পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১৯৯৭৪৯জনলৈ বৃদ্ধি

ৰাজ্যত আকৌ ৭৬৭জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৯৯৭৪৯জনলৈ পাইছে বৃদ্ধি। ইফালে, শুকুৰবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৯৩১জন লোক। সুস্থ হোৱা লোকৰ সংখ্যা অসমত ১৭০২৬৩জনলৈ পাইছে বৃদ্ধি। ইফালে, চিকিৎসাধীন হৈ আছে ২৮৬৩০জন ৰোগী। উল্লেখ্য যে, ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৫৩জন লোক।

২. আইপিএলঃ ৮ উইকেটত কলকাতাক পৰাস্ত কৰিলে মুম্বাইয়ে

আইপিএলত শুকুৰবাৰে খেলপথাৰত কলকাতাৰ সন্মুখত যুঁজ দিয়ে মুম্বাইয়ে। প্রথমে বেটিং কৰি ১৪৮ ৰান সংগ্ৰহ কৰে কলকাতাই। কলকাতাৰ টাৰ্গেট ভংগ কৰি জয়ী হয় মুম্বাই ইণ্ডিয়ানছ। ৮ উইকেটত জয়ী হয় মুম্বাই ইণ্ডিয়ানছ। মাত্ৰ ২টা উইকেট হেৰুৱাই মুম্বাই জয়ী হয় এই মেচখনত।

৩. শনিবাৰে কাতি বিহু

শনিবাৰে কাতি বিহু। অসমীয়া লোক জীৱনৰ সৈতে কাতি বিহু অতীতৰে পৰা এক সম্পৰ্ক আছিল যদিও, শেহতীয়াকৈ এই বিহুক লৈ পূৰ্বৰ দৰে উৎসাহ উদ্দীপনা নাইকিয়া হৈ আহিছে। উল্লেখযোগ্য যে, আহিনৰ শেষৰ দিনটোত কাতি বিহু উদযাপন কৰা হয়।  এইবাৰ কোৰোনা মহামাৰীৰ মাজতে ৰাজ্যজুৰি পালন কৰা হ'ব এই কাতি বিহু।

৪. সুশান্ত সিং ৰাজপুত আত্মহত্যা গোচৰঃ গ্ৰেপ্তাৰ ভুৱা খবৰ বিয়পোৱা এজনক

অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰক লৈ ভুৱা খবৰ বিয়পোৱা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। দিল্লীত বাস কৰা এই ব্যক্তিজনে নিজক অধিবক্তা বুলি জানিবলৈ দিছে আৰক্ষীক। দিল্লীৰ পৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে মুম্বাই মহানগৰলৈ লৈ আহিছে মুম্বাই আৰক্ষীয়ে।ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম বিভোৰ আনন্দ বুলি জানিব পৰা গৈছে।

৫. এছ আই কেলেংকাৰীঃ চিআইডিৰ জিম্মাত কুমাৰ সঞ্জিত কৃষ্ণ

৫ দিনৰ চি আই ডি জিম্মালৈ কুমাৰ সঞ্জিত কৃষ্ণ। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে তেওঁক হাজিৰ কৰোৱা হৈছিল আদালতত। এছ আই কেলেংকাৰী প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বিষয়াগৰাকীক। চি আই ডিয়ে জিম্মাত লৈছে আৰক্ষী অধীক্ষকগৰাকীক।

৬. অ'টিপি অবিহনে উপলব্ধ নহ'ব এলপিজি চিলিণ্ডাৰ

আগন্তক দিনত অ'টিপি অবিহনে উপলব্ধ নহ'ব এলপিজি চিলিণ্ডাৰ। এতিয়া আপোনাৰ ঘৰুৱা গেছৰ চিলিণ্ডাৰৰ হোম ডেলীভাৰী প্ৰক্ৰিয়া আগৰ দৰে নাথাকিব। এক নৱেম্বৰৰ পৰা সলনি হ'ব বিতৰণ প্ৰণালী।খবৰ অনুসৰি, তেল কোম্পানীবোৰে চুৰি প্ৰতিৰোধ আৰু সঠিক গ্ৰাহকক চিনাক্ত কৰাৰ বাবে নতুন এলপিজি চিলিণ্ডাৰৰ নতুন বিতৰণ প্ৰণালী আৰম্ভ কৰিব। এই নতুন চিস্টেমৰ নাম DAC  অৰ্থাৎ ডেলিভাৰী অথেনটিকেচন কোড।

৭. চাকৰি কেলেংকাৰীঃ পুনৰ পিএনাৰডিৰ চাকৰিৰ বজাৰ মেলা দালালক গ্ৰেপ্তাৰ

ৰাজ্যত বিভাগে বিভাগে মেলা হৈছে চাকৰিৰ বজাৰ। একাংশই এতিয়াও চলাই আছে চাকৰিৰ বজাৰখন। অন্য এক কলংকৃত অধ্যায় ক্ৰাইম ব্ৰাঞ্চৰ জালত। ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে ধন লৈ চাকৰি দিয়া বিজেপিৰ দালাল। এই দালাল জনৰ নাম ৰাজীৱ পৰাশৰ। পিএনআৰডিত চাকৰি দিয়াৰ নামত বহুতৰ পৰা ধন সংগ্ৰহ কৰিছিল ৰাজীৱ পৰাশৰে।

৮. NEET পৰীক্ষাৰ ফলাফল ঘোষণা, ১০০ শতাংশ নম্বৰ লাভ ওড়িশ্যাৰ মেধাৱী ছাত্ৰৰ

শুকুৰবাৰে ঘোষণা কৰা হ'ল  NEET ২০২০ পৰীক্ষাৰ ফলাফল। এই পৰীক্ষাত ইতিহাস ৰচনা কৰিলে ওড়িশ্যাৰ শ্বয়েব আফতাব নামৰ এজন পৰীক্ষাৰ্থীয়ে। শ্বয়েবে এই পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু  NEET পৰীক্ষাত পোন প্ৰথমবাৰলৈ ৭২০ নম্বৰ লাভ কৰি ইতিহাস ৰচিলে পৰীক্ষাৰ্থীজনে।

৯. এছ আই কেলেংকাৰীঃ ৫ দিনৰ চিআইডি জিম্মাত কুমাৰ সঞ্জিত কৃষ্ণ

৫দিনৰ চি আই ডি জিম্মালৈ কুমাৰ সঞ্জীত কৃষ্ণ। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে তেওঁক হাজিৰ কৰোৱা হৈছিল আদালতত। এছ আই কেলেংকাৰী প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বিষয়াগৰাকীক। চি আই ডিয়ে জিম্মাত লৈছে আৰক্ষী অধীক্ষকগৰাকীক।

১০. এজেপিৰ জাতীয় যুৱ শক্তিৰ আত্মপ্ৰকাশ

শুকুৰবাৰে আত্মপ্ৰকাশ ঘটিল এজেপিৰ ভাতৃ সংগঠন 'জাতীয় যুৱ শক্তি'ৰ। ঐতিহাসিক কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আত্মপ্ৰকাশ কৰে সংগঠনটোৱে। ৰাজ্যৰ ২৮৫গৰাকী যুৱ প্ৰতিনিধিয়ে যোগদান কৰে জাতীয় যুৱ শক্তিত। ইফালে, গঠন কৰি দিয়া হৈছে এক আহ্বায়ক সমিতি। এই আহ্বায়ক সমিতিত আছে ১২গৰাকী মুখ্য আহ্বায়ক আৰু ৭৫গৰাকী ৰাজ্যিক আহ্বায়ক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in