পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ১২৯জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ৫১জন কামৰূপ মেট্ৰ'ৰ, ১৪জন শোণিতপুৰৰ, ১০জন ডিব্ৰুগড়ৰ আৰু ১০জন যোৰহাটৰ। এতিয়ালৈকে দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৬১৩৯১৩জনলৈ পাইছে বৃদ্ধি। ইফালে, দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ২৪৩জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু হয়। উল্লেখ্য যে, এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৮০৯জন ৰোগী।

২. টি-২০ বিশ্বকাপ ২০২১ৰ মহাৰণত জয়ী হ'ল অষ্ট্ৰেলিয়া। নিউজিলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী হাতত তুলি ল'লে অষ্ট্ৰেলিয়াই। নিউজিলেণ্ডে বান্ধি দিয়া ১৭৩ ৰানৰ লক্ষ্য ভেদি বিশ্বকাপৰ খিতাপ নিজৰ নামত কৰিলে কাংগাৰু বাহিনীয়ে। মেচ খনত প্ৰথমে বেটিং কৰি ১৭২ ৰান সংগ্ৰহ কৰে নিউজিলেণ্ডে। কিন্তু নিউজিলেণ্ডে বান্ধি দিয়া লক্ষ্যত উপনীত হ'ল অষ্ট্ৰেলিয়া। প্রথমবাৰলৈ টি-২০ বিশ্বকাপৰ মহাবিজয়ী হ'ল অষ্ট্ৰেলিয়া ক্ৰিকেট দল।

৩. চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে নগাঁও চহৰত৷ নিশাই নহয়, দিনতো চোৰে হাত চাফাই কৰি আহিছে নগাঁৱত৷ বহু লোকে চোৰ হোৱাৰ পিছত আৰক্ষীৰ ওচৰ চাপিছে যদিও চোৰ কৰায়ত্ব কৰাত নগাঁও আৰক্ষীৰ ব্যৰ্থতাৰ বাবে বহু লোকে গোচৰ দিয়াৰ পৰা আঁতৰি আছে ৷ দেওবাৰে চহৰখনৰ তেলিয়াপট্টিত চোৰে দিনতে চোৰ কৰি নিলে চাৰি-পাঁচ লাখ টকা ৷ তেলিয়াপট্টি চাৰি আলিত থকা এখন দোকানৰ পৰা বিয়লি চাৰিমান বজাত এই বৃহৎ পৰিমানৰ ধন লৈ উধাও হয় ৷

৪. যোৱা শুকুৰবাৰে গুৱাহাটী-হাওৰা এক্সপ্ৰেছত ১ কোটি টকাৰ সোণ জব্দ কৰা হৈছে। নিউ জলপাইগুৰি ৰে'লৱে ষ্টেশ্যনত জব্দ কৰা হৈছে সোণখিনি। ১৩খন সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ এটা সৰবৰাহকাৰীকো। ধৃত সৰবৰাহকাৰীটোৰ নাম শ্বেখ ছাইফুল ৰহমান।

৫. গোৱালপাৰাত প্ৰচণ্ড গুলীয়াগুলি। কৃষ্ণাইত সংঘটিত হৈছে এই ঘটনা। আৰক্ষী-অপহৰণকাৰীৰ মাজত এই গুলীয়াগুলি। অপহৃতক উদ্ধাৰ কৰিবলৈ যাওতে এই সংঘৰ্ষ হয়। ঘটনাৰ সন্দৰ্ভত ৪গৰাকীক আটক কৰিছে আৰক্ষীয়ে।

৬.  স্বাস্থ্য খণ্ডৰ বাবে কেন্দ্ৰই মুকলি কৰিলে ৮,৪৫৩.৯২কোটি টকা। ১৯খন ৰাজ্যৰ স্থানীয় স্বাস্থ্য খণ্ডৰ বাবে এই পুঁজি মুকলি কৰিছে বিত্ত মন্ত্ৰালয়ে। পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি এই পুজিঁ মুকলি কৰা হৈছে। স্থানীয় স্বাস্থ্য খণ্ডৰ আন্তঃগাথনিৰ লগতে সকলো লোকৰ স্বাস্থ্য সেৱা নিশ্চিত কৰিবৰ বাবে এই পুজিঁ ব্যৱহাৰৰ পৰামৰ্শ।

৭.  বাতিল কৰা হ'ল APDCLৰ নিযুক্তি প্ৰক্ৰিয়া। এক নিৰ্দেশনাযোগে এই ঘোষণা কৰিলে APDCLয়ে। কিছু প্ৰশাসনিক কাৰনত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ঘোষণা। বহুকেইটা পদবীৰ নিযুক্তি বন্ধ কৰিছে এ পি ডি চি এলে।

৮.  সচিবালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি। এজন লোকক প্ৰহাৰ একাংশ ৰাইজৰ। সচিবালয়ৰ অব্যৱহৃত সামগ্ৰী নিলাম প্ৰক্ৰিয়া চলি থকাৰ মাজতে এই অঘটন। প্ৰহাৰ কৰা ৰাইজৰ অভিযোগ নিলাম প্ৰক্ৰিয়াত এজন দালালে ব্যাঘাত জন্মাইছিল। দালালজনৰ নাম নুৰ আহমেদ। ৪০০-৫০০টকীয়া সামগ্ৰী নিলামৰ দৰ ৫০০০-৬০০০লৈ বৃদ্ধি কৰিছিল। ইয়াকে লৈ সৃষ্টি হয় সংঘাত।

৯.  পল্টন বজাৰ কালীবাৰীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত এজনক আটক। আটক অবিনাশ বাছফৰ নামৰ এজনক। হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত আটক অবিনাশৰ জব্দ ম'বাইল ফোন । বৃহস্পতিবাৰে নিশা আটক কৰা হৈছিল নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী-কন্যাক।

১০.  মণিপুৰৰ বেহিয়াঙত আছাম ৰাইফলছৰ কনভয়ত এম্বুছ। NSCNৰ অতৰ্কিত আক্ৰমণত নিহত সেনা বিষয়াৰ পৰিয়াল। আছাম ৰাইফলছৰ COৰ পৰিয়াল আছিল কনভয়টোত। এই সন্দৰ্ভত মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কথা পাতিছে আছাম ৰাইফলছৰ উচ্চ পদস্থ বিষয়াৰ সৈতে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in