পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. প্ৰশান্ত কুমাৰ দত্তৰ বাসগৃহত চিআইডিৰ অভিযান

উপ পৰিদৰ্শকৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা কেলেংকাৰীত নাম সাঙোৰ খালে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ দত্তৰ। বুধবাৰে নিশা তেওঁৰ বাসগৃহত চিআইডি দলে অভিযান চলায় । এই অভিযান পুৱতি নিশালৈকে চলে। কিন্তু অভিযানৰ পূৰ্বে পলায় যায় প্ৰাক্তন আৰক্ষী বিষয়াগৰাকী। গুৱাহাটী হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত তেওঁৰ বাসগৃহ।

২. কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৯৭জনলৈ বৃদ্ধি

২৩ ছেপ্টেম্বৰলৈকে ৰাজ্যত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৯৭লৈ বৃদ্ধি পায়। বৰ্তমানলৈকে কোভিডত আক্ৰান্ত হৈছে ১৬৩৪৯১জন লোক।বুধবাৰে কোভিডত অসমত মৃত্যু হয় হয় ১১জন ৰোগী। তেওঁলোক ক্ৰমে- ভূৱন চন্দ্ৰ চেতিয়া, বিনোদ বৰগোঁহাই, ৰত্নাকৰ বৰুৱা, ছাবিৰ তাতীয়া, মলিন দাস, বনা হাজৰিকা, জয়া দাস গুপ্তা, ৰুক্মিনী বাৰিক, বিশ্বজ্যোতি সন্দিকৈ, বিনয় বসুমতাৰী, নিতা পি চক্ৰৱৰ্তী।

৩. কোভিডত আক্ৰান্ত হৈ কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ আংগাৰীৰ মৃত্যু

মোডী মন্ত্ৰীসভাৰ এজন মন্ত্ৰী মৃত্যু হয় কোভিডত। ৰেল ৰাজ্যিক মন্ত্ৰী সুৰেশ আংগাৰীৰ ১১ ছেপ্টেম্বৰতে কোভিডত আক্ৰান্ত হৈছিল। কৰ্ণাটকৰ এই মন্ত্ৰীগৰাকীৰ মৃত্যুৰ পাছত তেওঁৰ অনুগামীসকলে শোক ব্যক্ত কৰে। টুইটাৰ যোগে প্রধানমন্ত্ৰীয়ে কয়- সুৰেশ আংগাৰীয়ে দলক শক্তিশালীৰ কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও শোক ব্যক্ত কৰিছে।

৪. ধুবুৰীত ট্ৰেড ইউনিয়নৰ সন্মিলিত প্ৰতিবাদ

ধুুবুৰীতো দেশৰ আগশাৰীৰ ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ আহ্বানত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। ৰাজহুৱা খণ্ডৰ উদ্যোগ বিক্ৰী কৰাতো বন্ধ কৰা,শ্ৰমিক স্বাৰ্থবিৰোধী শ্ৰম সংস্কাৰ আইন বাতিল কৰা, লকডাউনত কৰ্মহীন শ্ৰমিকসকলক ৭৫০০ টকাকৈ সাহায্ প্ৰদান কৰা আদি দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

৫. কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হ'ল ইস্মৃতি ইৰাণী

কংগ্ৰেছে দেশবাসীক বিপথে পৰিচালিত কৰিছে। কৃষি বিধেয়ক সন্দৰ্ভত মিছা খবৰ বিয়পাইছে। এইদৰে বুধবাৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰল হ'ল ইস্মৃতি ইৰাণী। উল্লেখ্য যে, কৃষি বিধেয়কৰ বিৰুদ্ধে ৰাজ্যসভাত কংগ্ৰেছ সহ আন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

৬. আই পি এলত বুধবাৰে মুম্বাইৰ হাতত পৰাস্ত কলকাতা

আই পি এলৰ মেচত কলকাতাক পৰাস্ত কৰিলে মুম্বাইয়ে। প্ৰথমে বেটিং কৰি মুম্বাইয়ে কলতাকা নাইড ৰাইডাৰ্ছক ১৯৬ ৰানৰ লক্ষ্য পাতি দিছিল। ৰোহিত শৰ্মা আৰু এছ কে যাদৱে মুম্বাই ইণ্ডিয়ানৰ এই লক্ষ্য বান্ধি দিয়াত বিশেষ ভূমিকা পালন কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত কলকাতাই মাত্ৰ ৯টা উইকেট হেৰুৱাই ১৪৬ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

৭. বিটিএডিত আৰ্মীৰ স্বয়ম্ভু কামাণ্ডান্টৰ বিস্ফোৰণ।

বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ এক বিস্ফোৰণ। বিটিএডি আৰ্মীত কমাণ্ডেন্ট ধনঞ্জয় শৰণীায়াই ফাদিল কৰিছে এই তথ্য। বিটিএডি আৰ্মীৰ পৰা ওলাই আহি বিপিএফত চামিল হোৱা শৰণীয়াই কয়- নৱ কুমাৰ শৰণীয়া আৰু ঘন্যাল দাসৰ নিৰ্দেশত যাদৱ দাস গলত বন্দুক থৈ গণ পৰিষদ বিৰোধি নেতাগৰাকীক জালত পেলুৱা হৈছিল।

৮. সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰঃ দীপিকা পাডুকনলৈ এনচিবিৰ চমন

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰৰ নতুন মোৰ। এই ঘটনাৰে জড়িত গ্ৰাগছ গোচৰত অভিনেতা দীপিকা পাডুনক চমন জাৰি। এনচিবিয়ে জাৰি কৰিছে এই চমন। আগন্তুক তিনি দিনৰ ভিতৰত সোধ-পোছৰ বাবে এনচিবিৰ কাষত হাজিৰ হব লাগিব তেওঁ।

৯. মাস্ক পৰিধান কৰাতো আমাৰ অভ্যাস হিচাপে গঢ় দিব লাগেঃ প্ৰধানমন্ত্ৰী মোডী

দেশৰ ৭ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক। এক ভিডিঅ' কনফাৰেন্সযোগে আলোচনাত বহে প্ৰধানমন্ত্ৰী মোডী।বৈঠকখনত প্ৰধানমন্ত্ৰী মোডীয়ে কয়- 'মাস্ক পৰিধান কৰাৰ অভ্যাস গঢ়াটো সহজ নহয়।কিন্তু এই অভ্যাস গঢ়ি তোলা হ'লে কোৰোনা বিৰোধী যুঁজৰ ফলাফল ভাল নাপাম। গতিকে আমি মাস্কক জীৱনৰ এটা অংশ হিচাপে ল'ব লাগিব।'

১০. কোৰোনাৰ প্ৰভাৱ! চৌদি আৰৱলৈ ভাৰতৰ পৰা সকলো বিমান সেৱা বন্ধ

ভাৰতত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৌদি আৰৱলৈ ভাৰতৰ পৰা উৰা মৰা সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। মঙলবাৰে চৌদি আৰৱৰ জেনেৰেল অথৰিটী অৱ চিভিল এভিয়েশ্যন চমুকৈ জিএজিএৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in