পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ৩০০ জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ৬৯জন কামৰূপ মেট্ৰ'ৰ, ২৬জন লখিমপুৰৰ, ২৫জন গোলঘাটৰ আৰু ২৫জন যোৰহাটৰ।  এতিয়ালৈকে অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৬০৩৯২৩জনলৈ বৃদ্ধি পাইছে। ইফালে, বুধবাৰৰ দিনটোত অসমত সুস্থ হৈছে ৪৬৭জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৮৯৮জন ৰোগী।

২. ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৫২ হাজাৰ পদপথৰ ব্যৱসায়ীলৈ ঋণৰ ব্যৱস্থা চৰকাৰৰ। মাজুলী যোৰহাট সংযোগী দলঙৰ ৰাজ্যিক GST ৰেহাই দিয়াৰ সিদ্ধান্ত। ২০২২ চনত চৰকাৰী বন্ধৰ দিন হ'ব ৩৪টা। চৰকাৰৰ সকলো নথিত ইংৰাজীৰ লগতে অসমীয়া কেলেণ্ডাৰ থাকিব। বড়ো আৰু বঙালী কেলেণ্ডাৰ নিজ নিজ স্থানত উল্লেখ থাকিব। বৰাকত ৱাইল্ড লাইফ ডিভিজন আৰম্ভ হ'ব।

৩. নতুন দিল্লীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। প্রশান্ত কিশোৰৰ সৈতে আলোচনা এজেপি নেতৃত্বৰ। বৈঠকত উপস্থিত আছে সাধাৰণ সম্পাদক জগদীশ ভূঞা। ৰাজধানী নতুন দিল্লীত দুঘণ্টা ধৰি ৰুদ্ধদ্বাৰ বৈঠক। ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ পূৰ্বে প্রশান্ত কিশোৰৰে মন্ত্রণা এজেপি নেতৃত্বৰ। '২৪ৰ লোকসভা নিৰ্বাচন আৰু অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ পৰিকল্পনা।

৪. ধীৰেণপাৰাৰ ডকাইতি কাণ্ডৰ লগত জড়িত ৪জনক গ্রেপ্তাৰ। ডকাইতিত জড়িত ডাষ্টাৰ বাহনখনৰ গৰাকী গণেশ দাস। গ্রেপ্তাৰ- গণেশ দাস, বিপ্লৱ দৈমাৰী, ৰূপক ডেকা, অমন আলী। ফটাশিল আৰক্ষীয়ে গ্রেপ্তাৰ কৰে আটাইকেইজনক। গণেশ দাস, বিপ্লৱ দৈমাৰী, ৰূপক ডেকা দশম আৰক্ষীৰ জোৱান।

৫. ডিগবৈ টিংৰাইত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ এটা ঘৰ আৰু ব্রয়লাৰ ফাৰ্ম জ্বলি ভস্মীভূত। ঘৰ আৰু ফাৰ্মখনৰ গৰাকী জিনামন লাহন। জাৱৰত লগোৱা জুইৰ ফিৰিঙতিৰ পৰা জুই লগাৰ সন্দেহ।

৬. মহানগৰীৰ পদুমবুড়িত উদ্ধাৰ এগৰাকী বনকৰা কিশোৰীৰ মৃতদেহ। ৩ দিন ধৰি সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী। জালুকবাৰী আৰক্ষী চকীত সন্ধানহীনৰ গোচৰ ৰুজু কৰিছিল ঘৰৰ মালিকে । বনকৰা কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি।

৭. নগাঁৱত ভুৱা প্রমাণ-পত্র কেলেংকাৰীৰে জড়িত প্রবক্তাক গ্রেপ্তাৰ। নগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰিলে এডিপি কলেজৰ প্রবক্তাক। গ্রেপ্তাৰ এডিপি কলেজৰ আৰৱী বিভাগৰ প্রবক্তা ড০ জহিৰুল ইছলামক।

৮. নগৰবেৰাৰ টুপামাৰীত অবৈধ প্রেমৰ কৰুণ পৰিণতি। ছহিদুল ইছলাম নামৰ এজন লোকক হত্যাৰ অভিযোগ। ছহিদুল ইছলামৰ পত্নী, অবৈধ প্রেমিকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। অবৈধ প্রেমিক মহিদুল ইছলামৰ বিৰুদ্ধে অভিযোগ। ছহিদুলক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা। ঘটনাক কেন্দ্র কৰি টুপামাৰীত উত্তপ্ত পৰিস্থিতি। উত্তেজিত লোকে জ্বলাই দিলে এখন মেজিক বাহন। মহিদুল ইছলামৰ ঘৰত অগ্নি সংযোগ উত্তেজিত ৰাইজৰ। উত্তেজিত লোকে জ্বলাই দিলে আন কেইবাটাও বাসগৃহ।

৯. অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ আৰক্ষীৰ সফল অভিযান। অভিযানকালত সৰ্থেবাৰীৰ মাছ বজাৰ আৰু বনিয়াকুছিৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা। বুধবাৰে সন্ধিয়া সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ নেতৃত্বত চলিছিল অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান। দীৰ্ঘদিন ধৰি একাংশ দুষ্কৃতিকাৰীয়ে সৰ্থেবাৰী অঞ্চলত চলাই গৈছে অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায়। অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ সচেতন লোকে আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে।

১০. উত্তৰপ্ৰদেশৰ লখিমপুৰৰৰ খেৰিলৈ যাত্ৰা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে। গৃহবন্দী হৈ থকা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰাৰ পাছতে লখিমপুৰলৈ যাত্ৰা আৰম্ভ কৰিছে। বুধবাৰে কংগ্ৰেছ নেতা গৰাকীয়ে দলটোৰ ৫ জনীয়া প্ৰতিনিধি দলৰ অংশ হিচাপে ৰাজ্যখনত উপস্থিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in