পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ৪৪৪জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ৯৪জন কামৰূপ মেট্ৰ'ৰ, ৪৬জন গোলাঘাটৰ, ৩৫জন যোৰহাটৰ, ৩২জন শিৱসাগৰৰ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৯৬৬০৬জনলৈ পাইছে বৃদ্ধি। ইফালে, বুধবাৰৰ দিনটোত অসমত সুস্থ হয় ৭০৬জন লোক। আনহাতে, উক্ত দিনটোত কোৰোনাত আক্ৰান্ত ৮জন লোকৰ মৃত্যু। উল্লেখ্য যে, এতিয়াও ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪০৪৯জন ৰোগী।

২. দূৰ্গাপূজা, কালীপূজাৰ অনুমতি লোৱাৰ প্ৰক্ৰিয়া সমূহ ক্ৰমে- (১) জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক'ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব  পাৰিব। (২) প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দূৰ্গাপূজা পালন কৰি অহা পূজা আয়োজক সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় কোভিড প্ৰট'কলৰ বিষয়ে অৱগত কৰিব। (৩) জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু কোভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব  পাৰিব। (৪)একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি  বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাষ দিব লাগিব। (৫) জিলা প্ৰশাসনে অনুমতি প্ৰদানৰ সময়তে আয়োজক সমিতিৰ পৰা বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীয়ে কমেও এপালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো Random Checkingৰ দ্বাৰা সুনিশ্চিত কৰিব। অন্যথা অনুমতি দিব নোৱাৰিব।

৩. ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এন টি এ)ই জে ই ই মেইনছৰ ২০২১ৰ ফলাফল ঘোষণা কৰিছে। শিক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হৈছে যে মুঠ ৪৪ জন প্ৰাৰ্থীয়ে ১০০ শতাংশ লাভ কৰাৰ বিপৰীতে ১৮ জন প্ৰাৰ্থীয়ে ১ নম্বৰ স্থান লাভ কৰিছে। জে ই ইৰ ফলাফল লিংক এতিয়াও সক্ৰিয় কৰা হোৱা নাই যদিও অতি শীঘ্ৰেই অফিচিয়েল এন টি এ ৱেবছাইটতএই লিংক সক্ৰিয় কৰা হ'ব।। পেপাৰ ১ (বি ইআৰু বিটেক)ৰ বাবে জে ই ই মেইন ছিজন-৪ ৰ পৰীক্ষা ২৬ আগষ্ট আৰু ছেপ্টেম্বৰৰ ২৭ আৰু ৩১ত অনুষ্ঠিত হৈছিল।

৪. প্ৰতিবছৰে ১৫ ছেপ্টেম্বৰ দিনটোক আন্তৰ্জাতিক গণতন্ত্ৰৰ দিৱস হিচাপে পালন কৰি অহা হৈছে।২০০৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা গৃহীত এক প্ৰস্তাৱৰ পচৰে পৰা১৫ ছেপ্টেম্বৰ বিশ্বজুৰি আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাষ্ট্ৰসংঘৰ মতে, "আন্তৰ্জাতিক গণতন্ত্ৰ দিৱসে বিশ্বত গণতন্ত্ৰৰ অৱস্থা পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰে। গণতন্ত্ৰ হৈছে এক লক্ষ্যৰ দৰেই এক প্ৰক্ৰিয়া, আৰু কেৱল আন্তৰ্জাতিক সম্প্ৰদায়ৰ সম্পূৰ্ণ অংশগ্ৰহণৰ দ্বাৰাহে গণতন্ত্ৰৰ আদৰ্শক বাস্তৱত পৰিণত কৰিব পাৰি।

৫. ঘোষণা কৰা হ'ল বিশেষ মেট্ৰিক পৰীক্ষাৰ সময়সূচী। আগন্তুক ১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব বিশেষ মেট্ৰিক পৰীক্ষা। ১ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা। ৪ অক্টোবৰত অনুষ্ঠিত হ'ব গণিত বিষয়ৰ পৰীক্ষা। ৮ অক্টোবৰত অনুষ্ঠিত হ'ব বিজ্ঞান বিষয়ৰ পৰীক্ষা। ৯ অক্টোবৰত অনুষ্ঠিত হ'ব ঐচ্ছিত গণিত, ঐচ্ছিক অসমীয়া, সংস্কৃত, হিন্দী, পাৰ্ছিয়ান, আৰবীক, বুৰঞ্জী, ভূগোল, কম্পিউটাৰ বিজ্ঞান, হোম ছাইন্স আদি বিষয়ৰ পৰীক্ষা। আনহাতে ১১ অক্টোবৰত অনুষ্টিত হ'ব MIL বিষয়ৰ পৰীক্ষা।

৬. কোভিড টীকাকৰণ সন্দৰ্ভত বিশেষ কাৰ্যসূচীৰ ব্যৱস্থা কৰিব স্বাস্থ্য বিভাগে। অহা ১৭ ছেপ্তেম্বৰত ৰাজ্যত পুনৰ 'মেগা কোভিড ভেকচিনেচন' কাৰ্যসূচী হাতত ল'ব স্বাস্থ্য বিভাগে। উক্ত দিনটোত কমেও ৭ লাখ লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। অহা ১০ অক্টোবৰৰ ভিতৰতে ৰাজ্যখনৰ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো লোককো প্ৰথম পালি ভেকচিন দিয়াৰ পৰিকল্পনা কৰিছে বিভাগটোৱে।

৭. উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বুধবাৰে যুটীয়াভাৱে সংসদ টিভি উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই বিষয়ে কয়, আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱসত সংসদ টিভি মুকলি কৰা হ'ব। এই বছৰৰ ফেব্ৰুৱাৰীমাহত, লোকসভা টিভি আৰু ৰাজ্যসভা টিভি একত্ৰিত কৰি এক নতুন সংসদ টিভি প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰবীণ কংগ্ৰেছ নেতা কৰণ সিং, অৰ্থনীতিবিদ বিবেক দেবৰয়, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত আৰু অধিবক্তা হেমন্ত বাত্ৰাই নতুন চেনেলটোত পৃথক অনুষ্ঠান আয়োজন কৰিব।

৮. গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপিন্দৰ পেটেলে বুধবাৰে তেওঁৰ মন্ত্ৰীসভাৰ ১০ জন মন্ত্ৰীক শপত গ্ৰহণ কৰোৱাৰ সম্ভাৱনা আছে।জানিব পৰা মতে বিজয় ৰুপানী চৰকাৰত থকা কেবিনেটৰ প্ৰায় ৬৬ শতাংশ ভূপিন্দৰ পেটেলৰ মন্ত্ৰীসভাত নাথাকিব। সূত্ৰত প্ৰকাশিত খবৰ মতে বিধায়কৰ পৰা মুখ্যমন্ত্ৰী হোৱা ভূপেন্দ্ৰ পেটেলে একাংশ জ্যেষ্ঠ মন্ত্ৰীক মন্ত্ৰীসভাত স্থান দিলেও কিন্তু নতুন মুখকহে অধিক অগ্ৰাধিকাৰ দিয়া হ'ব। একেদৰে মন্ত্ৰীসভাত মহিলাৰ সংখ্যাও বৃদ্ধি কৰিব পাৰি। প্ৰতিবেদন অনুসৰি, বুধবাৰে একাংশ মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিলেও স্বীকাৰ কৰিছে যে চৰকাৰত জ্যেষ্ঠ আৰু যুৱ সদস্যসকলৰ ভাল মিশ্ৰণ থাকিব। ভূপেন্দ্ৰ পেটেলে দলসংগঠনৰ পৰামৰ্শ অনুসৰি দলটো বাছনি কৰিব।

৯. ২০২২ বৰ্ষত দেশৰ ৫ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। সূত্ৰ অনুসৰি, চৰকাৰে পেট্ৰ'ল, ডিজেল, প্ৰাকৃতিক গেছ আৰু বিমান টাৰ্বাইন ইন্ধনক জি এছ টিৰ অধীনত 'এক দেশ-এক মূল্য'ৰ অধীনত অনাৰ বাবে চিন্তা চৰ্চা কৰিছে। আগন্তুক ১৭ ছেপ্টেম্বৰত লক্ষ্ণৌত জি এছ টি পৰিষদৰ বৈঠকত এই বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে। কৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পিছত এইয়া জি এছ টি পৰিষদৰ প্ৰথমখন ভৌতিক বৈঠক হ'ব।

১০. মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ ঘটনাৰ পিছত দ্বিতীয়বাৰৰ বাবে নিমাতীঘাটত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু পত্নী ৰিণিক ভূঞা শৰ্মাই। নিমাতী-কমলাবাৰী ঘাটৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে আভ্যন্তৰীন জলপৰিবহণ বিভাগৰ বিষয়াবৰ্গৰ সৈতে তেওঁ আলোচনাত মিলিত হয়। ইয়াৰ পিচতে তেওঁ সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে যাত্ৰীৰ দুৰ্ভোগ আৰু নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰাই দুখন ৰ-পেক্সসহ ৬ খন জাহাজ চলাচলৰ ব্যৱস্থা কৰা হৈছে। লগতে যাত্ৰীৰ নিৰাপত্ত আৰু বিষয়া, কৰ্মচাৰীৰ গাফিলতিৰ দিশ নিৰীক্ষণৰ বাবে যোৰহাট আৰু মাজুলীৰ পৰা নিয়ন্ত্ৰিত চি চি কেমেৰা দুয়োটা ঘাটত সংস্থাপিত কৰা ব্যৱস্থা কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in