পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ৯৮৯জন কোৰোনাত আক্ৰান্ত। হাজাৰজনৰো কম লোক শনিবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্ত কোৰোনাত। ইয়াৰে ১৬০ জন কামৰূপ মেট্ৰ'ৰ, ৬৬জন কামৰূপ গ্ৰাম্যৰ, ৫৫জন গোলাঘাটৰ আৰু ৫০জন নলবাৰীৰ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৬৬১৯৮জনলৈ পাইছে বৃদ্ধি। ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১৪৮০জন লোক। আনহাতে, উক্ত দিনটোত মৃত্যু হৈছে ১৯জন লোকৰ। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১৯৭৫জন ৰোগী।

২. মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষীৰ আৰু বড়িবজাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।  ড্ৰাগছ সহ আটক তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী । বড়িবজাৰ তুমুকা বড়িত আৰক্ষীৰ অভিযানত জব্দ কৰে ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰী কেইটাক । এক গোপন খবৰৰ ভিত্তিত  মিকিৰভেটা আৰক্ষীয়ে চলাইছিল এই অভিযান । আটকাধীন কুখ্যাত এটা ড্ৰাগছ সৰবৰাহকাৰীৰ নাম হাৰুণ ৰছিদ । আন দুটাৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই ।  ড্ৰাগছ সৰবৰাহকাৰী কেইটাক ড্ৰাগছ সহ মিকিৰভেটা থানা লৈ জয় ।

৩. ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩%। বিজ্ঞান শাখাত ৯৯.০৬% পৰীক্ষাৰ্থী উত্তীৰ্ণ। আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭%। কলা শাখাত অৱতীৰ্ণ হৈছিল ১,৯১,৮৫৫ গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত ৫৮,২৪৪ গৰাকী প্রথম বিভাগত উত্তীৰ্ণ। কলা শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮৯,৫২০ জন। কলা শাখাত তৃতীয় বিভাগত ৪২,০২৯ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ। বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৩৮,৪৩০ গৰাকী শিক্ষাৰ্থী। বিজ্ঞান শাখাত ৩২,৯১৭ জন প্রথম বিভাগত উত্তীৰ্ণ। বিজ্ঞান শাখাত ৪,৬০৯ জন দ্বিতীয় বিভাগত উত্তীৰ্ণ। বিজ্ঞান শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ ৫৪২ জন পৰীক্ষাৰ্থী।

৪. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু। মুখ্যমন্ত্ৰীৰ লগতে ৬গৰাকী শীৰ্ষ অসম আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধেও গোচৰ ৰুজু। গোচৰ ৰুজু কৰিছে মিজোৰাম আৰক্ষীয়ে। হত্যাৰ আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত ৰুজু কৰা হৈছে গোচৰ। অসম আৰক্ষীৰ কাছাৰ জিলাৰ উপায়ুক্তৰ নেতৃত্বত অসম আৰক্ষীৰ জোৱানসকল মিজোৰামত প্ৰৱেশ কৰা বুলি কোৱা হৈছে এজাহাৰত।

৫. টকিঅ অলিম্পিকত ভাৰতৰ জয়যাত্ৰা অব্যাহত। কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা হকী দলটোৱে। দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছে ভাৰতীয় দলটোৱে। ৪-৩গলৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিছে ভাৰতীয় মহিলা হকী দলটোৱে।

৬. বটদ্ৰৱাৰ ভোমোৰাগুৰি দলঙৰ তলত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। মানৱতাক লজ্জানত কৰা ঘটনাই পুনৰ সংঘটিত হ'ল বটদ্ৰৱাত। শনিবাৰে নগাঁও-বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ভোমোৰাগুৰি দলঙৰ তলত নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য সৃষ্টি হৈছে।মানৱতা ভূলুন্ঠিত কৰি কোনোৱে মাতৃত্বৰ পাপৰ বোজা ঢাকিবলৈ নৱজাতকক এইদৰে দলঙৰ তলত পেলাই থৈ যায়। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছত নগাঁও-বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ দলঙত ভিৰ পৰিলক্ষিত হয়।

৭. অসমৰ পাৰ্থজিৎ বৰুৱালৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। আন্তঃৰাষ্ট্ৰীয় চুটী ছবি মহোৎসৱত এই বঁটা প্ৰদান কৰা হয় বৰুৱাক। তেওঁৰ 'ব্ৰেকিং দ্য চাইলেঞ্চ' শীৰ্ষক তথ্যচিত্ৰখনৰ বাবে প্ৰদান কৰা হৈছে এই বঁটা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে পাৰ্থজিৎ বৰুৱাই।

৮. অসম-নাগালেণ্ডৰ সীমান্তৰ দিছৈভেলী সংৰক্ষিত বনাঞ্চলকলৈ ঘূৰি আহিব শান্তি।সীমান্তত যাতে পুনৰ ৰক্তাক্ত  সংঘাত সৃষ্টি হ'ব নোৱাৰে আৰু সীমা সমস্যা শান্তিপূৰ্ণ সমাধান হয় তাৰ বাবে শনিবাৰে নাগালেণ্ডৰ ডিমাপুৰত অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ হয় । ডিমাপুৰৰ ছুমুকেডিমা আৰক্ষী কমপ্লেক্সত অনুষ্ঠিত হোৱা বৈঠকত নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী য়ানথাংগু পেট্টন আৰু অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰ হয় । চুক্তিৰ প্ৰাথমিক তথ্য অনুসৰি মৰিয়নীৰ দিছৈভেলী সংৰক্ষিত বনাঞ্চল পৰা দুয়োখন ৰাজ্যই নিজৰ  নিজৰ আৰক্ষী শিবিৰ শীঘ্ৰে আঁতৰাই নিব ।

৯. কোকৰাঝাৰ জিলাৰ ছালাকাটি হাইস্কুলত শনিবাৰে  মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছালাকাটি হাইস্কুলত থকা ২৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাথো ৪৭ গৰাকী পৰীক্ষাৰ্থী কালি ঘোষিত হোৱা ফলাফলত উত্তীৰ্ণ হোৱাত বিদ্যালয়খনত শনিবাৰে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়।  অনুতীৰ্ণ একাংশ ছাত্ৰ ছাত্ৰীয়ে শনিবাৰে বিদ্যালয়ত উপস্থিত হৈ কি কাৰণে অধিকাংশ ছাত্ৰ -ছাত্ৰী অনুতীৰ্ণ হ'ল সেই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষৰ পৰা জানিব বিচাৰিছিল কিন্তু বিদ্যালয় কৰ্তৃপক্ষই  উত্তৰ দিব নোৱাৰাত বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

১০. বকোত শনিবাৰে একাংশ শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি পৰিৱেশ উত্তাল কৰি তোলে ।ঘটানাৰ বিৱৰণী মতে বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে তেওঁলোকৰ ফলাফল বিসঙ্গতি হোৱাৰ অভিযোগ তুলি বিদ্যালয়খনৰ কাৰ্যালয়ৰ সন্মুখত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনৰ বিৰুদ্ধে প্লেকাৰ্ড হাতে হাতে লৈ বিভিন্ন প্ৰতিবাদী শ্ল'গান দি বকোৰ পৰিৱেশ উত্তাল কৰি তোলে । কিন্তু কাৰ্যালয়টোত সেই সময়ত প্ৰধান শিক্ষক গৰাকী নথকাত শিক্ষাৰ্থী সকলে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বকো থানাৰ সন্মুখেৰে গৈ প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনৰ ডাকুৱাপাৰা গাঁৱৰ ঘৰ পৰ্যন্ত ঘেৰাও কৰে । প্ৰধান শিক্ষকগৰাকীৰ ঘৰৰ পৰিয়ালে তেওঁ ঘৰত নথকা বুলি জনোৱাত শিক্ষাৰ্থী সকলে বিফল মনেৰে নিজ নিজ ঘৰলৈ ঘূৰি যাৱলৈ বাধ্য হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in