পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১৬১৩৯৩ জনলৈ বৃদ্ধি

ৰাজ্যত আকৌ ২০৭৩জনৰ দহেত ধৰা পৰে কোভিড পজিটিভ। অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৬১৩৯৩জনলৈ বৃদ্ধি পাইছে।  ইফালে, মঙলবাৰৰ দিনটোত অসমত কোৰোনাত আক্ৰান্ত ১৮১৭জন লোক হৈছে সুস্থ। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৩০৯৪৭জনলৈ বৃদ্ধি পাইছে। আনহাতে, চিকিৎসাধীন হৈ আছে ২৯৮৫৭জনলৈ ৰোগী। উল্লেখ্য যে, অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি।

২. ভূমিকম্পই কঁপালে শ্ৰীনগৰ

মঙলবাৰে ভূমিকম্পই কঁপাই গ'ল শ্ৰীনগৰ। ৩.৬ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় শ্ৰীনগৰত। ভূমিকম্পত কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই। নিশা প্ৰায় ৯.৪০ বজাত অনুভূত হয় কম্পন।

৩. আইপিএলঃ ৰাজস্থানৰ হাতত পৰাস্ত চেন্নাই

মঙলবাৰে আইপিএলত ৰাজস্থান ৰয়েলছৰ হাতত পৰাস্ত হ'ল চেন্নাই ছুপাৰ কিংছ। ১৬ ৰানৰ ব্যৱধানত জয়ী হয় ৰাজস্থান। ৰাজস্থানৰ হৈ বেটছমেন সঞ্জু ছেমছনে ৩২টা বলত সংগ্ৰহ কৰে ৭৪ ৰান। ২০ অভাৰত ৰাজস্থানে ২১৬ ৰান সংগ্ৰহ কৰি পৰাস্ত কৰে চেন্নাই ছুপাৰ কিংছক।

৪. মহাৰাষ্ট্ৰৰ ভিৱাণ্ডীত অট্টালিকা খহি পৰে, মৃত্যু হোৱা লোকৰ সংখ্যা ২৫জনলৈ বৃদ্ধি

মহাৰাষ্ট্ৰত ভিৱাণ্ডীত খহি পৰে অট্টালিকা। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। উদ্ধাৰকাৰী দলে বৰ্তমানলৈ উদ্ধাৰ কৰিছে ২৫টা মৃতদেহ। মঙলবাৰৰ পুৱালৈ উদ্ধাৰকাৰী দলে সদৰী কৰা অনুসৰি ২২জন লোকৰ মৃত্যু হোৱা খবৰ পোৱা হৈছিল।

৫. ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯০ সহস্ৰাধিকলৈ বৃদ্ধি

দেশত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। দেশত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৬,৪০,৪৯৬জনলৈ পাইছে বৃদ্ধি। ইফালে, চিকিৎসাধীন হৈ আছে ৯,৬৭,৮৪৮জন ৰোগী। আনহাতে, সুস্থ হৈছে ৪৫,৮১,৮২০জন লোক। উল্লেখ্য যে, দেশত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোক সংখ্যা ৯০,০২১জনলৈ পাইছে বৃদ্ধি।

৬. অহা ৩০ ছেপ্টেম্বৰত কৃষক মুক্তিয়ে ঘোষণা কৰিব নতুন ৰাজনৈতিক দলৰ নাম

 ৩০ ছেপ্টেম্বৰত কৃষক মুক্তিয়ে ঘোষণা কৰিব তেওঁলোকৰ প্ৰস্তাৱিত আঞ্চলিক ৰাজনৈতিক দলৰ নাম। মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তি কাৰ্যালয়ত এই সন্দৰ্ভত ৭০ সংগঠনৰ নেতৃত্বৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে, ২৫ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰৰ ভিতৰত ৭০ সংগঠনৰ প্ৰতিনিধিৰে আন এক বৈঠক অনুষ্ঠিত কৰি প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াই নিবলৈ এখন আহ্বায়ক কমিটী গঠন কৰিব।

৭. ৰিয়া চক্ৰৱৰ্তীৰ জামিন আৱেদনৰ শুনানি বুধবাৰে গ্ৰহণ কৰা হ'ব

ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বলিউদৰ অভিনেত্ৰী ৰিয়া চক্ৰবৰ্তী ৬ অক্টোবৰ পৰ্যন্ত জেলতে থাকিব লাগিব । এনডিপিএছ বিশেষ আদালতে অভিনেত্ৰী ৰিয়াৰ ন্যায়িক জিন্মা বঢ়াই দিয়ে ।সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সৈতে সম্পৰ্কিত ড্ৰাগছৰ গোচৰত ৮ ছেপ্টেম্বৰত এনচিবিয়ে গ্ৰেপ্তাৰ কৰা হৈছিল অভিনেত্ৰী ৰিয়াক । ৰিয়া চক্ৰবৰ্তী আৰু ৰিয়াৰ ভায়েক শৌভিক চক্ৰবৰ্তীৰ জামিনৰ বাবে বোম্বে উচ্চ ন্যয়ালয়ত আবেদন জনাইছে । ২৩ ছেপ্টেম্বৰত হব এই শুনানি ।

৮. বিশ্বৰ বিভিন্ন প্ৰান্তত কোৰোনাত আক্ৰান্ত হৈ ৩৭৩জন ভাৰতীয় নাগৰিকে হেৰুৱাইছে প্ৰাণ

সমগ্ৰ বিশ্বতে এতিয়া কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে। বিশ্বৰ বিভিন্ন প্ৰান্তত ভাৰতৰ ৩৭৩জন নাগৰিকে কোৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে। প্ৰাপ্ত তথ্য অনুসৰি- ১০ ছেপ্টেম্বৰ, ২০২০লৈকে বিদেশত থকা ১১,৬১৬জন ভাৰতীয় নাগৰিক কোৰোনাত আক্ৰান্ত হৈছে।

৯. প্ৰধানমন্ত্ৰীৰ ৫৮খন দেশ ভ্ৰমণত ব্যয় হৈছে ৫১৭ কোটি টকা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৫চনৰ মাৰ্চ মাহৰ পৰা ২০১৯চনলৈকে মুঠ ৫৮খন দেশত যাত্ৰা কৰিছে। এই ভ্ৰমণ কাৰ্যসূচীত ব্যয় হৈছে প্ৰায় ৫১৭ কোটি টকা। এই তথ্য মঙলবাৰে সদনত প্ৰকাশ কৰা হয়। ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত এই তথ্য দাঙি ধৰে বিদেশ ৰাজ্য মন্ত্ৰী বি মুৰলীধৰণে।

১০. আন্ত:ৰাষ্ট্ৰীয় গঁড় দিৱসঃ মুক্তি পালে কেভিন পিটাৰছনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৌৰৱ এশিঙীয়া গঁড়ক বিষয় হিচাপে লৈ ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছনে নিৰ্মান কৰি উলিয়াইছে এখন তথ্য চিত্ৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে নিৰ্মান কৰি উলিয়াইছিল এই তথ্য চিত্ৰ খন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in