পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১৮৫৪৪৪জনলৈ পাইছে বৃদ্ধি

অসমত আকৌ ১৬৩২জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ইয়াৰে ৩৮৭জন কামৰূপ মেট্ৰ, ১৪০জন যোৰহাট আৰু ১১৮জন ডিব্ৰুগড়ৰ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৮৫৪৪৪জনলৈ পাইছে বৃদ্ধি। অসমত শনিবাৰে কোৰোনাত আক্ৰান্ত ১৮১৩জন লোক হৈছে সুস্থ। এতিয়ালৈকে ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৫০৭৭৩জনলৈ পাইছে বৃদ্ধি। ইফালে, চিকিৎসাধীন হৈ আছে ৩৩৯৩৩জন ৰোগী। উল্লেখ্য যে, শনিবাৰলৈ ৰাজ্যত কোৰোনাত মৃত্যু হৈছে ৭৩৫জন লোকৰ।

২. হথৰাছ ধৰ্ষণকাণ্ডঃ চিবিআইয়ে কৰিব তদন্ত, যোগী চৰকাৰে দিছে নিৰ্দেশ

হথৰাছ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ তদন্ত আৰম্ভ কৰিব চিবিআইয়ে। উত্তৰপ্ৰদেশৰ যোগী আদিত্য নাথ চৰকাৰে এই ঘটনাক লৈ চিবিআইক তদন্ত কৰাৰ নিৰ্দেশ দিছে। এই ঘটনাক লৈ চলোৱা প্ৰাৰম্ভিক তদন্তৰ এছ আই টিয়ে ৰিপৰ্ট ৰাজ্য চৰকাৰক দিছে আৰু ইয়াৰে পাছৰ তদন্তৰ বাবে সাজু হৈছে।

৩. এছ আই কেলেংকাৰীঃ শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব অভিযুক্ত পি কে দত্ত

অতি শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্ত। আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক জি পি সিঙে কৰে এই ঘোষণা। লগতে তেওঁ কয়- 'নেপালতে থাকক বা আন ক'ৰবাত থাকক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব দত্ত। দিবন ডেকাৰ ওপৰত চলোৱা তদন্তৰ ওপৰত ভিত্তি কৰি আৰু গ্ৰেপ্তাৰ হ'ব বহুকেইজন । দিবন ডেকাৰ জীৱনৰ প্ৰতি ভাবুকি থকাৰ বাবে এছ বি ব্ৰান্সৰ ল'কআপত ৰাখা হৈছে ডেকাক ।'

৪. অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ কেলেংকাৰী গোচৰ, শনিবাৰে গ্ৰেপ্তাৰ মহানগৰীৰ অভিজিৎ বড়োক

অব্যাহত আছে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ কেলেংকাৰী গোচৰৰ তদন্ত। শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় অভিজিৎ বড়ো নামৰ এজন ব্যক্তিক। গুৱাহাটীৰ ঘোৰামোৰা চাৰিআলিত বাস কৰা অভিজিৎ বড়ো এছ আই (ইউ বি)ৰ প্ৰাৰ্থী। জানিব পৰামতে, ইন্টাৰভিউ'ৰ নিশা অৰ্থাৎ ১৯ আৰু ২০ ছেপ্টেম্বৰত হোটেল ভাৰ্গৱতে নিশা কটাইছিল অভিজিৎ বড়োৱে। 

৫. ৫ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত অনিৰ্দিষ্টকালীন চকা বন্ধ

অহা সোমবাৰ অর্থাৎ ৫ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকাললৈ ব্যৱসায়িক যাত্ৰীবাহী যান-বাহনৰ চকা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব। সদৌ অসম মটৰ পৰিবহন সন্ধাই বহু কেইটা দাবীত এই চকা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰিব। ব্যৱসায়িক যাত্ৰীবাহী যান-বাহনৰ মালিক আৰু শ্ৰমিকৰ লগতে সমূহ ৰাইজক চকা বন্ধ কাৰ্যসূচী পালন কৰিবলৈ আৰু সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে সদৌ অসম মটৰ পৰিবহন সন্ধাই। 

৬. লখিমপুৰত বিজেপি-অগপক এৰি সহস্ৰাধিক কৰ্মীৰ এজেপিত যোগদান

তৃণমূলত এজিপি বিজেপি মিত্ৰজোঁটৰ প্ৰতি অশনি সংকেত কঢ়িয়াইছে নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদে৷ বিজেপি, অগপ, কংগ্ৰেছৰ ভেটিত মোক্ষম আঘাত সানি আত্মপ্ৰকাশ ঘটিল নতুন দল এজেপিৰ আনুষ্ঠানিক ভাৱে লখিমপুৰত ৷ বিজেপিৰ মিত্ৰজোঁটৰ ভেটিত কঁপনি তুলি আত্মপ্ৰকাশৰ দিনটোতে লখিমপুৰত এজেপিত যোগদান কৰে প্ৰায় সহস্ৰাধিক বিজেপি মিত্ৰজোঁটৰ কৰ্মীয়ে ৷

৭. বিশিষ্ট মঞ্চাভিনেতা শংকৰ চক্ৰৱৰ্তীৰ দেহাৱসান

বিশিষ্ট মঞ্চাভিনেতা শংকৰ চক্ৰৱৰ্তী(৪৯) আৰু নাই। বিগত প্ৰায় এপষেক ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুৰ সৈতে যুঁজি অৱশেষত শনিবাৰে জীৱন নাটৰ যৱনিকা পেলালে অভিনেতাজনে। অভিনয় আৰু শিল্প সাধনাত ব্ৰতী নলবাৰীৰ এইগৰাকী সুদক্ষ অভিনেতাৰ কৰুণ জীৱন গাথাই শেহতীয়াকৈ সকলোকে চিন্তিত কৰি তুলিছিল।

৮. কাৰ্বি আংলং আৰক্ষীৰ তৎপৰতাত জব্দ ৯৭ হাজাৰ নিচাযুক্ত টেবলেট

কাৰ্বি আংলং আৰক্ষীৰ তৎপৰতাত ৯৭ হাজাৰ নিচাযুক্ত টেবলেট জব্দ। বোকাজানৰ ডিলাই আৰক্ষীৰ বিশেষ নাকাবন্দীত জব্দ কৰে নিচাযুক্ত টেবলেটখিনি। MN 01 7632 নম্বৰ এখন ট্ৰাকত মণিপুৰৰ পৰা গুৱাহাটীলৈ নি আছিল নিচাযুক্ত টেবলেটখিনি। ট্ৰাকখনৰ গোপনীয় কেবিনত উদ্ধাৰ কৰা হয় ৯৭ হাজাৰ নিচাযুক্ত টেবলেট।

৯. বিশ্বৰ সবাতোকৈ দীঘল সুৰংগ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

শনিবাৰে হিমাচলপ্ৰদেশৰ ৰোহতাগত মুকলি কৰা হয় বিশ্বৰ সবাতোকৈ দীঘল সুৰংগটো উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই সুৰংগটোৰ নাম ৰখা হৈছে অটল সুৰংগ।

১০. যৌন নিৰ্যাতনৰ গোচৰত চলচ্চিত্ৰ পৰিচালক অনুৰাগ কাশ্যপক ৮ ঘন্টা জেৰা

চলচ্ছিত্ৰ পৰিচালক অনুৰাগ কাশ্যপক ৮ঘন্টা ধৰি জেৰা মুম্বাই আৰক্ষীৰ। পায়েল ঘোষক যৌন নিৰ্যাতনৰ গোচৰত এনেদৰে জেৰা কৰা হয় কাশ্যপক। চাৰিটাকৈ ধাৰাত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। সকলো অভিযোগ নস্যাত কৰিছে কাশ্যপে। এক চক্ৰৰ এয়া পূব পৰিকল্পিত অভিসন্ধি বুলি মন্তব্য কৰে কাশ্যপে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in