পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২০৩৯৬জনলৈ বৃদ্ধি

ৰাজ্যত পুনৰ ২৫৮জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্য মুঠ এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২০৩৯৬৭জনলৈ পাইছে বৃদ্ধি। ইফালে, শনিবাৰে সুস্থ হৈছে ২৯৪৮জন লোক। সুস্থ হোৱা লোকৰ সংখ্যা ৰাজ্যত ১৮২৭৯১জনলৈ বৃদ্ধি পাইছেগৈ। আনহাতে, মৃত্যু হোৱা লোকৰ সংখ্যা ৯০২জনলৈ বৃদ্ধি।

২. ৬ নবেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে জনস্বাস্থ্য কাৰিকৰী বিভাগীয় কৰ্মচাৰীৰ শ্ৰমিক সমাজ কল্যাণ সন্থা বাৰ্ষিক অধিবেশন

অহা ৬ আৰু ৯ নবেম্বৰত উদযাপিত হ'ব জনস্বাস্থ্য কাৰিকৰী বিভাগীয় কৰ্মচাৰীৰ শ্ৰমিক সমাজ কল্যাণ সন্থা, অসমৰ ৪৩ তম বাৰ্ষিক অধিবেশন। হোজাইস্থিত সাহিত্যৰথী  বেজবৰুৱা ভৱনত দুদিনীয়া কাৰ্যসূচীৰে উলাহ মালহেৰে উদযাপিত হ'ব এই বাৰ্ষিক অধিবেশন। উপস্থিত থাকিব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰী।

৩. দেবেন্দ্ৰ ফড়নবিছ কোৰোনাত আক্ৰান্ত

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ আহিল এক দুঃখবৰ। বিজেপিৰ বিহাৰৰ প্ৰভাৰী দেবেন্দ্ৰ ফড়ণবিছ আক্ৰান্ত হৈছে কোৰোনাত। ইয়াৰ পূৰ্বে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী সুশীল মোডী, পাৰ্টী প্ৰবক্তা শ্বাহনৱাজ হুছেইন আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডী আক্ৰান্ত হৈছিল কোৰোনাত।

৪. এইমছত ভৰ্তি অসমৰ ৰাজ্যপাল জগদীশ মুখী

অসুস্থ অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। নিউ দিল্লীস্থিত এইমছ হাস্পতালত ভৰ্তি কৰা হৈছে জগদীশ মুখীক। জানিব পৰা মতে, শনিবাৰে অসুস্থ হৈ পৰিছিল তেওঁ। তাৰপাছতে চিকিৎসালয়ত ভৰ্তি কৰা হয় ৰাজ্যপাল মুখীক। বিগত কেইবাদিনো তেওঁ দিল্লীস্থিত বাসভৱনৰ পৰাই এইমছলৈ অহা যোৱা কৰি আছিল। এই ক্ষেত্ৰত অসম ভৱনৰ পৰাই তেওঁৰ বাবে যান-বাহনকে ধৰি সকলো সা সুবিধা আগবঢ়াই থকা হৈছিল, যদিও ৰোগ সন্দৰ্ভত এতিয়াও কোনো কথা ৰাজভৱন বা অসম ভৱনে প্ৰকাশ কৰা নাই।

৫. সকলো মানুহৰ কোভিডৰ বিনামূলীয়া ভেকচিন লাভৰ অধিকাৰ আছেঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সমগ্ৰ দেশতে বিনামূলীয়া কোৰোনা ভেকচিনৰ বিষয়টো পুনৰ উত্থাপন কৰিছে। শনিবাৰে সীলমপুৰ উৰণীয়া সেঁতুৰ উন্মোচন কৰি কেজৰিৱালে কয়, প্ৰত্যেক ভাৰতীয়ৰে বিনামূলীয়া ভেকচিন লাভ কৰাৰ অধিকাৰ আছে কিয়নো কোৰোনাৰ বাবে সকলো মানুহেই সমস্যাত আছে।

৬. চীন-ভাৰতৰ সংঘাত ওচৰৰ পৰা প্ৰত্যক্ষ কৰি আছো- আমেৰিকা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাইক পোম্পিও আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক গ্ৰেফে আগন্তুক সপ্তাহত এক গুৰুত্বপূৰ্ণ ভ্ৰমণত অংশ গ্ৰহণ কৰিব।শনিবাৰে ট্ৰাম্প প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ তেওঁলোকে কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰই লাডাখত ভাৰত-চীনৰ মাজত চলি থকা সংঘাত খুব ওচৰৰ পৰা প্ৰত্যক্ষ কৰি আছে।

৭. NEET পৰীক্ষাঃ ৰিজাল্টৰ বিসংগতিৰ বাবে আত্মহত্যা মেধাৱী ছাত্ৰৰ

NEET পৰীক্ষাৰ ৰিজাল্টৰ বিসংগতিৰ বাবেই এগৰাকী মেধাৱী ছাত্ৰই আত্মহত্যাৰ দৰে চৰম পথ বাচি ল'লে। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশ ছিদৱাড়া জিলাত। যোৱা ১৯ অক্টোবৰত ঘোষণা কৰা NEET পৰীক্ষাৰ ৰিজাল্টত আত্মহত্যা কৰা ছাত্ৰ গৰাকীয়ে লাভ কৰিছিল মাত্ৰ ৬ নম্বৰ।এই ৰিজাল্ট দেখি পৰিয়ালৰ লগতে ছাত্ৰগৰাকী যথেষ্ট হতাশ হৈছিল। হতাশাত ভুগি ছাত্ৰজনে ২০ অক্টোবৰৰ দিনা বাচি লয় আত্মহত্যাৰ দৰে চৰম পথ। 

৮. আমেৰিকাত নৌ সেনাৰ বিমান দুৰ্ঘটনা, দুজন পাইলটৰ মৃত্যু

আমেৰিকাৰ নৌ সেনাৰ বিমান দুৰ্ঘটনা প্ৰাণ হেৰুৱালে দুজনকৈ পাইলটে। ফ্লৰিদাৰ পৰা আলাবামালৈ যোৱাৰ পথতে সংঘটিত হয় বিমান দুৰ্ঘটনা। টি-৬৮ টেক্সান ২ নম্বৰৰ প্ৰশিক্ষণৰ বিমানখনত প্ৰাণ হেৰুওৱা এজনো ব্যক্তিক চিনাক্ত কৰিব পৰা হোৱা নাই। দুৰ্ঘটনাৰ পিছতে এটা ঘৰৰ লগতে কেবাখনো বাহন ভস্মীভূত হৈছে।

৯. এল অ চিত পাক সেনাৰ গুলীবৰ্ষণ

পুনৰ জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংগা। পাকিস্তানে এল অ চিত কৰিলে যুদ্ধবিৰতি উলংঘা। মৰ্টাৰেৰে আক্ৰমণ কৰে পাক সেনাই। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে পাক সেনাক যোগ্যপ্ৰত্যুত্তৰ।

১০. ভেন্সাৰ স্কুলৰ শিক্ষকলৈ দুঃখবৰ

মধ্য ইংৰাজী বিদ্যালয় সমূহৰ প্ৰায় ষাঠি শতাংশ বিদ্যালয়ৰ শিক্ষকৰ আশাত চেঁচা পানী ঢালি শিক্ষা বিভাগে শিক্ষকৰ নাম-তালিকা প্ৰকাশ কৰিবলৈ প্ৰস্তুতি চলোৱা খবৰ পোৱা গৈছে। বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, আইনী মেৰপেছত প্ৰদেশীকৰণ প্ৰক্ৰিয়াৰ পৰা বাতিল হ'ব ৰাজ্যৰ প্ৰায় আঠ শতাধিক মধ্য ইংৰাজী বিদ্যালয়। ২০১৬-১৭ বৰ্ষত ছাত্ৰ ছাত্ৰী নূন্যতম ৩০ গৰাকী নথকা আঠশ খনতকৈও অধিক বিদ্যালয় চৰকাৰে ভাঙি দিয়াৰ পৰিকল্পনা কৰিছে। ফলত ২৮/৩০ বছৰ বিনা বেতনে শিক্ষকতা কৰি আশাত বন্দী শিক্ষকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in