পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১০৪৫৪জনলৈ বৃদ্ধি

অসমত আকৌ ১৮৬জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ইয়াৰে ৩৭জন কামৰূপ মেট্ৰ'ৰ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১০৪৫৪জনলৈ পাইছে বৃদ্ধি। ইফালে, সুস্থ হোৱা লোকৰ সংখ্যা ২০৬০৪১জনলৈ বৃদ্ধি পাইছে। আনহাতে, চিকিৎসাধীন হৈ আছে ৩৪৪৬জন ৰোগী। উল্লেখ্য যে, অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৬৪জনলৈ বৃদ্ধি পাইছে।

২. ১৭২ দিনৰ পাছত নিৰ্বাপিত হ'ল বাঘজানৰ তৈলখাদৰ জুই

অৱশেষত দেওবাৰে নিশা নিৰ্বাপিত হ'ল বাঘজান তৈলখাদৰ অগ্নিকাণ্ড। জুই নিৰ্বাপন কৰিবলৈ সক্ষম হ'ল অইল কৰ্তৃপক্ষ। প্ৰায় ১৭২ দিন অহৰহ প্ৰচেষ্টাৰ অন্তত কানাডাৰ পৰা অনা স্নাবিং ইউনিট নামৰ বিশেষ যন্ত্ৰৰ দ্বাৰা জুই নিৰ্বাপন কৰে ৮ জনীয়া বিদেশী বিশেষজ্ঞৰ লগতে অইল কৰ্তৃপক্ষই। ২৭ মে'ত গেছ নিৰ্গত হৈছিল আৰু ৯ জুনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল বাঘজান তৈলখাদত।

৩. ১৭ নবেম্বৰত আমৰী কাৰ্বি সংগঠনে অৱৰোধ কৰিব ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

মঙলবাৰে সোণাপুৰৰ লালমাটিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ কাৰ্যসূচী। এক টুইটাৰ যোগে এই কথা সদৰী কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে। তেওঁ টুইটাৰত উল্লেখ কৰে যে, আমৰী কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বহু কেইটা আমৰী কাৰ্বি জনগোষ্ঠীয় সংগঠনে ১৭ নবেম্বৰৰ পুৱা ৮ বজাৰ পৰা কৰিব পথ অৱৰোধ।

৪. গুৱাহাটী প্ৰেছ ক্লাৱত আপকুৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

সমগ্ৰ দেশৰ লগতে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱতো দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। আসাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন মুকৈ 'আপকু'ৱে উদযাপন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সোমবাৰে পুৱাৰ ভাগত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ পতাকা উত্তোলন কৰে আপকুৰ কেন্দ্ৰীয় সভাপতি মনোজ সিঙে। এই পতাকা উত্তোলন কাৰ্যসূচীৰ পৰাই আপকুৱে প্ৰতিদিন টাইম আৰু দৈনিক অসম কাকতৰ সাংবাদিক মিলন মহন্তক একাংশ অসাধু ব্যক্তিয়ে ৰাজহুৱাভাৱে অপদস্থ কৰা ঘটনাৰ সম্পৰ্কত গভীৰ উদ্বেগ প্ৰকাশ কৰে। 

৫. ভেকচিনে কেৱল নোৱাৰে কোৰোনা শেষ কৰিবঃ ডব্লিউ এইচ অ

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে, ভেকচিনেই কেৱল কোৰোনা মহামাৰীক নিৰাময় কৰিব নোৱাৰে। তেওঁলোকে উল্লেখ কৰে যে  আৰম্ভণিৰ পৰা কোৰোনা মহামাৰীৰ ঘটনা নিৰন্তৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু এতিয়ালৈকে আক্ৰান্তই ৪০ লাখ ঘৰ অতিক্ৰম কৰিছে। উল্লেখ্য যে, এতিয়ালৈ প্ৰায় ১৩ লাখ লোকে এই মহামাৰীৰ বাবে প্ৰাণ হেৰুৱাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মূৰব্বী গৰাকীয়ে কয় যে, এটা ভেকচিনে কেতিয়াও এই ৰোগ নিৰাময় কৰিব নোৱাৰে। ই পৰিপূৰক হিচাপে কাম কৰিব পাৰে, কিন্তু ৰোগবিধ সম্পূৰ্ণ নিৰাময় কৰিব নোৱাৰে। 

৬. গণতন্ত্ৰৰ ভেঁটি মজবুট কৰে সংবাদমাধ্যমৰ নিৰপেক্ষ ভূমিকাইঃ ঔম বিৰলা

লোকসভাৰ অধ্যক্ষ ঔম বিৰলাই কয় যে, প্ৰেছ লোকতন্ত্ৰৰ ৪ৰ্থ স্তম্ভ। গণতন্ত্ৰত প্ৰেছৰ ভূমিকা যথেষ্ট মহত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা ভিডিঅ'কনফাৰেন্স যোগে লোকসভাৰ অধ্যক্ষ ঔম বিৰলাই প্ৰেছ কনকাউন্সিল অৱ ইণ্ডিয়াক সম্বোধন কৰে। বিৰলাই কয় যে, গণতন্ত্ৰত প্ৰেছৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ। ইয়ে সাধাৰণ জনসাধাৰণক ৰাষ্ট্ৰ নিৰ্মাণত যোগদান কৰিবলৈ অনুৰপ্ৰেৰণা যোগাই বুলিও তেওঁ উল্লেখ কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে,সংবাদদাতা সকলে লোকতন্ত্ৰ ভেঁটি মজবুট কৰে আৰু নিৰপেক্ষভাৱে গণতন্ত্ৰ অংশীদাকৰত্ব পালন কৰে।

৭. বীৰ শ্বহীদ জোৱান হৰধন চন্দ্ৰ ৰায়ৰ শেষকৃত সম্পন্ন

জম্মু কাশ্মীৰত পাক উগ্ৰপন্থীৰ  বৰ্বৰ আক্ৰমণত দেশৰ বাবে প্ৰাণ আহুতি দিয়া অসমৰ সুসন্তান  শ্বহীদ হৰধন  চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ সোমবাৰে ৰাতিপুৱা ৮ বজাতধুবুৰীৰ ফুটকিবাৰী মেধিপাৰালৈ লৈ  অনা হয়। বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়ক ৰাষ্ট্ৰীয় মৰ্য্যদাৰে সামৰিকভাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত শ্বহীদ গৰাকীৰ নশ্বৰদেহ  অন্তেষ্টিক্ৰিয়াৰ বাবে কাঠৰ চিতাত সমৰ্পন কৰাৰ পিছত ধৰ্মীয় ৰীতিনীতিৰে একমাত্ৰ দুই বছৰীয়া পুত্ৰ আৰু স্ত্ৰীয়ে মুখাগ্নি কৰি অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰে।অগনন গুনমুগ্ধৰ উপস্থিতিত শ্বহীদ জনৰ নশ্বৰদেহ পঞ্চভূতত বিলীন হৈ যায় ।

৮. দিল্লী চৰকাৰক কেন্দ্ৰই কোৰোনা চিকিৎসাৰ বাবে দিব ৭৫০খন আইচিইউ বিচনা

দিল্লীত শেহতীয়া ভাবে বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ । কোৰোনা পৰিস্থিতি সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কোজৰিৱাল । ৰবিবাৰে অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকীয়ে । দিল্লীথ কোৰোনাৰ সংক্ৰমন বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোৰোনা আক্ৰান্ত ব্যক্তিক চিকিৎসা কৰাৰ বাবে ৭৫০ খন আইচিইউ বেড দিয়াৰ আশ্বাস দিয়ে অমিত শ্বাহে । 

৯. একেৰাহে চতুৰ্থবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ শপতগ্ৰহণ

জেডিইউৰ অধ্যক্ষ নীতিশ কুমাৰে সোমবাৰে একেৰাহে চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । নীতিশ কুমাৰৰ মন্ত্ৰী সভাত থাকিব বিজেপিৰ দুগৰাকীয়ে উপ মুখ্যমন্ত্ৰী হিচাপেও কৰে শপতগ্ৰহণ। সোমবাৰে ৪ বাজি ৩০ মিনিটত শপত লয় বিহাৰৰ নতুন চৰকাৰে।

১০. হিমাচলপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৭জন

হিমাচল প্ৰদেশত ভয়ংকৰ দূৰ্ঘটনা । সোমবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় দূৰ্ঘটনাটো । পথৰ পৰা বাহন খন সুকেটি খাদৰ জলপ্ৰবাহত নামি যোৱাৰ ফলত সংঘটিত হয় দূৰ্ঘটনাটো । হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ পুলঘৰাৰ সমীপতে সংঘটিত হয় দূৰ্ঘটনাটো । দূৰ্ঘটনাটোত ৭ গৰাকী লোক নিহত হোৱাৰ লগতে এগৰাকী লোক গুৰুতৰ ভাবে আহত হয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in