পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ৬০জন কামৰূপ মেট্ৰ'ৰ, ১৩জন কামৰূপ গ্ৰাম্যৰ, ৯জন নগাঁৱৰ আৰু ৭জন যোৰহাটৰ। ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১৮৮জন ৰোগী। চৰকাৰী তথ্য অনুসৰি বৃহস্পতিবাৰৰ দিনটোত পজিটিভিটী হাৰ ০.৪৪ শতাংশ। ইফালে, উক্ত দিনটোত ৰাজ্যত সুস্থ হয় ১৯৮জন লোক। উল্লেখ্য যে, বৃহস্পতিবাৰে অসমত কোৰোনাত আক্ৰান্ত ৩জন লোকে হেৰুৱাই প্ৰাণ।

২. গোৱালপাৰাৰ বলবলাৰ গধাৰবড়িত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ইয়ন আৰু ছুইফট ডিজায়াৰ বাহনৰ মাজত সংঘটিত হৈছে মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত শিশুসহ কমেও ৫জন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাক লৈ ঘটনাস্থলীত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ। এই ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহনৰ নম্বৰ ক্ৰমে এএছ ০১ ডিইউ ১৪২৬ আৰু এএছ ২৩ এম ৬৫০১

৩. নগাঁৱৰ হয়বৰগাঁৱত হেৰ'ইন সহ দুজনক গ্ৰেপ্তাৰ ৷ গ্ৰেপ্তৰ কৰা ব্যক্তি দুজনৰ নাম ক্ৰমে হৰেন্দ্ৰ মুদৈ আৰু চাহিল হুছেইন ৷ হয়বৰগাঁও আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি এল এম বি পথত নিশা ৮ বজাত অভিযান চলায়। এই অভিযান চলাই হেৰ'ইন সহ হৰেন্দ্ৰ মুদৈক প্ৰথমে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ পিছত মুদৈৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা ১৭ বছৰীয়া চাহিল হুছেইনকো গ্ৰেপ্তাৰ কৰা হয়৷ ধৃত হৰেন্দ্ৰ মুদৈৰ পৰা ২০ টা হেৰ'ইনৰ কন্টেইনাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

৪. পুনৰ দেশত সৃষ্টি হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি। কিয়নো কোৰোনাৰ অতি সংক্ৰামক নতুন প্ৰজাতি অমিক্ৰ'ম পালেহি ভাৰত। কৰ্ণাটকৰ দুজন লোকৰ দেহত ধৰা পৰিছে এই প্ৰজাতিৰ সংক্ৰমণ। দুয়োগৰাকী লোক দক্ষিণ আফ্ৰিকাৰ পৰা আহিছিল বুলি প্ৰশাসনৰ তথ্য। দুয়োজনকে চিকিৎসালয়ত আছুতীয়া কক্ষত ৰখা হৈছে।

৫. নগাঁও বিশেষ কাৰাগাৰৰ পৰা হাজোতীৰ পলায়ন৷ কাৰাগাৰৰ পৰা পলায়ন কৰা হাজোতীটোৰ নাম ইজাজুল ইছলাম৷ ঘৰ নগাঁও চহৰৰ সমীপৱৰ্তী কাতিমাৰীত৷ এক চুৰি গোচৰত অভিযুক্ত আছিল ইজাজুল। বুধবাৰে হয়বৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ইজাজুলক আদালততে প্ৰেৰণ কৰিছিল নগাঁও বিশেষ কাৰাগাৰলৈ৷ নগাঁও বিশেষ কাৰাগাৰৰ পৰা হাজোতী পলায়নৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য।

৬. সোণোই ৰূপাই অভ্যয়াৰণ্যত গুলীয়াগুলীৰ ঘটনা। চোৰাং কাঠ ব্যৱসায়ীৰে বনৰক্ষীৰ গুলীয়াগুলী। দীৰ্ঘেশ্বৰী বন শিবিৰৰ কাষত সংঘটিত হৈছে এই ঘটনা। ১৫ জনীয়া এটা চোৰাং কাঠ ব্যৱসায়ীৰ দল প্ৰৱেশ কৰিছিল সোণাই ৰূপাইত। ইয়াৰ পিছতে তদলদাৰী বনৰক্ষীৰ মুখামুখি হয় দলটো। বনৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি প্ৰথমে চোৰাং কাঠ ব্যৱসায়ী দলটোৱে চলাইছিল গুলী। ইয়াৰ পিছেতে বনৰক্ষীৰ দলটোৱে প্ৰত্যুত্তৰ দিয়ে আৰু এটা চোৰাং কাঠ ব্যৱসায়ী গুলীবিদ্ধ হয়। গুলীবিদ্ধ চোৰাং কাঠ ব্যৱসায়ীটোৰ নাম হালনা দৈমাৰী।

৭. মাজুলীত ঘটিল অঘটন। ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে। নিমাতী ঘাটৰ পৰা মাজুলী কমলাবাৰী ঘাটলৈ আহি আছিল ফেৰীখন। ব্ৰহ্মপুত্ৰত জাপ দিয়া লোকজনে আত্মহত্যা কৰাৰ সন্দেহ। পিন্ধি থকা লাইফ জেকেট খুলি পানীত জাপ দিয়ে ব্যক্তিগৰাকীয়ে। এতিয়ালৈকে সন্ধান ওলোৱা নাই ব্যক্তি গৰাকীৰ। ডিগাৰু নামৰ ফেৰীখনৰ পৰা জাপ দিছিল ব্যক্তিজনে। ব্যক্তিজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা নাই।

৮. অসম দিৱস বা চুকাফা দিৱসত ৰাজ্যজুৰি সোঁৱৰিছে অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাক । বৃহস্পতিবাৰে অৰ্থাৎ আজিৰ দিনটো ৰাজ্যৰ ভিন্ন প্ৰান্তত দল সংগঠনৰ নেতৃত্বত আয়োজন কৰা হয় অসম দিৱস । প্ৰতিটো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমক গঢ় দিওতা চাওলুং চুকাফাক আজি দিনটোত বিভিন্ন জনে স্মৰণ কৰে। চৰাইদেউতো উদযাপন কৰা হৈছে চুকাফা দিৱস।

৯. ভাৰতৰ নিৰ্মাণ শ্ৰমিক ফেডাৰচনৰ আহ্বানত নিৰ্মাণ শ্ৰমিকৰ দেশজোৰা ধৰ্মঘট কাৰ্যসূচী হিচাপে নগাঁও মহাবিদ্যালয়ৰ ক্লক টাৱাৰৰ সন্মূখত বৃহস্পতি বাৰে নগাঁও জিলাৰ শ্ৰমিক ইউনিয়নে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। নিৰ্মাণ শ্ৰমিক আইন ৰক্ষা কৰক,নিৰ্মাণ শ্ৰমিকৰ কল‍্যান ধন শ্ৰমিকৰ কল‍্যানৰ অৰ্থে ব‍্যৱহাৰ কৰাকে লৈ ৯দফীয়া দাবীৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।প্ৰতিবাদৰ অন্তত ৯দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ নগাঁৱৰ উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শ্ৰম আয়ুক্তলৈ প্ৰেৰণ কৰিব বুলি প্ৰতিবাদকাৰীয়ে জানিবলৈ দিয়ে।

১০. ঘোষণা কৰা হ'ল অসম বৈভৱ বঁটা। নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই বঁটা। এইবাৰ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে উদ্যোগপতি ৰতন টাটালৈ। অসম বৈভৱ বঁটা হ'ল ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in