজাৰেৰে এটি ৰোড হৈ যাব পাৰিব। লঘু বাহন সমূহকো একেদৰেই টি.চি. পইন্টৰ পৰা জি.এন.বি. ৰোড হৈ যাবলৈ দিয়া হ'ব। খানাপাৰাৰ পৰা অহা চিটিবাছ সমূহো এ.টি. ৰোড হৈ যাব পাৰিব। সকলো গুৰু বাহন, গুৱাহাটীৰ বাহিৰৰ পৰা অহা এ.এচ.টি.চি. আদি বাহনসমূহ গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব।৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পঠিয়াই দিয়া হ'ব বাহন সমূহ। লখৰা, গড়চুক, ছয়মাইল দিশৰ পৰা অহা ট্ৰাক সমূহৰ ক্ষেত্ৰটো বাধা থাকিব ২০ নবেম্বৰৰ দিনটোত।

৩. কোৰোনাৰ বাবে বাতিল ফিফা ১৯ অনূৰ্ধৰ মহিলা বিশ্বকাপ…

ভাৰতত চলিত বৰ্ষৰ নবেম্বৰত অনুষ্ঠিত হ'ব লগীয়া ফিফা ১৯ অনূৰ্ধৰ মহিলা বিশ্বকাপ বাতিল কৰা হৈছে। কোৰোনা ভয়াবহ পৰিস্থিতিৰ বাবে ১৯ অনুৰ্ধৰ মহিলা বিশ্বকাপ ২০২১ লৈ স্থগিত কৰা হৈছিল । কিন্তু বৰ্তমানলৈ কোৰোনাৰ ভয়াৱহ পৰিস্থিতি স্বাভাৱিক নোহোৱাত ফিফাই ভাৰতত হ'বলগীয়া বিশ্বকাপখন অৱশেষত বাতিল কৰাৰ সিদ্ধান্ত লয়। ইফালে কষ্টাৰিকাত হ'ব লগীয়া ২০ অনুৰ্ধৰ ফিফা বিশ্বকাপও বাতিল কৰাৰ সিদ্ধান্ত লয় ফিফাই ।

৪. পুলবামাত আতংকবাদীৰ আক্ৰমন, ১২ গৰাকী সাধৰণ লোক আহত…

জন্মু কাশ্মীৰৰ পুলবামাৰ কাকাপৰাত আতংকবাদীৰ গ্ৰেনেড নিক্ষেপ । এই গ্ৰেনেড নিক্ষেপৰ ফলত ১২ গৰাকী জনসাধৰণ আঘাত প্ৰাপ্ত হয় । চিআৰপিএফৰ কোনো জোৱান এই আক্ৰমণৰ ফলত আঘাত প্ৰাপ্ত হোৱা নাই । আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিব দিয়া অনুসৰি গ্ৰেনেটতো ৰাস্তাতে বিস্ফোৰিত হয় যাৰ ফলত ১২ জনকৈ সাধৰণ লোক আঘাত প্ৰাপ্ত হয় । আঘাত প্ৰাপ্ত লোক সকলক স্থানীয় চিকিৎসালয়ত ভৰ্তী কৰোৱা হয় । গ্ৰেনেট নিক্ষেপকাৰী আতংকবাদী সকলৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে । আৰক্ষীয়ে ঘেৰি ৰাখিছে সমগ্ৰ অঞ্চল ।

৫. দিল্লীত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমন,ৰেলৰ ডবাত সাজু ৮০০ খন বিচনা…

দিল্লীত বৃদ্ধি পাইছে কোৰোনা সংক্ৰমণৰ ঘটনা । কোৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ দিল্লীৰ এটি ষ্টেচনত ৮০০ খন বিচনা ৰেলৰ ডবা ভিতৰত নিৰ্মান কৰা হোৱাৰ লগতে আৰ্ধ সামৰিক বাহিনীৰ ৪৫ জন চিকিৎসক আৰু ১৬০ গৰাকী স্বাস্থ্য কৰ্মী প্ৰদান কৰা হ'ব । বুধবাৰে গৃহ সচিবে এই কথা প্ৰকাশ কৰে । ইপিনে কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে দিল্লী বিমান বন্দৰৰ ওচৰৰ এখন চিকিৎসালয় কোৰোনাত আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে নিৰ্মান কৰা হ'ব । এই চিকিৎসালয়ৰ বাবে ২৫০ খন নতুন আইচিইউ বিচনা নিৰ্মান কৰা হ'ব ।

৬. ২০৩০ চনৰ পৰা ব্ৰিটেইনে বন্ধ কৰিব ডিজেল আৰু পেট্ৰ'ল চালিত বাহনৰ বিক্ৰী…

গ্ৰীণ ইণ্ডাষ্টিল বিপ্লৱৰ অধীনত, ব্ৰিটেইনে ২০৩০ চনৰ পৰা ডিজেল আৰু পেট্ৰ'ল চালিত বাহনৰ বিক্ৰী নিষিদ্ধ কৰিব। ই ব্ৰিটেইনৰ দহ নম্বৰ পৰিকল্পনাৰ অংশ । এই কথা প্ৰকাশ কৰে ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনচনে। ব্ৰিটিছ প্ৰধান মন্ত্ৰীয়ে উচ্চাভিলাচ্য আঁচনিৰ বাবে ১২ বিলিয়ন পাউণ্ড নিৰ্ধাৰণ কৰিছে । যি ২.৫ নিযুত নতুন চাকৰি সৃষ্টি কৰিব বুলি আশা কৰা হৈছে আৰু আঁচনিৰ ফলশ্ৰুতিত ২০৫০ চনৰ ভিতৰত ব্ৰিটেইন কাৰ্বন মুক্ত কৰাৰ লক্ষ্য স্থিৰ কৰিছে ।

৭. দুই ভাৰতীয় মূলৰ ব্যক্তিৰ জ' বাইডেনৰ কেবিনেটত স্থান পোৱাৰ সম্ভাৱনা…

আমেৰিকাৰ পূৰ্বৰ চাৰ্জন জেনেৰেল বিবেক মুৰ্তিৰ লগতে দুই ভাৰতীয় মূলৰ লোক জ' বাইডেন আৰু কমলা হৰিছৰ প্ৰশাসনৰ কেবিনেটত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা । সংবাদ মাধ্যমত প্ৰকাশিত এক তথ্যত এই কথা প্ৰকাশ কৰা হৈছে । ৱাশ্বিংটন পোষ্ট আৰু পলিটিকোয়ে মঙলবাৰে কৈছিল যে কোভিড-১৯ ৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচিত জ' বাইডেনে শীৰ্ষ ভাৰতীয়-আমেৰিকান পৰামৰ্শদাৰীক স্বাস্থ্য আৰু মানৱ সেৱাৰ মন্ত্ৰী হিচাপে অন্তৰ্ভূক্ত কৰিব পাৰে আনহাতে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক অৰুণ মাজুমদাৰক শক্তি মন্ত্ৰী হিচাপে অন্তৰ্ভূক্ত কৰাৰ সম্ভাৱনা ।

৮. আৰম্ভ হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ দুলিয়াজান অধিবেশন…


সদৌ অসম ছাত্ৰসন্থাৰ সপ্তদশ সাধাৰণ অধিৱেশনখন বুধবাৰৰ পৰা অনুষ্ঠিত হয়। তৈলনগৰী দুলীয়াজানৰ ছলাকটকী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় অধিৱেশনখন। অধিৱেশন খনৰ ১৯ নবেম্বৰ,বৃহস্পতিবাৰে, দ্বিতীয় দিনৰ কাৰ্যসূচী আছুৰ উত্তোলন কৰিব আছুৰ সভাপতি দীপাংক কুমাৰ নাথে আৰু শ্বহীদ তৰ্পন কৰিব সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈয়ে। অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব আছুৰ মুখ্য উপদেষ্টা সমূজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । অধিবেশনত উপস্থিত থাকিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী মাধুৰীমা চৌধুৰী।জগত শৰ্মা সোঁৱৰণি জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখনি উদ্বোধন কৰিব ৰজত কমল বঁটা প্ৰাপ্ত চলচিত্ৰ পৰিচালক যদুমণি দত্তই। দ্বিতীয় দিনৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাজীৱ শদিয়া, দিপলীনা ডেকা, ৰিদিপ ৰংকিত, ৰমেন দাহন, আকাশ নিবিড় আদি শিল্পীয়ে।

৯. বহিঃৰাজ্যৰ পৰা অহা বিমানযাত্ৰীৰ বাবে স্বাস্থ্যবিভাগৰ নতুন নিয়ম…

বহিঃৰাজ্যৰ পৰা অহা বিমানযাত্ৰীৰ বাবে নতুন নিয়ম । আগন্তুক সপ্তাহৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম। বহিঃ ৰাজ্যৰ পৰা অহা বিমানযাত্ৰীৰ সকলক সৰুসজাইৰ পৰিৱৰ্তে বিমান বন্দৰতে কৰোৱা হ'ব কোভিড পৰীক্ষা। অসমৰ ভিতৰত অথবা উত্তৰ পূৱৰ পৰা অহা যাত্ৰীৰ বাবে বাধ্যতামূলক নহয় কোভিড পৰীক্ষা।

১০.স্পুটনিক-৫ ভেকছিন ভাৰত আৰু চীনত প্ৰস্তুত কৰিব পাৰি: পুটিন

ৰাছিয়ান ৰাষ্ট্ৰপতি ভলিদিমিৰ পুটিনে ব্ৰিকছ দেশসমূহৰ পৰা কোৰোনা ভাইৰাছ ভেকছিন নিৰ্মান কৰাৰ বাবে এক যুটীয় প্ৰচেষ্টাৰ বাবে আহ্বান কৰে । তেওঁ পৰামৰ্শ দি কয় ৰাছিয়াৰ দ্বাৰা নিৰ্মিত কোভিড-১৯ ভেকছিন স্পুটনিপ-৫ চীন আৰু ভাৰতত প্ৰস্তুত কৰিব পাৰে । সন্মিলনত ৰাছিয়ান ৰাষ্ট্ৰপতি গৰাকীয়ে কয় "আমি বিশ্বাস কৰোঁ যে ব্ৰিকছ দেশবোৰৰ দ্বাৰা প্ৰতিষেধক বিকাশ আৰু গৱেষণা কেন্দ্ৰ ৰ সংস্থাপনত দ্ৰুত ভাবে নিৰ্মান কৰাটো গুৰুত্বপূৰ্ণ, যিটো দক্ষিণ আফ্ৰিকা ই প্ৰথমতে কৰিবলৈ সন্মত হৈছিল,"।ভিডিঅ' কনফাৰেণ্সৰ যোগে ১২তম ব্ৰিকছ সন্মিলনত ভাষণ দিয়ে ৰাছিয়ান ৰাষ্ট্ৰপতি গৰাকীয়ে । ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জেয়ৰ বোলচোনাৰো আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচা, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in