পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১৫৯৩২০জনলৈ বৃদ্ধি

ৰাজ্যত আকৌ ২৬৪০জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৫৯৩২০জনলৈ বৃদ্ধি পাইছে। ইফালে, সোমবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৭৯৫জন লোক সুস্থ হৈছে। সুস্থ হৈ ঘৰলৈ উভতিছে বৰ্তমানলৈ ১২৯১৩০জন লোক। আনহাতে, চিকিৎসাধীন হৈ আছে ২৯৬০৯জন ৰোগী। উল্লেখ্য যে, ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫৭৮জন লোকৰ।

২. দিল্লীত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৩২জন হেৰুৱালে প্ৰাণ

দিল্লীত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত ২৫৪৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২৪৯২৫৯জনলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত দিল্লীত কোৰোনাত আক্ৰান্ত ৩২জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৫০১৪জনলৈ বৃদ্ধি পাইছে।

৩. নেলীত দুখন বাইকৰ মুখামুখী সংঘৰ্ষ, থিতাতে নিহত ৩ বাইক আৰোহী

নেলীত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাইকৰ মাজত মুখামুখী সংঘৰ্ষ ৷ এই দুৰ্ঘটনাত থিতাতে নিহত তিনিজন বাইক আৰোহী ৷নিহত কেইজনৰ নাম ক্ৰমে- নাৰায়ণ বৰদলৈ, মঃ হাচিম আৰু হেমন্ত ৷ জানিব পৰা মতে, নিহত হাচিমৰ ঘৰ বিহাৰত ৷ নিহত আন দুজন স্থানীয় যুৱক ৷

৪. ভূমিকম্পই কঁপাই গ'ল গুৱাহাটী মহানগৰী

গুৱাহাটী মহানগৰী কপাই গল ভূমিকম্পই। মহানগৰীৰ উপকন্ঠ এলেকাতে এই ভূমিকম্পন অনুভূত হয়। এই ভূমিকেন্দ্ৰৰ প্ৰাবল্য বৰ্তমানলৈ জানিব পৰা হোৱা নাই। এই ভূমিকম্পত কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।

৫. আইপিএলৰ তৃতীয়খন মেচঃ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ VS হায়দৰাবাদ

আইপিএলৰ ২০২০ তৃতীয়খন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে খেলপথাৰত নামে হায়দৰাবাদ। ছানৰাইজাৰ হাইদৰাবাদে ১০ ৰানৰ জয়ী হয়। মেচখনত প্ৰথম বাংগালুৰুৱে বেটিং কৰে। ২০ অভাৰত বাংগালুৰুৱে সংগ্ৰহ কৰে ১৬৩ ৰান। হায়দৰাবাদে ১৯.৪ অভাৰত ১৫৩ ৰান সংগ্ৰহ কৰিবলৈহে সক্ষম হয়।

৬. সোমবাৰে পুনৰ খোলা হল তাজমহল

ভাৰতত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। অৱশ্যে তাৰ মাজতে সোমবাৰৰ পৰা দেশৰ বহু কেইজন ৰাজ্যৰ বিদ্যালয়সমূহ খোলা হৈছে। ইফালে, বিশ্বৰ ৭ আচৰিত বস্তুৰ ভিতৰৰ এটা তাজমহল খুলি দিয়া হৈছে পৰ্যটকৰ বাবে। মাৰ্চ মাহৰ পৰা লকডাউন জাৰি কৰাৰ বাবে বন্ধ হৈ আছিল তাজমহল। কিন্তু ২১ ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰে পুনৰ তাজমহল খুলি দিয়া হৈছে পৰ্যটকসকলৰ বাবে। 

৭. গেংটকত পুনৰ লকডাউন

গেংটকত পুনৰ লকডাউনৰ ঘোষনা ছিকিম চৰকাৰৰ । কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ছিকিমৰ ৰাজধানী গেংটকত পুনৰ লকডাউনৰ ঘোষনা। ২১ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ লকডাউন ঘোষনা কৰিছে ছিকিম চৰকাৰে । গেংটকৰ পৌৰ নিগমৰ অঞ্চল অধীনত বলবৎ হ'ব এই লকডাউন ।

৮. ছত্তীশগড়ৰ ৰায়পুৰত লকডাউন

ৰায়পুৰৰ লগতে জাশপুৰ,বালোদা বজাৰ,জাণ্সগিৰ চাম্পা,দ্ৰাগ,ভিলাই,ধামটাৰী আৰু বিলাসপুৰ । এই জিলা কেইখনত ২৮ ছেপ্টেম্বৰলৈকে লকডাউন বলবৎ হব । এই সময়চোৱাত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কাৰ্যালয় বন্ধ থাকিব । কেবল ফাৰ্মাচীহে খোলা থাকিব এই সময়চোৱাত । পেট্ৰল পাম্পত চৰকাৰী বাহন আৰু চিকিৎসা কাৰ্য্যত ব্যবহৃত বাহনতহে ইন্ধন যোগানৰ নিৰ্দেশ দিয়া হৈছে ।

৯. ২৪ ছেপ্টেম্বৰৰ পৰা কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে অনুমতি প্ৰদান কৰিব কামৰূপ মহানগৰ প্ৰশাসনে

২৪ ছেপ্টেম্বৰৰ পৰা কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে দৰ্শনাৰ্থী যোৱাৰ অনুমতি প্ৰদান কৰিব কামৰূপ মহানগৰ প্ৰশাসনে । এই সন্দৰ্ভত কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ সৈতে কামৰূপ মহানগৰৰ উপায়ুক্ত আৰু আৰক্ষীৰ এক বৈঠক অনুষ্ঠিত হৈছিল ১৯ ছেপ্টেম্বৰত । মন্দিৰলৈ দৰ্শৰনাৰ্ছীৰ কোভিডৰ বাবে লব লগীয়া প্ৰস্তুতি সম্পন্ন কৰাৰ পিছত ২৪ ছেপ্টেম্বৰৰ পৰা খুলিব ।

১০. ৩ অক্টোবৰলৈ হংকঙত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা বন্ধ

হংকঙত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা বন্ধ কৰা হৈছে । শেহতীয়াকৈ বিমান যাত্ৰী সমূহৰ ২৩ গৰাকী যাত্ৰীৰ দেহত ধৰা পৰিছিল কোৰোনাৰ অৱস্থিতি । এই যাত্ৰী সমূহৰ ভিতৰত এক তৃতীয়াংশই ভাৰতীয় যাত্ৰী । ১৮ ছেপ্টেবৰত ধৰা পৰিছিল যাত্ৰী সকলৰ দেহত কোৰোনাৰ উপস্থিতি । অক্টোবৰৰ ৩ তাৰিখলৈ বন্ধ কৰা হৈছে এই বিমান সেৱা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in