পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২০০৭০৯জনলৈ পাইছে বৃদ্ধি

ৰাজ্যত আকৌ ৩১৮জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০০৭০৯জনলৈ বৃদ্ধি পাইছে। ইফালে, দেওবাৰে সুস্ত হৈছে ৫৯৯জন লোক। ৰাজ্যত এতিয়ালৈকে সুস্থ হোৱা লোকৰ সংখ্যা ১৭১৬৮০জন। আনহাতে, চিকিৎসাধীন হৈ আছে ২৮১৫৮জন ৰোগী। উল্লেখ্য যে, দেওবাৰে কোৰোনাত আক্ৰান্ত ৩জনে প্ৰাণ হেৰুওৱাৰ পাছত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬৯জনলৈ পাইছে বৃদ্ধই।

২. অসম-মিজোৰাম সীমান্তত উত্তেজনাক লৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ

অসম-মিজোৰাম সীমান্তৰ লায়লাপুলত উত্তেজনা অব্যাহত। সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ যোগাযোগ PMOৰে। গৃহ মন্ত্ৰনালয়কো পৰিস্থিতি সন্দৰ্ভত সবিশেষ জনালে মুখ্যমন্ত্ৰীয়ে। মিজোৰামৰ মুখ্যমন্ত্ৰীৰেও টেলিফোনিক বাৰ্তালাপ সৰ্বানন্দ সোণোৱালৰ। সীমান্তৰ আইন-শৃংখলা পৰিস্থিতি অটুট ৰখাৰ পোষকতা দুয়োজন মুখ্যমন্ত্ৰীৰ । পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে ADGP মুকেশ আগৰৱালাক ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

৩. ৰন্ধ গেছ ডেলিভাৰীৰ নতুন নিয়ম ১ নবেম্বৰৰ পৰা

১ নবেম্বৰৰ পৰা ৰন্ধন গেছ ডেলিভাৰীৰ নতুন নিয়ম। গেছ বুকিঙৰ পিছত গ্ৰাহকে পাব ডেলিভাৰী অথেন্টিকেশ্যন ক'ড। পঞ্জীয়নভূক্ত ম'বাইললৈ আহিব এই ডেলিভাৰী অথেন্টিকেশ্যন ক'ড। গেছ ডেলিভাৰীৰ সময়ত জনাব লাগিব ৪টা সংখ্যাৰ এই ক'ড।

৪. আইপিএলঃ কলকাতাৰ হাতত পৰাস্ত হায়দৰাবাদ

দেওবাৰে আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলপথাৰত নামে ছান ৰাইজাৰ্ছ হায়দৰাবাদ। মেচখনত কলকাতাৰ হাতত পৰাস্ত হয় হায়দৰাবাদ। অৱশ্যে মেচখন প্রথমে ড্ৰ' হৈছিল যদিও ছুপাৰ অভাৰটোতহে খেলখনৰ ফলাফল নিৰ্ধাৰিত কৰিব পৰা যায়। উল্লেখ্য যে, দেওবাৰৰ এই মেচখনত প্রথমে বেটিং কৰি কলকাতাই ২০অভাৰত ১৬৩ ৰান সংগ্ৰহ কৰিছিল। ৫টা উইকেট হেৰুৱাই এই ৰান সংগ্ৰহ কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে। ইফালে, ছানৰাইজাৰ্ছ হায়দৰাবাদেও ৬ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ১৬৩ ৰান।

৫. আফগানিস্তানত বোমা বিস্ফোৰণ, নিহত ১২জনকৈ লোক

দেওবাৰে আফগানিস্তানত সংঘটিত হয় বোমা বিস্ফোৰণৰ ঘটনা। আৰক্ষীয়ে সদৰী কৰা অনুসৰি এখন বাহনত এই বোমাটো ৰখা হৈছিল আৰু এই ঘটনা সংঘটিত কৰা সন্ত্ৰাসবাদীৰ উদ্দেশ্য আছিল আফগান আৰক্ষী মুখ্য কাৰ্যালয়। জানিব পৰা মতে, এই বিস্ফোৰণত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু আহত হৈছে শতাধিক লোক।

৬. আছুৰ পৰা অৱসৰ ল'ব সমুজ্জল ভট্টাচাৰ্যই

আছুৰ পৰা অৱসৰ ল'ব ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। দেওবাৰে খোদ এই কথা সদৰী কৰিলে আছুৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। বিগত বহু দিন ধৰি অসুস্থ হৈ থকাৰ বাবে ঘৰতে চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য। গুৱাহাটী ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত হৈ এই বিষয়া সাংবাদিকৰ আগতে জনালে তেওঁ।

৭. ৯ ঘন্টা মানুহৰ দেহত ছালত সক্ৰিয় হৈ থাকে কোৰোনা ভাইৰাছ

জাপানৰ গৱেষকসকলে এটা গৱেষণাৰ জৰিয়তে দাবী কৰিছে, কোৰোনা ভাইৰাছ মানুহৰ ছালত ৯ ঘণ্টাৰ বাবে  সক্ৰিয় হৈ থাকে। তেওঁলোকে কয়, কোভিড-১৯ মহামাৰীৰ সতে মোকাবিলা কৰিবলৈ নিৰন্তৰ হাত ধুব লাগিব। অধ্যয়নটোৱে এই মাহত প্ৰকাশিত এখন আলোচনীত কৈছিল যে তুলনামূলকভাৱে এই ফ্লুৰ বাবে কাৰক হব পৰা পেথজ'লবোৰ প্ৰায় ১.৮ ঘণ্টা মানুহৰ ছালত জীয়াই থাকে।

৮. পুনৰ ৮ মাহৰ পাছত আৰম্ভ হ'ব ভাৰত-বাংলাদেশৰ মাজত বিমান সেৱা

কোৰোনাকেন্দ্ৰিক পৰিস্থিতি কিছু শাম কটাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ কিছু স্বাভাৱিক হৈছে জনজীৱন। শেহতীয়াকৈ বাংলাদেশেও ভাৰতলৈ বিমান যাত্ৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। অহা ২৮ অক্টোবৰৰ পৰা ভাৰতলৈ চলিব বাংলাদেশৰ পৰা বিমান। বিদেশ মন্ত্ৰাণালয়ে শেহতীয়াকৈ সদৰি কৰি তথ্যঅনুসৰি, তিনিটা এয়াৰলাইন্সে সপ্তাহত ২৮বাৰ যাত্ৰা কৰিব দুয়োখন দেশৰ মাজত।

৯. হায়দৰাবাদত বানৰ তাণ্ডৱ! ৫০জনকৈ লোকৰ মৃত্যু হৈছে বানত

দেশৰ দক্ষিণ প্ৰান্তত অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত কেইবাখনো ৰাজ্যত সৃষ্টি হৈছে বান। তেলেংগানা, অন্ধপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰত বিগত দিনকেইটাত অব্যাহত থকা মূষলধাৰ বৰষুণৰ ফলত পৰিস্থিতি অধিক চিন্তাজনক হৈছে। বহুলোক ৰাজ্যখনৰ বিভিন্নস্থানত আৱদ্ধ হৈ থকাৰ লগতে হায়দৰাবাদ চহৰত ৫০গৰাকী লোকৰ মৃত্যু হৈছে। উল্লেখ্য বিগত ৬টা দিন হায়দৰাবাদত বৰষুণ হৈ থকা সম্ভৱনা প্ৰকট কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

১০. স্বাধীনতা আন্দোলনত অসমৰ শ্বহীদসকলৰ অৱদানক লৈ নিৰ্মাণ কৰা হৈছে 'লাল-ৰেখা' শীৰ্ষক ধাৰাবাহিক

পোন প্রথমবাৰৰ বাবে স্বাধীনতা আন্দোলনৰ অসমৰ শ্বহীদ যুঁজাৰু সকলৰ বিষয়ে এক ধাৰাবাহিকৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰ কৰাৰ উদ্দেশ্যে আগত লৈ নিৰ্মাণ কৰা হৈছে 'লাল-ৰেখা'। অসমৰ শ্বহীদ যুঁজাৰুসকলৰ বিষয়টো মুল ভেঁটি হিচাপে লোৱাৰ লগতে লক্ষণীয় তথা এক আশাৰ কথা যে দূৰদৰ্শনত সম্প্ৰচাৰিত হ'ব লগা এই ধাৰাবাহিকখনৰ 'লাল' নামৰ মুখ্য চৰিত্ৰটোও ৰূপায়ন কৰিব এজন অসমীয়াই। ৩১ অক্টোবৰৰ পৰা প্ৰতি শনিবাৰ আৰু দেওবাৰে সন্ধিয়া ৭ বজাত সম্প্ৰচাৰিত হ'ব এই ধাৰাবাহিকখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in