পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ৩৪৭জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১৬২জন লোক কামৰূপ মেট্ৰ'ৰ। মঙলবাৰৰ দিনটোত ৰাজ্যৰ ৪২,৬৭০জন লোকৰ কৰা হৈছে কোভিড টেষ্ট। ইয়াৰে ০.৮১ শতাংশ লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। মঙলবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৩জন লোকে হেৰুৱাইছে প্ৰাণ। উল্লেখ্য যে, ৰাজ্যত বৰ্তমান আৰোগ্যৰ হাৰ ৯৮.৩৬ শতাংশ।

২. মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড। বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰত দম্পতীক হত্যা। ছাৰ্ভেত বৃদ্ধ দম্পতীক নৃশংস হত্যা দুৰ্বৃত্তৰ। মূৰত প্ৰহাৰ কৰি হত্যা কৰিছিল বৃদ্ধ দম্পতীক। ঘৰৰ ভিতৰতে হত্যা কৰি থৈ যায় বৃদ্ধ দম্পতীক। আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ইতিমধ্যে এই ঘটনাৰে জড়িতৰ অভিযোগত চাৰিজনক গ্ৰেপ্তাৰ কৰা হৈছে।

৩. কোভিডক লৈ অসম চৰকাৰৰ নতুন এছ অ পি। এই এছ অ পি অনুসৰি এতিয়াৰে পৰা নিশা ১১বজালৈকে বৃদ্ধি কৰা হৈছে সান্ধ্য আইনৰ সময়সীমা। ১০বজালৈকে খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান। এতিয়াৰে পৰা সান্ধ্য আইন প্ৰযোজ্য হব নিশা ১১বজাৰ পুৱা ৫বজালৈ। বাকী প্ৰায় সকলো নিয়ম পূৰ্বৰ দৰেই বাহাল থকাৰ কথা প্ৰকাশ।

৪. কোভিড পজিটিভ হৈ বটদ্ৰৱাৰ সমাজকৰ্মীৰ মৃত্যু। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য তথা ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰী জীতেন কলিতা কভিডত আক্ৰান্ত হৈ যোৱা কালি মৃত্যু হয়। বিগত কিছুদিন ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰিৰ হাড়়ৰ অস্ত্ৰোপচাৰ বাবে চিকিৎসাধীন হৈ আছিল কলিতা। ৫৬ বছৰীয়া সৰবৰহী, ভাওনাৰ অভিনেতা, সমাজকৰ্মী জীতেন কলিতাৰ বিয়োগত বটদ্ৰৱা শোকৰ ছাঁ পৰিছে।

৫. নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ আলীটাঙনিৰ ক্ষুদ্ৰ ব্যৱসায়ি তথা উদীয়মান খেলুৱৈ আজমল কবিৰে ভাৰতীয় ভলীবল দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অহা ৩০ অক্টোবৰৰ পৰা নেপালত অনুষ্ঠিত হ'ব লগা চাউথ এছিয়ান গেমছত ভাৰতীয় দলৰ হৈ খেলিব অসম সন্তান আজমল কবিৰে।আলীটাঙনিৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত মৌলানা আব্দুছ সাহিদৰ কনিষ্ঠ পুত্ৰ আজমল কবিৰৰ এই সফলতাৰ বাবে বৃহত্তৰ আলীটাঙনি অঞ্চলত উঠিছে আনন্দ উল্লাসৰ জোৱাৰ।

৬. জন্মু-কাশ্মীৰত পুনৰ উগ্ৰপন্থীৰ আক্ৰমণ। গৃহ মন্ত্ৰী অমিত শ্বাহৰ কাশ্মীৰ ভ্ৰমণৰ পাছতে মঙ্গলবাৰে এটা বাছ ষ্টেণ্ডৰ ওচৰত গ্ৰেনেডেৰে আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত ৬ জন অসামৰিক লোক আহত হৈছে। আহতসকলৰ মাজত ২ জনৰ অৱস্থা অতি সংকটজনক। আটাইকেইজন আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

৭. ৭ সংখ্যক ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ আৰু ৪৭ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ সাতোঁৰ প্ৰতিযোগিতাত অসম দল দুটাই ৯ টা স্বৰ্ণ, ১১ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। বেংগালুৰুত ১৯ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অসমৰ আড্ৰিজা ৰাণী চেতিয়াই ৩ টা স্বৰ্ণ পদক লাভ কৰাৰ লগতে ৩টা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

৮. চীনৰ ৪ নিযুত জনসংখ্যাৰ চহৰ লাঞ্জৌত ঘোষণা কৰা হৈছে লকডাউন। চহৰখনত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। লাঞ্জৌ চহৰ চীনৰ উত্তৰ-পশ্চিমত অৱস্থিত। বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত, চীনৰ চৰকাৰে চহৰখনত লকডাউনৰ আদেশ জাৰি কৰিছে।

৯. ৩০ অক্টোবৰ পেইড হলিডে' ঘোষণা ৰাজ্য চৰকাৰৰ। ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে এই ঘোষণা ৰাজ্য চৰকাৰৰ। নিৰ্বাচনৰ এই দিনটোত সকলোধৰণ উদ্যোগ , চাহ বাগান, বাণিজ্যিক প্ৰতিষ্ঠান, নিৰ্মাণ প্ৰতিষ্ঠান, উদ্যোগকে ধৰি সকলো ক্ষেত্ৰতে এই নিৰ্দেশনা প্ৰযোজ্য হ'ব।

১০. মুম্বাইৰ ক্ৰুজৰ ড্ৰাগছ কাণ্ডৰে জড়িতৰ অভিযুক্ত দুজনক মঙলবাৰে বিশেষ ন্যায়ালয়ে জামিন প্ৰদান কৰে। গ্ৰেপ্তাৰ কৰা ২০জন লোকৰ ভিতৰত জামিন পাইছে ক্ৰমে মনীষ ৰাজৰয়ীয়া আৰু অবিন সাহুৱে। অৱশ্যে বৰ্তমানলৈ জামিন লাভ কৰা নাই বলিউডৰ কিং খানৰ পুত্ৰ আৰয়ান খানে। উল্লেখ্য যে, আৰক্ষীয়ে মনীষক ২.৪ গ্ৰাম গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in