পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১০৬৯৬জনলৈ বৃদ্ধি

অসমত আকৌ ২৪২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১০৬৯৬জনলৈ পাইছে বৃদ্ধি। ইফালে, মঙলবাৰে ৰাজ্যত সুস্থ হয় ৩৫৭জন লোক। ৰাজ্যত বৰ্তমানলৈকে সুস্থ হোৱা লোকৰ সংখ্যা ২০৬৩৯৮জনলৈ বৃদ্ধি পাইছে। আনহাতে, চিকিৎসাধীন হৈ আছে ৩৩২৯জন ৰোগী। উল্লেখ্য যে, অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ ৯৬৬জন লোকৰ হৈছে মৃত্যু।

২. তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা

ঘোষণা হ'ল তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ তাৰিখ। এই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ অন্তিম দিন ২৫ নবেম্বৰ, ২০২০। মনোনয়নৰ তথ্যপাতি সমূহ পৰীক্ষা কৰাৰ অন্তিম তাৰিখ ২৬ নবেম্বৰ। প্ৰাৰ্থীসকলৰ নামৰ তালিকা ঘোষণা কৰা হ'ব ২৮ নবেম্বৰত। ভোটগ্ৰহণৰ সময় ১৭ ডিচেম্বৰৰ পুৱা ৭.৩০ বজাৰ পৰা সন্ধিয়া ৪.৩০ বজালৈ। প্ৰয়োজন হ'লে পুনৰ ভোটগ্ৰহণ কৰা হ'ব ১৮ ডিচেম্বৰত। ভোটগণনা পৰ্ব ১৯ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব।

৩. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুধবাৰে পুৱা মুকলি কৰা হ'ব গ্ৰন্থ বিপণ কেন্দ্ৰ

অসম সাহিত্য সভাৰ উদ্যোগত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটি গ্ৰন্থ বিপণ কেন্দ্ৰ ১৮ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত আনুষ্ঠানিক ভাবে মুকলি কৰা হ'ব। উক্ত বিপণন কেন্দ্ৰ মুকলি কৰিব অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ কুলধৰ শইকীয়াই। অনুষ্ঠানত শংকৰদেৱ কলাক্ষেত্ৰৰ মাননীয় সচিব শ্ৰীযুত সুদৰ্শন ঠাকুৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। উক্ত অনুষ্ঠানৰ সমাপ্তিৰ পিছতে স্থানীয় সাংবাদিকৰ সৈতে এটি গুৰুত্বপূৰ্ণ বিষয়ত সভাপতি মহোদয়ে মত বিনিময় কৰিব।

৪. মণিপুৰত দ্বিতীয় বিশ্বযুদ্ধৰ অবিস্ফোৰিত ১২২টা বোমা উদ্ধাৰ

মণিপুৰৰ ম্যানমাৰ সীমান্তত চহৰ ম'ৰে চহৰৰ ৯ নং ৱাৰ্ডৰ এগৰাকী গাঁওবাসীয়ে আই পি চি বাইপাছৰ সমীপত মঙলবাৰে খনন কৰাৰ সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা বৃহৎ সংখ্যক অবিস্ফোৰিত বোমা উদ্ধাৰ কৰে। ম'ৰেৰ ৯ নং ৱাৰ্ডত টাংখতিলাল গংগটে নামৰ লোককজনে মঙলবাৰে পুৱা ঘৰ নিৰ্মাণ কৰিবলৈ মাটি খনন কৰাৰ সময়ত ১২২ টাকৈ বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, উদ্ধাৰ কৰা বোমাসমূহ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত টেংকত ব্যৱহাৰ কৰা বিস্ফোৰক। 

৫. অসম ভাষা গৌৰৱ আঁচনিক লৈ নিবিচাৰে নতুন নিয়ম, মুখ্যমন্ত্ৰীলৈ পত্ৰ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ

খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমে অসম ভাষা গৌৰৱ আঁচনি লেখক সম্বৰ্দ্ধনা সম্পৰ্কত মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। সাহিত্যসভাখনে আৱেদন খনৰ জৰিয়তে ১৩ নবেম্বৰ,২০ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ থলুৱা ভাষাৰ লেখক লেখিকাক উদগনি জনাবলৈ তেওঁ জাৰি কৰা  জাননীখন ৩১ ডিচেম্বৰ,২০১৯ তাৰিখে মুখ্যমন্ত্ৰীৰ নেতৃত্বত জনজাতীয় সাহিত্যসভা সমূহৰ যৌখ সিদ্ধান্তৰ ভিত্তিত সমগ্ৰ বিষয়টো বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে।

৬. ৫০ কিশোৰীক যৌন নিৰ্যাতন চলোৱা উত্তৰপ্ৰদেশৰ কনিষ্ঠ অভিযন্তাক গ্ৰেপ্তাৰ

উত্তৰপ্ৰদেশৰ এগৰাকী কনিষ্ঠ অভিযন্তাক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয়। বহু কেইগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ বাবে চিবিআই-য়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি প্ৰায় ৫০ গৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে এই অভিযন্তাগৰাকীৰ বিৰুদ্ধে। চিবিআইৰ বিষয়াই সাংবাদিকক সদৰী কৰা অনুসৰি, মঙলবাৰে গ্ৰেপ্তাৰ কৰা কনিষ্ঠ অভিযন্তাগৰাকী উত্তৰপ্ৰদেশৰ জনসিঞ্চন বিভাগত কাম কৰে।

৭. নগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ

নগাঁও জিলাৰ ইটাপাৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰীত সোমবাৰে বিয়লি বিদ্যুৎস্পৃষ্ট হৈ এজন লোকে অকাল মৃত্যুক সাবটি লোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, ৰৌমাৰী গাঁৱৰ মকবুল হুছেইন নামৰ ব্যক্তিজনে ঘৰৰ কাষতে ১১ কেভিএ বিদ্যুৎ পৰিবাহিত তাৰৰ কাষতে থকা গছৰ ডাল কাটি থকা অৱস্থাত এটি ডাল বিদ্যুৎ পৰিবাহিত তাঁৰত ওপৰত পৰি যায়।

৮. কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে জাপানী ভাষা আৰু সংস্কৃতি সম্বন্ধীয় পাঠ্যক্ৰম

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। বিশ্ববিদ্যালয়খনে জাপানী ভাষা আৰু সংস্কৃতি সম্বন্ধীয় এক পাঠ্যক্ৰম আৰম্ভ কৰিছে। ১৬ নবেম্বৰ তাৰিখে ৬ বজাত  এই পাঠ্যক্ৰম প্ৰৱৰ্তনা এক অনুষ্ঠান অনলাইনযোগে সম্পন্ন হয়। গোলকীয় পৃথিৱীত ভিন্ন ভাষা শিকাৰ প্ৰয়োজনীয়তা আৰু আন্তঃ সাংস্কৃতিক বিনিময়ৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়খনে প্ৰণয়ন কৰা পাঠ্যক্ৰমটোত জাপানৰ নতুন দিল্লীস্থিত  জাপান ফাউণ্ডেশ্যনে সহযোগ কৰিছে।

৯. ছট পূজা উপলক্ষে কামৰূপ মেট্ৰ' জিলাৰ নীতি নিৰ্দেশনা

ছট পূজা উপলক্ষে কামৰূপ মহানগৰ জিলা উপায়ুক্তই জাৰি কৰিছে বিশেষ নীতি নিৰ্দেশনা। মহানগৰীৰ ১৪ টা ঘাটত উদযাপন হ'ব ছট পূজা। এটা পৰিয়ালৰ ৫ জনতকৈ বেছি সদস্য উপস্থিত থাকিব নোৱাৰিব পূজাস্থলীত। ঘাটলৈ অহা সকলোৱে কোভিড ১৯ ৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব,সকলোৱে মাস্ক পৰিধান ব্যৱহাৰ কৰাটো বাধ্যতামূলক। ঘাটত সাংস্কৃতিক অনুষ্ঠান, নৃত্য,গীত আদি কৰাত বাধা থাকিব জিলা প্ৰশাসনৰ। কোনো ধৰণৰ অত্যাধুনিক লাইট লগাব নোৱাৰিব,অৰ্থাৎ নাথাকিব পূৰ্বৰ দৰে জাকজমকতা। নোৱাৰিব ফটকা ফুটাব।

১০. বিটিচি নিৰ্বাচনৰ দিন ঘোষণা

বিটিচি নিৰ্বাচনৰ দিন ঘোষণা । দুটা পৰ্যায়ত হ'ব বিটিচি নিৰ্বাচন । ৭ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ । ওদালগুৰি আৰু বাস্কাত প্ৰথম পৰ্যায়ৰ হ'ব ভোটগ্ৰহণ । পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা আবেলি ৪ বাজি ৩০ নিনিটলৈ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ । দ্বিতীয় পৰ্য়াযৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ১০ ডিচেম্বৰত । কোকৰাঝাৰ আৰু চিৰাংত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহন । ভোটগননা অনুষ্ঠিত হব ১২ ডিচেম্বৰত ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in