পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ৪৯৯জন কোভিড পজিটিভ। শনিবাৰে ৰাজ্যত ৭১৬৩৮জনৰ কোভিড টেষ্টা কৰা হৈছে। ইয়াৰে ৪৯৯জন কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে ১৩৩জন কামৰূপ মেট্ৰ'ৰ। ইফালে, ৰাজ্যত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু। উল্লেখ্য যে, অসমত বৰ্তমান আৰোগ্যৰ হাৰ ৯৮.০৪ শতাংশ।

২. জালুকবাৰীত কেন্দ্রীয় আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱাল। আয়ুৰ্বেদিক মহাবিদ্যালয়ত আয়ুষ সন্দৰ্ভত বিশেষ সভাত অংশগ্রহণষ উঃ-পূঃৰ ছাত্র-ছাত্রীক আয়ুষ সন্দৰ্ভত শিক্ষা-নিয়োগ সন্দৰ্ভত এই সভা। আয়ুষ চিকিৎসাৰ ঔষধ ৰাইজৰ মাজলৈ নিয়াৰ প্রয়াস। আয়ুষ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে একেলগে কাম কৰিব। জনসাধাৰণ অধিক সেৱা আগবঢ়োৱাৰ বাবে আমি সকলো ব্যৱস্থা ল'ম। মুখ্যমন্ত্রীৰ আহ্বানৰ প্রতি সঁহাৰি আয়ুষ মন্ত্রালয়ৰ । আয়ুৰ্বেদিক মহাবিদ্যালয়ক আধুনিক ৰূপত গঢ় দিয়াৰ ব্যৱস্থা । লগতে ৰাষ্ট্রীয় পৰ্যায়ৰ এখন কলেজ হিচাপে গঢ় দিয়াৰো ব্যৱস্থা। সৰ্বভাৰতীয় পৰ্যায়ৰ এখন প্রতিষ্ঠান হিচাপে গঢ় দিবলৈ ব্যৱস্থা

৩. উৎকোচ লওঁতেই গ্রেপ্তাৰ গুৱাহাটী EPFৰ মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰী। বিমলাংশু ভট্টাচাৰ্য নামৰ এজন কৰ্মচাৰীক গ্রেপ্তাৰ CBIৰ। ৩ হাজাৰ টকা উৎকোচ লওঁতেই হাতেলোটে গ্রেপ্তাৰ কৰ্মচাৰীজন । বিমলাংশু ভট্টাচাৰ্যক CBIৰ বিশেষ আদালতত হাজিৰ। আদালতে তিনিদিনৰ ।CBIৰ জিম্মালৈ প্রেৰণ কৰে ভট্টাচাৰ্যক ।

৪. গোলাঘাট নগৰৰ চাউল বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। ৬-৭ খনকৈ দোকান ভস্মীভূত এই অগ্নিকাণ্ডত। ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী। জুই নুমুৱাৰ চেষ্টা অব্যাহত অগ্নি নিৰ্বাপক বাহিনীৰ।

৫. দেশৰ এগৰাকী প্ৰখ্যাত আইনবিদ বহুচৰ্চিত আইএমডিটি আইনৰ নিৰ্মাতা তথা প্ৰাক্তন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰ গুৰুতৰভাৱে অসুস্থ হৈ বৃহস্পতিবাৰৰ নিশাৰ পৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। উচ্চ ৰক্তচাপ, হৃদ ৰোগজনিত অসুস্থতাত ভোগী থকা বিশিষ্ট আইনজ্ঞ গৰাকীৰ হঠাতে ৰক্তচাপ বহু পৰিমানে বৃদ্ধি পোৱাত পৰিয়ালৰ লোকে তেওঁক বৃহস্পতিবাৰে মাজনিশা প্ৰায় ২ বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। লগে লগে এই খবৰ পাই মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী আদিয়েও ফোনযোগে তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি পৰ্যাপ্ত জৰুৰী চিকিৎসাৰ তদাৰকৰ বাবে চিকিৎসকৰ এটা গোট গঠনৰ ব্যৱস্থা কৰে।

৬. মাজুলী জিলা ছাত্ৰ সন্থাৰ সংবাদমেল সম্বোধন কৰে। সংবাদমেলত কয় যে- মাজুলীত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী প্ৰৱেশ বাধা প্ৰদান কৰিব আছুৱে। লগতে চন্দ্ৰমোহন পাটোৱাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী মাজুলী আছুৰ। ফেৰী দুৰ্ঘটনা মুল দোষী পাটোৱাৰী বুলি কয় আছুৱে। শীঘ্ৰেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক হত্যা গোচৰত গ্ৰেপ্তাৰ কৰিবলৈও আছুৱে জনাই দাবী।

৭. ২৯ ছেপ্টেম্বৰত বিশ্ব হাৰ্ট দিৱস। জিএনআৰচি হাস্পতালে এই দিৱস উপলক্ষে হৃদযন্ত্ৰৰ ৰোগসমূহৰ বিষয়ে সমাজৰ প্ৰতি গৰাকী ব্যক্তিক সজাগ কৰি নিজৰ হাৰ্টৰ সুৰক্ষাৰ বাবে নিজকে দায়বদ্ধ নাগৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰচাৰ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে ছেপ্টেম্বৰ মাহটোত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই বছৰৰ বিশ্ব হাৰ্ট দিৱসৰ মূল বিষয়বস্তু হ'ল- হাৰ্ট টু হাৰ্ট কানেক্টঃ দ্য ডিজিটেল ৱে'।

৮. বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত জীৱিকাক বহনক্ষম অৰ্থনীতিলৈ ৰূপান্তৰ কৰি গাহৰিৰ মাংস উৎপাদনৰে আত্মনিৰ্ভৰশীল প্ৰচেষ্টাৰে বিটিচি চৰকাৰে "বড়োলেণ্ড গাহৰি মিছন" নামৰে এক অভিলাষী আঁচনিৰ আজি শুভাৰম্ভ কৰে ৷ অসম চৰকাৰৰ কৃষি , পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই শনিবাৰে কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বড়োফা সাংস্কৃতিক প্ৰকল্প আয়োজিত এক অনুষ্ঠানত বন্তি প্ৰজ্বলণৰে আনুষ্ঠানিকভাৱে "বড়োলেণ্ড গাহৰি মিছন" শুভাৰাম্ভ কৰে । বিটিআৰ অঞ্চলক ভাৰতবৰ্ষৰ ভিতৰতে গাহৰি উৎপাদনৰ কেন্দ্ৰ হিচাৱে গঢ় দিবলৈ আজি শুভাৰম্ভ কৰা "বড়োলেণ্ড গাহৰি মিছন"ৰ দ্বাৰা বিটিআৰত ৩০ হেজাৰ পৰিয়ালক সামৰি লোৱা ,অহা পাঁচ বছৰত প্ৰতিদিনে এক লাখ কিলোগ্ৰাম গাহৰিৰ মাংস উৎপাদন কৰা আৰু প্ৰতিদিনে ১৭০০ গাহৰি পোৱালিৰ উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে ৷

৯. হাইলাকান্দিত লোমহৰ্ষক হত্যাকাণ্ড । লোহাৰ ৰডেৰে মৰিয়াই মৰিয়াই হত্যা এজন ব্যক্তিক । পাৰিবাৰিক কাজিয়াৰ বাবে খুড়াকৰ লৰাই নজৰুল আলম বড়ভূঞা ( Nazrul Alom Barbhuiya ) নামৰ লোকজনক হত্যা কৰাৰ অভিযোগ । হাইলাকান্দি জিলাৰ বন্দুকমাৰা এলেকাত সংঘটিত হৈছে এই ঘটনা । সুদৰ্শনপুৰ গাঁৱৰ নজৰুল আলম বড়ভূঞা স্থানীয় এটা জলাশয়ৰ পৰা মাছ মাৰি নিজ ঘৰৰ পথে উভতি আহি আছিল । ঠিক সেই সময় নিৰ্জন পথত নজৰুল আলমৰ ওপৰত জপিয়াই পৰে হত্যাকাৰী । 

১০. অৱশেষত বহুত জল্পনা – কল্পনাৰ অন্ততঃ আৰম্ভ হল ধুবুৰীৰ পৰা ফকিৰগঞ্জ লৈ জাহাজ চলাচল । উল্লেখ্য যে, MV BOB KHATING নামৰ জাহাজ খন ধুবুৰীত নদী ঘাটত দীৰ্ঘদিন ধৰি ক'ৰনাৰ গইনা লৈ জাহাজ খন বন্ধ ৰাখি প্ৰায় ১০ জন কৰ্মচাৰী বহি থাকিয়েই চৰকাৰৰ দৰমহা ভোগ কৰি আহিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in