পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ১২৭৬জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১৬১জন কামৰূপ মেট্ৰ'ৰ, ৯৮জন গোলাঘাটৰ, ৯৫জন লখিমপুৰৰ আৰু ৬৬জন নগাঁৱৰ। অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৬২৭৩১জনলৈ পাইছে বৃদ্ধি। ইফালে, বুধবাৰৰ দিনটোত অসমত আৰোগ্য হৈছে ১৭৯১জন লোক। আনহাতে, কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২১জন লোকৰ। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৩১৫২জন লোক।

২. দুলীয়াজানৰ ১ নং কঠালগুৰিত অঘটন। অইলৰ পাইপলাইনত বিস্ফোৰণৰ ঘটনা। যান্ত্রিক বিজুতিৰ ফলত এই বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ। বিস্ফোৰণৰ পিছত ভয়াৱহ গতিত নিৰ্গমন হৈছে প্রাকৃতিক গেছ। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী, বিভাগীয় কৰ্মচাৰী-বিষয়া। গেছ নিৰ্গমন বন্ধ কৰিবলৈ বৰ্তমানেও চেষ্টা অব্যাহত। ঘটনাস্থলীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা। ঘটনাস্থলীত মোতায়েন আৰক্ষী আৰু অইলৰ নিৰাপত্তাৰক্ষী বাহিনী।

৩. কাছাৰৰ অসম-মিজোৰাম সীমান্তত ২৬ জুলাইত অসম আৰক্ষীৰ জোৱানক গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে মঙলবাৰে ৰুজু কৰে এক গোচৰ। অস্ত্ৰ আইনৰ ধাৰা ২৫ (১-এ) আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতি প্ৰতিৰোধ আইন ১৯৮৪ৰ ধাৰা ৩ৰ সৈতে ধাৰা নম্বৰ ১২০ (বি), ৪৪৭, ৩৩৬, ৩৭৯, ৩০৭, ৩০২ আইপিচিৰ অধীনত ঢলাই আৰক্ষী থানাত গোচৰ নং ২৩৬/১ত এই গোচৰটো ৰুজু কৰিছে।

৪. জনতা ভৱনত ৰাজ্যিক কেবিনেট বৈঠক। ১ ছেপ্টেম্বৰৰ পৰা ১৫ হাজাৰ আৰক্ষীৰ চাকৰিৰ পদ পূৰণ কৰা হ'ব। নতুনকৈ ৫টা বেটেলিনয় গঠন কৰা হ'ব ৰাজ্যত। অসম আৰক্ষীক শক্তিশালী কৰাৰ বাবে গঠন কৰা হ'ব পুলিচ কমিছন। প্রিণ্টি ষ্টেচনাৰী বিভাগক তথ্য আৰু জনসংযোগ বিভাগৰ লগত সংযোজন কৰা হৈছে।

৫. অসম-মিজোৰাম সীমান্তৰ ঘটনাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্ত্তি দাহ কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। ২৬ জুলাইৰ ২০২১ত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজোৰাম আৰক্ষীৰ প্ৰত্যক্ষ সহযোগত অসম আৰক্ষীৰ ওপৰত যি বৰ্বৰ আৰু অমানৱীয় ঘটনা সংগঠিত কৰা হ'ল সেই ঘটনাৰ লগতে অসমৰ সীমামূৰীয়া ৰাজ্য সমূহৰ লগত থকা বহুদিনীয়া আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানত অনীহা প্ৰকাশ কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। সংগঠনটোৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাৱৰ সমীপত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তী দাহ কৰে আৰু কেইবাটাও দাবী উত্থাপন কৰে। 

৬. জনতা ভৱনত ৰাজ্যিক কেবিনেট বৈঠক।। ৰাষ্ট্রীয় ক্রীড়া আৰু কমনৱেল্থত পদক পোৱা সকললৈ পেঞ্চনৰ ব্যৱস্থা। প্রতিমাহে ১০ হাজাৰ টকাকৈ পেঞ্চন দিয়া হ'ব। এই পৰ্যন্ত ২৫০ গৰাকী খেলুৱৈৰ তালিকা প্রস্তুত কৰা হৈছে। অলিম্পিক, কমনৱেল্থ, এছিয়ান ক্রীড়াত পদক পালে গ্রেড-১ চাকৰি দিয়া হ'ব। বৈঠকৰ পিছতে সংবাদমেল যোগে এই ঘোষণা মন্ত্রী পীয়ুষ হাজৰিকাৰ।

৭. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ ঘোষণা। ৩১ জুলাইত ঘোষণা কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল। ৩১ জুলাইৰ পুৱা ৯ বজাৰ পৰাই শিক্ষা সংসদৰ ৱেবছাইটত উপলব্ধ হ'ব ফলাফল। ইয়াৰ উপৰিও প্ৰতিখন শিক্ষানুষ্ঠানলৈ সংসদে প্ৰেৰণ কৰিব ফলাফলসমূহ। www.assamresult.in, www.NeCareer.com, www.ahsec.assam.gov.in, www.assam jobalerts.com, www.schools9.com, www.results.shiksha, www. indiaResults.com, www.vidyavision.com আদি ৱেবছাইটৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ ৰিজাল্ট চাব পাৰিব।

৮. বৃহস্পতিবাৰে দিল্লীলৈ তলব অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তলব কৰিলে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীক। অসম-মিজোৰাম সীমান্তৰ বিবাদ নিস্পত্তিৰ বাবে অনুষ্ঠিত হ'ব এই যুটীয়া বৈঠক। বুধবাৰে দুয়ো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে পৃথকে পৃথকে গৃহ সচিবৰে অনুষ্ঠিত হৈছে বৈঠক।

৯. অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা ২০২০ অনুষ্ঠিত হ'ব। ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। মুঠ ৩৩১ টা পদৰ বাবে এই প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ'ব। ৩১ টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাত অৱতীৰ্ণ হ'ব ৭৬০৭১ গৰাকী প্ৰাৰ্থী। সকলো পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ আহোতে লগত লৈ আহিব লাগিব কোভিড নিগেটিভৰ ফলাফলৰ প্ৰমাণপত্ৰ। কোভিডত আক্ৰান্ত হোৱা কোনো পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব।

১০. কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ বাসৱৰাজ বোমাইৰ। ৰাজ্যখনৰ ২৩ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বাসৱৰাজ বোমাইয়ে। শপত গ্ৰহণৰ পূৰ্বে বাসৱৰাজে সাক্ষাত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী বি এছ য়েডুয়ুৰেপ্পাক। মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈয়েই বাসৱৰাজে ৰাজ্যখনৰ কোভিড পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হ'ব বুলি জনাইছে। চলিত সপ্তাহৰ সোমবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল বি এছ য়েডুয়ুৰেপ্পাই। ৰাজ্যখনৰ বিজেপি শিবিৰত দীৰ্ঘদিন ধৰি চলি আছিল বিসম্বাদ। যাৰ পৰিণতিত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল বি এছ য়েডুয়ুৰেপ্পা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in