পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ১৮৭জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১০০জন কামৰূপ মেট্ৰ'ৰ, ১২জন তিনিচুকীয়াৰ, ১০ জন নলবাৰীৰ, ৬জন বৰপেটাৰ। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১২৬৫জন ৰোগী। বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ১৯৫জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৫জনৰ মৃত্যু হয়।

২. তেজপুৰত আৰক্ষীৰ জালত আৰক্ষী কনিষ্টবল । বৰঘাট আৰক্ষী চকীত শোণিতপুৰ আৰক্ষীৰ অভিযান। ৫ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত আটক কনিষ্টবল দেৱব্রত বিশ্বাসক। কনিষ্টবল দেৱব্রতৰ পকেটৰ পৰা উদ্ধাৰ নগদ ১৩ হাজাৰ টকা। থানা চৌহদৰ আবাস গৃহৰ পৰা উদ্ধাৰ ২০ হাজাৰ টকা। লগতে উদ্ধাৰ ১৪ টুকুৰা সোণৰ বিস্কুট। সোণৰ টুকুৰাকেইটা নকল নে আচল তদন্তৰ পিছতহে জানিব পৰা যাব। উদ্ধাৰ হোৱা ২০ হাজাৰ টকা জৰিমনাৰ ধন বুলি উল্লেখ। সম্প্রতি দেৱব্রতৰ খনামুখস্থিত বাসগৃহত চলিছে অভিযান ।

৩.  নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী মধুপুৰত বুধবাৰে সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই এটা ভাড়াঘৰৰ পৰা জাল নোট সহ এজন লোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ৫০০ টকীয়া জাল নোটৰ লগতে জাল নোট বনোৱা মেচিন, কাগজকে ধৰি কেতবোৰ সামগ্ৰীও জব্দ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন নাম হৈছে ফাৰুক হুছেইন (৪৫)। ধৃত লোকজনৰ ঘৰ জাগীৰোড থানাৰ অন্তৰ্গত আলিচিঙাত। ফাৰুকে মধুপুৰৰ চাইজুল আৰু আব্দুল কালাম নামৰ লোক দুজনৰ ঘৰ ভাড়াত লৈ জাল নোট প্ৰস্ত্তত কৰি মানুহক প্ৰৱঞ্চনা কৰি আহিছিল ।

৪. নলবাৰীত ব্রহ্মপুত্রত গা ধুবলৈ গৈ নিখোজ এজন যুৱক। নিখোজ হোৱা যুৱকজনৰ নাম মহম্মদ আলী ওৰফে ফালু। বৰক্ষেত্রীৰ কুৰিহামাৰি চৰত সংঘটিত এই ঘটনা। বিয়লি ভাগত নদীত গা ধুবলৈ গৈছিল মহম্মদ আলী। নদীৰ পাৰত উদ্ধাৰ ফালুৰ ম'বাইল ফোন, চেণ্ডেল, পিন্ধা কাপোৰ। নিশা হোৱাৰ বাবে পুৱাহে উদ্ধাৰ অভিযান চলাব SDRF-এ।

৫.  নগাঁৱত অস্বাভাবিক ভাবে বৃদ্ধি পাইছে এইডছ ৰোগীৰ সংখ্যা ৷ এইডছত আক্ৰান্ত সৰহ সংখ্যকে আকৌ ভয়াবহ ড্ৰাগছ লোৱাৰ ফলতে হোৱা বুলি নগাঁৱৰ স্বাস্হ্য বিভাগে নিশ্চিত কৰিছে৷ উদ্বেগজনক বিষয় এই যে, ভয়াবহ এইডছৰ কৱলত পৰিছে তিনিটাকৈ শিশু ৷ ইয়াৰ বাহিৰেও একাধিক গৰ্ভৱতী মহিলাও আক্ৰান্ত হৈছে এইডছত ৷ নগাঁৱৰ স্বাস্হ্য বিভাগে এই তিনিটা শিশুক জখলাবন্ধাত চিকিৎসা প্ৰদান কৰি আছে ৷ ইফালে, মহখুলিত চিকিৎসা প্ৰদান কৰি থকা হৈছে গৰ্ভৱতী মহিলা কেইগৰাকীক ৷

৬. কোকৰাঝাৰ জিলাৰ কচুগাঁৱৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ কাৰিকৰবস্তিৰ সমৰসিং নাৰ্জাৰী (৫০) নামৰ এগৰাকী লোক কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত বাতৰি অনুসৰি গোসাঁইগাঁও মহকুমাৰ কচুগাঁওস্থিত ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া ৬:০০ মান বজাত এখন ট্ৰাক আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয় ।কচুগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লাটুক দাসে সদৰি কৰা মতে দ্ৰুতবেগী ট্ৰাক এখনে বিপৰীত দিশৰ পৰা আহি থকা মটৰ চাইকেলক খুন্দা মৰাৰ পৰিণতিতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ।

৭. নুৰুল আমিন ষ্টেডিয়ামত চলি থকা নগাঁও ক্ৰীড়া সংস্থাৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস কাপ প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ বুধবাৰে অনুষ্ঠিত খেলত দুলীয়াজানৰ আপাৰ আসাম ক্লাৱে গোসাইগাঁৱৰ গ্লোবেল ফুটবল ক্লাৱক ছাডেন ডেঠৰ সহায়ত ১০-৯ গ'লত পৰাস্ত কৰি পৰৱৰ্তী ৰাউন্ডলৈ গৈছে। আপাৰ আসাম ফুটবল ক্লাৱৰ আকাশ কৰ্মকাৰে ৭ মিনিটত দিয়া গ'লটো গ্ল'বেলৰ হৈ পেনাল্টী কিক যোগে লাহিত নাৰ্জাৰীয়ে ৫০ মিনিটত পৰিশোধ কৰাত নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ'লত ড্ৰ' হৈ থকাত টাই ব্ৰেকাৰ (৪ – ৪) আৰু ছাডেন ডেঠৰ সহায়ত ফলাফল নিৰ্ণয় কৰা হয়।

৮. মৰিগাঁও জিলাৰ অন্তৰ্গত বানে গৰকা গাগলমাৰী পঞ্চায়তৰ উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান বৰবৰী মাধ্যমিক বিদ্যালয়ত বুধবাৰে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত এটা নৱনিৰ্মিত বিল্ডিং গৃহৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈয়ে। অসম চৰকাৰৰ সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত গুৱাহাটীৰ এজন ঠিকাদাৰে নিবিদা যোগে লাভ কৰা নতুন বিল্ডিং গৃহটোৰ বাবদ নিৰ্মাণ ব্যয় হ'ব মুঠ ২ কোটি ৪৪ লাখ টকা।

৯. লাহে লাহে কোভিডৰ নতুন ভেৰিয়েন্ট অ'মিক্ৰনক লৈ চিন্তিত হ'বলৈ ধৰিছে ভাৰতৰ সৰ্বসাধাৰণ লোক। ১৫ ডিচেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হ'বলগীয়া সিদ্ধান্ত পুনৰ সলনি কৰিবলগীয়া হৈছে। অমিক্ৰ'নৰ বাবে কৰিবলগীয়া হৈছে এনে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভাগীয় বিষয়াসমূহক এই বিষয়ে পুনৰ বিবেচনা কৰিবলৈ ইতিমধ্যে কৈছে।ডায়ৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্যনৰ তৰফৰ পৰা জাৰি কৰা এক জাননীত কোৱা হৈছে যে – 'বিশ্বজুৰি সলনি হোৱা পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি আমি তীক্ষ্ণ নজৰ ৰাখিছো। 

১০. গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সন্থা নিৰ্বাচনৰ ফলাফল ঘোষণা। বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ উপ সভাপতি হিচাপে নিৰ্বাচিত নৱদ্বীপ বৰগোঁহাই। নৱদ্বীপ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী। নৱদ্বীপে লাভ কৰিলে মুঠ ৪৮০ টা ভোট। ইয়াৰ পিছেত নৱদ্বীপক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই শুভেচ্ছা জ্ঞাপন কৰিছে। নৱদ্বীপৰ বিজয়ত তেওঁৰ অনুৰাগীসকলে আনন্দ-উল্লাস প্ৰদৰ্শন কৰিছে। ইফালে, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে বিকি শৰ্মা। বিকি শৰ্মা আছিল এনএছইউআইৰ প্ৰাৰ্থী। এই নিৰ্বাচনত এনএছইউআইৰ ৫জন প্ৰাৰ্থী বিজয়। সহকাৰী সাধাৰণ সম্পাদক পদত জয়ী হৈছে এনএছইউআইৰ প্ৰাৰ্থী ৰশ্মি কলিতা। সমাজ সেৱা সম্পাদক হিচাপে নিৰ্বাচিত হৈছে এনএছইউআইৰ প্ৰাৰ্থী বিষোৱ মেধি। খেল বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে এনএছইউআইৰ প্ৰাৰ্থী গণেশ বড়ো। সাহিত্য বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে এনএছইউআইৰ প্ৰতীম দেৱ শৰ্মা। আটাইকেইগৰাকী এনএছইউআইৰ প্ৰাৰ্থীকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জনাইছে অভিনন্দন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in