পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ২১৪জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ইয়াৰে ১২৩জন কামৰূপ মেট্ৰ'ৰ, ১২জন কামৰূপ গ্ৰাম্যৰ, ১১জন যোৰহাটৰ আৰু ৯জন শোণিতপুৰৰ। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৫৯৬জন ৰোগী। উল্লেখ্য যে, বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ২৪৫জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত দুজন লোকৰ মৃত্যু।

২. মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল ছাংমাৰ টিএমচিত যোগদান। ৰাজ্যখনৰ ১৮জন কংগ্ৰেছ বিধায়কৰ ভিতৰত ১২জন বিধায়কে যোগ দিয়ে টিএমচিত। বৃহস্পতিবাৰে সংবাদমেল যোগে সকলো স্পষ্ট কৰিব মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মেঘালয়ত কংগ্ৰেছৰ ভিতৰৰ পৰা এনেদৰে আন ৰাজনৈতিক দলত এতিয়া যোগদান কৰিছে সদস্য তথা বিধায়কসকলে।

৩. তিনিচুকীয়া আৰক্ষীৰ গুলীত বুধবাৰে ধৰাশায়ী হয় ডিমাপুৰৰ দুই ড্ৰাগছ সৰবৰাহকাৰী । গুলীবিদ্ধ দুই সৰবৰাহকাৰী সম্প্ৰতি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । জানিব পৰা মতে, চোৰাংচোৱাৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত বুধবাৰে সন্ধ্যা প্ৰায় ৫.৩০ বজাত তিনিচুকীয়া আৰক্ষীৰ এটা দলে তিনিচুকীয়া-পানীতোলা বাইপাচত তালাচী অভিযান চলাই থকাৰ মাজতে এখন তীব্ৰবেগী বাহনে কৰ্তব্যৰত আৰক্ষীৰ দলটোক অতিক্ৰমী তিনিচুকীয়া দিশে ধাৱমান হোৱাত আৰক্ষীৰ দলটোৱে বাহনখনৰ চকালৈ লক্ষ্য কৰি গুলীচালনা কৰে ।

৪. সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হ'ল বীৰ লাচিতৰ স্মৃতি দিৱস। তাৰ মাজতে এক ব্যতিক্ৰম ৰূপত বীৰ লাচিতক স্মৰণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ সঞ্জীৱ কুমাৰ চাহুৱে। শৰাইঘাট যুদ্ধৰ মহানায়ক লাচিত বৰফুকনৰ ৩৯৯তন জন্ম দিৱসত ৰংঘৰৰ বাকৰিৰ পৰা গুৱাহাটীৰ ফাঁচী বজাৰৰ নিগলত স্থিত লাচিতৰ প্ৰতিমূৰ্তি লৈকে প্ৰায় ৩৯৯ কিলোমিটাৰ চাইকেল চলাই বৰফুকনক স্মৰণ কৰে ড০ চাহুৱে।

৫. ৰাজ্যত ধাৰাবাহিক ভাৱে সংঘটিত হৈ আছে পথ দুৰ্ঘটনা। প্ৰতিদিনে সংঘটিত হৈ থকা এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বহুজনে। মঙ্গলবাৰে নিশাও বকোত বোন্দাপাৰাত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু টাটা চুমুৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। ফলত ধ্বংসস্তূপত পৰিণত হৈছে টাটা চুমুখন।

৬.  নিবনুৱা যুৱক যুৱতীৰ বাবে ভালখবৰ। অসম আৰক্ষীত শীঘ্ৰে নিযুক্তি দিয়া হ'ব কেইবাহাজাৰ নিযুক্তি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে এটা সপ্তাহৰ ভিতৰত ৰাজ্যত ৫টা নতুন কামাণ্ডো বেটেেলিয়ন গঠন আৰু ৬ হাজাৰ জোৱান নিয়োগ সংক্ৰান্তীয় বিজ্ঞাপন প্ৰকাশ পাব।  আগন্তুক ১০ মে'ৰ ভিতৰত ৰাজ্যত ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। এই বিষয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

৭. প্ৰথমবাৰৰ বাবে বঙাইগাঁৱত অনুষ্ঠিত হৈছে ৰাজ্যিক কেবিনেট বৈঠক। বুধবাৰৰ ১১ বজাৰ পৰা বঙাইগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হৈছে এই কেবিনেট বৈঠক। বৈঠকৰ পূৰ্বে জিলা উপায়ুক্তৰ কাৰ্যালয়ত বীৰ লাচিতৰ প্ৰতি শ্ৰদ্ধা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে বিধানসভাৰ অধ্যক্ষ বিশ্বিজিৎ দৈমাৰীৰ লগতে অন্যান্য মন্ত্ৰী সকলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠক প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত ধেমাজিত অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে দিছপুৰৰ বাহিৰত আৰু প্ৰথমবাৰৰ বাবে বঙাইগাঁৱত অনুষ্ঠিত হয়।

৮. ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী, প্ৰশাসনৰ অভিযান অব্যাহত থকাৰ মাজতে পুনৰ আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য। গুৱাহাটী আৰক্ষীয়ে বুধবাৰে এগৰাকী ব্যক্তিৰ পৰা জব্দ কৰিছে ৫০ হাজাৰ ৱৰ্ল্ড ইজ ইয়ৰ্ছ নামৰ নিচাজাতীয় টেবলেট। এক টুইটৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই এই বিষয়ে উল্লেখ কৰি কৈছে যে, গুৱাহাটী আৰক্ষীৰ সফলতাৰে ৫০,০০০ 'ৱৰ্ল্ড ইজ ইয়ৰ্ছ' টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

৯. দীৰ্ঘদিনৰ বিৰতি পিচত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ ৷ মঙ্গলবাৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে মৈদাম থলী। মৈদামৰ মূল প্ৰৱেশ দ্বাৰত এইবাৰ দৰ্শনাৰ্থীৰ বাবে ডিজিটেল টিকটৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা মৈদামৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশ প্ৰত্যক্ষ কৰিবলৈ দৰ্শনাৰ্থীয়ে ঐতিহাসিক মৈদাম ক্ষেত্ৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

১০. অতি শীঘ্ৰেই সত্ৰৰ মাটি বেদখল কৰা হ'ব,গঠন কৰা হ'ল কমিটী।  অসম আন্দোলনৰ শ্বহীদ আৰু নিৰ্যাতিতাৰ বাবে ন্যাস। ৰাজ্যত সামান্য বৃদ্ধি হ'ব আবকাৰী কৰ। বিধায়ক প্ৰদীপ হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদান। চহৰৰ মাটি ল'বৰ বাবে ১০ বছৰ দখলত থাকিব লাগিব। ৰাজ্যিক শিক্ষা ব্যৱস্থাত হ'ব আমূল পৰিৱৰ্তন। ৫+৩+৩+৪ আৰ্হিত হ'ব শ্ৰেণী সমূহ।  ছেবা আৰু শিক্ষা সংসদ সংলগ্ন কৰা হ'ব। ১৫ টা শ্ৰেণীত হ'ব স্কুলীয়া শিক্ষা। ৫ জানুৱাৰী পৰা হাফলঙত হ'ব কেবিনেট বৈঠক। বঙাইগাঁৱত নতুন উপায়ুক্ত কাৰ্য্যালয় নিৰ্মাণৰ বাবে ৫০ কোটি আবন্টন। বঙাইগাঁৱত নিৰ্মাণৰ কৰা হ'ব নতুন ষ্টেডিয়াম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in