পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্ত ১৭৬০৭৫জনলৈ পাইছে বৃদ্ধি

ৰাজ্যত আকৌ ৭০১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০২৭৭৪জনলৈ পাইছে বৃদ্ধি। ইফালে, বৃহস্পতিবাৰে এই ভাইৰাছত আক্ৰান্ত ১৬৬৪জন লোক সুস্থ হয়। সুস্থ হোৱা লোকৰ সংখ্যা অসমত ১৭৬০৭৫জনলৈ পাইছে বৃদ্ধি। আনহাতে, চিকিৎসাধীন হৈ আছে ২৫৮০৭জন ৰোগী। উল্লেখ্য যে, অসমত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৮৯জনলৈ পাইছে বৃদ্ধি।

২. আই পি এলঃ বাংগালুৰুৰ হাতত পৰাস্ত কলকাতা

আই পি এলত বুধবাৰে কলকাতাৰ সন্মুখত খেলপথাৰত নামে বাংগালুৰু। প্ৰথমে বেটিং ধৰি কলকাতাই ৮ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৮৪ ৰান। এই টাৰ্গেট ভেদি আৰ চি বিয়ে ৮৫ ৰান সংগ্ৰহ কৰি জয়ী হয়। মাত্ৰ ২ উইকেট হেৰুৱাই ১৩.৩ অভাৰতে লক্ষ্য উপনীত হয় বাংগালুৰু।

৩. বৃহস্পতিবাৰে পুৱা ৯ বজাত গণেশগুৰিৰ উৰণীয়া সেঁতু উদ্বোধন কৰা হ'ব

ষষ্ঠীৰ দিনাই মহানগৰবাসীয়ে লাভ কৰিব বিশেষ উপহাৰ। আনুষ্ঠানিকভাৱে বৃহস্পতিবাৰে উদ্বোধন কৰা হ'ব গণেশগুৰিৰ বিষ্ণুৰাভা উৰণীয়া সেঁতুৰ সংযোগী অংশ। ২২ অক্টোবৰৰ পুৱা ৯ বজাত এই উপলক্ষে আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত এই উৰণীয়া সেঁতু উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

৪. বৃস্পতিবাৰৰ পৰা আৰম্ভ দুৰ্গা পূজা

বৃহস্পতিবাৰে ষষ্ঠী। আৰম্ভ হ'ল দুৰ্গা পূজা। কোৰোনাৰ পৰিৱেশৰ মাজতে আনুষ্ঠানিকভাৱে কেৱল উদযাপিত হ'ব এই উৎসৱ। পূৰ্বৰ দৰে নাই বজাৰত ভিৰ । ৰাতি দেৰিলৈকে পূজা চোৱাৰ আমেজো ল'ব নোৱাৰিব ৰাজ্য বাসীয়ে। পূজা কেনেদৰে অনুষ্ঠিত কৰিব লাগিব সেই সন্দৰ্ভত ইতিমধ্যে স্বাস্থ্য বিভাগে জাৰি কৰিছে নিয়মাৱলী। ৯ বজাতে বন্ধ কৰিব লাগিব হোটেল ৰেষ্টুৰেন্ট। উঠিব নোৱাৰিব দুচকীয়া বাহনত দুজন পুৰুষ যাত্ৰী। 

৫. বুধবাৰে পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙাৰ মিহিমুখত আয়োজিত এক অনুষ্ঠানত ২০২০-২১ বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটক সকলৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰে । উদ্যান খনৰ কহৰা আৰু বাগৰি অঞ্চলত জীপ চাফাৰী আৰম্ভ হোৱাৰ লগতে বাকী দুটা ৰেঞ্জত নৱেম্বৰৰ পৰা মুকলি কৰা হ'ব।ইপিনে নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাতী চাফাৰী ।

৬. ৰাজ্যৰ ব্যক্তিগত খম্ডৰ বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণ কৰিলে চৰকাৰে

ৰাজ্য চৰকাৰে অৱশেষত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ মাচুল নিৰ্ধাৰণ কৰিলে। বহু সমালোচনাৰ অন্তত ৰাজ্যত কাঠফুলাৰ দৰে গজি উঠা ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণৰ নিয়ন্ত্ৰণ কৰা প্ৰক্ৰিয়াক আদৰণি জনাইছে অভিভাৱক সমাজে। ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া মাচুল অনুসৰি প্ৰতিখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে প্ৰাক প্ৰাথমিকৰ বাবে বছৰী ২৭ হাজাৰ টকা মাচুল নিৰ্ধাৰণ কৰি দিছে।

৭. কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি জয়ী হৈছে অভিনেতা সঞ্জয় দত্ত

সঞ্জয় দত্তই এই বেমাৰক জয় কৰিবলৈ সক্ষম হৈছে।অনুৰাগীসকলক তেওঁৰ সন্তানৰ জন্ম দিনৰ দিনাই তেওঁ ইনষ্ট্ৰাগ্ৰাম যোগে এই খবৰ জনাইছে অভিনেতাগৰাকীয়ে। তেওঁ পোষ্টটোত লিখে যে, তেওঁ এতিয়া সম্পূ্ৰ্ণ সুস্থ।ইয়াৰ লগতে  তেওঁৰ যত্ন লোৱা কোকিলাবেন হস্পিটালৰ  সকলো ডাক্তৰকো ধন্যবাদ জনাইছে জনপ্ৰিয় অভিনেতাজনে।

৮. এছ আই কেলেংকাৰীঃ অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণক ন্যায়িক জিম্মালৈ প্ৰেৰণ

ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল এছ আই প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰে জড়িত পূৰ্বৰ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ। বুধবাৰে আৰক্ষী অধীক্ষকগৰাকীৰ লগতে আন ২ অভিযুক্ত ক্ৰমে- সুৰোজ শৰ্মা আৰু জয়দ্বীপ বৰুৱাকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে, নাটকীয়ভাৱে আৰক্ষী মুখ্য কাৰ্যালয় উলুবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা কুমাৰ সঞ্জিত কৃষ্ণক ৫ দিনৰ জিম্মাত লৈছিল চিআইডিয়ে।

৯. তেলেংগানাত বানৰ তাণ্ডৱ! অভিনেতা প্ৰভাসে আগবঢ়াইছে ১.৫০ কোটি টকাৰ অনুদান

তেলেংগনাৰ বান পৰিস্থিতিৰ বাবে দক্ষিণ ভাৰতীয় অভিনেতা বাহুৱলী খ্যাত প্ৰভাসে ভুক্তভোগী জনসাধাৰণৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে। তেওঁ তেলেংগনাৰ মুখ্যমন্ত্ৰী সহায়নিধিলৈ আগবঢ়াইছে ১ কোটি ৫০ লাখ টকা। উল্লেখযোগ্য যে প্ৰভাসে কোভিড পৰিস্থিতিটো কেন্দ্ৰ তথা ৰাজ্যিক সহায় পুঁজিলৈ আগবঢ়াইছিল অনুদান।

১০. বৃহস্পতিবাৰৰ পৰা আৰম্ভ দুৰ্গা পূজা, দশমীত বন্ধ থাকিব সুৰাৰ বিপনী

২৬ অক্টোবৰত বন্ধ থাকিব সুৰাৰ বিপনী কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ড্ৰাই ডে' ঘোষণা । বিজয়া দশমী উপলক্ষে এই ঘোষনা জিলা প্ৰশাসনৰ । বুধবাৰে এই নিৰ্দেশনা দিয়ে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in