পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ২৮০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১৫৮জন কামৰূপ মহানগৰৰ। ২১ জুনত মুঠ ১৭০৮৫৬জন লোকৰ কোভিড টেষ্ট কৰা হয়। তাৰ ভিতৰত ২৮০৫জন লোকৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ইফালে, সোমবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৩৫জনৰ মৃত্যু। বৰ্তমান সময়ত ৰাজ্যত আৰোগ্যৰ হাৰ ৯২.৪০ শতাংশ।

২. ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স এথলেটিকছ চেম্পিয়নশ্বিপত সোমবাৰে দুটা স্বৰ্ণ পদক অৰ্জন কৰিলে হিমাই। 200 মিটাৰ আৰু 4 × 100 মিটাৰ দৌৰত স্বৰ্ণ লাভ যদিও 200 মিটাৰ দৌৰত মাথোঁ .০৮ ছেকেণ্ডৰ বাবে টকিঅ' অলিম্পিকৰ যোগ্যতা অৰ্জনত ব্যৰ্থ হ'ল হিমা।  200 মিটাৰ দৌৰত অলিম্পিকৰ Qualifying Mark 22.80 second হোৱাৰ বিপৰীতে হিমাই দৌৰ সম্পন্ন কৰে 22.88 secondত।

৩. অসম আৰক্ষীৰ বৃহৎ সফলতা। কাৰ্বি আংলং জিলাৰ ডিলাইত জব্দ হৈছে বৃহৎ পৰিমানৰ ড্ৰাগছ। জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৩ কোটি টকা৷ ডিলাই আৰক্ষীৰ তালাচীত মণিপুৰৰ পৰা অনা ব্ৰাউন চুগাৰ জব্দ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক৷

৪. সোমবাৰে আৱেলি ২ মান বজাত মোষলধাৰ বৰষুণ হৈছিল মহানগৰীৰ বিভিন্ন স্থানত। এই বৰষুণৰ পাছত কৃত্ৰিম বানত মহানগৰীৰ বহু অঞ্চল ডুব গ'ল।এইবাৰ কোভিডৰ বাবে সুচাৰুৰূপে নলা-নৰ্দমা নিষ্কাষণ কৰাৰ সুযোগ আছিল গুৱাহাটী পৌৰ নিগমৰ। কিন্তু সেই দায়িত্ব পালন কৰাত বিফল হ'ল পৌৰ নিগম। শেষ মুহূৰ্তত নলা নিষ্কাষণৰ ঠিকা দিয়া বহু ঠিকাদাৰক ঠিকাৰ কামৰ চুক্তি বাতিল কৰা হ'ল। দুই এক ঠাইত কেইজনমান জিএমচিৰ কৰ্মচাৰীয়ে নিষ্কাষণৰ কাম কৰিছিল যদিও বহু স্থানত জাৱৰ-জোথৰ তেনেদৰেই পৰি থকা দেখিবলৈ পোৱা গ'ল।

৫. মৰিয়নী সমষ্টিৰ বিধায়ক তথা সদ্য প্ৰাক্তন বহুবল্কী কংগ্ৰেছ নেতা ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে পুৱা ৮ বজাত ধেমাজি জিলাৰ গেৰুকামুখৰ এন এইচ পি চিৰ অতিথিশালাত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীক গেৰুৱা দলৰ টোপী, ফ্লেগ, কুপন আৰু ফুলাম গামোছাৰে দললৈ আদৰনী জনায় ৷ 

৬. নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত ১ নং কাপলাবড়ীত সংঘটিত লোমহৰ্ষক ডকাইতি কাণ্ডৰ লগত জড়িত ডকাইতৰ দলটিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মুকালমুৱা আৰক্ষী । দেওবাৰে নিশা মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত মহানগৰ আৰক্ষীৰ সহযোগত গুৱাহাটীৰ বেটকুছি-গাড়ীগাঁও অঞ্চলত অভিযান চলাই তিনিটা দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মুকালমুৱা আৰক্ষীয়ে ৷ ধৃত তিনিওটা ডকাইত ক্ৰমে মুকালমুৱাৰ দমদমা পথাৰৰ চাহেদ আলীৰ পুত্ৰ জিয়াউৰ ৰহমান(৩২), চামচুল আলীৰ পুত্ৰ ৰহিম আলী(২২) আৰু চাহেদ আলীৰ পুত্ৰ জাকিৰ হুছেইন(৫১) বুলি জানিব পৰা গৈছে ৷

৭. আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ে সোমবাৰে পুৱা ৮ বজাত জুম মিডিয়া প্লেটফৰ্মৰ জৰিয়তে অনলাইন যোগ দিৱস উদযাপনৰ কৰে। অনুষ্ঠানটোৰ পৰিচালনা কৰে ড০ সংগীতা বৰঠাকুৰে।পৰিচালকগৰাকীয়ে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰাৰ পাছতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ প্ৰশান্ত শৰ্মাই স্বাগতম ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ভবেশ চন্দ্ৰ গোস্বামীয়ে উদ্বোধনী ভাষণ প্ৰদান কৰি সমবেত লোকসকলক যোগক নিয়মীয়া অনুশীলন হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। ''আমি আজি যোগ দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছো, কাৰণ আমি এক স্বাস্থ্যৱান জীৱন বজাই ৰখাত যোগৰ গুৰুত্ব উপলব্ধি কৰিছো'- নিজৰ ভাষণত উপাচাৰ্য, অধ্যাপক গোস্বামীয়ে কয়।

৮. ভ্ৰমন কাৰ্যসূচীত জড়িত চিকিৎসক আক্ৰান্ত কোৰোনাত। কোৰোনাত আক্ৰান্ত মডেল ভেকচিন চেন্টাৰ চিকিৎসক ডাঃ পি. এন দেউৰী। চিকিৎসক গৰাকী কৰ্তব্যৰত আছিল মুখ্যমন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচীত। ভ্ৰমন কাৰ্যসূচী মাজতেই অসুস্থ হৈ উঠিছিল  চিকিৎসক গৰাকী। মুখ্যমন্ত্ৰী গৰাকী ঘূৰি অহাৰ পিছতেই কৰোৱো হৈছিল কোভিড টেষ্ট। পৰীক্ষা ফলাফলত চিকিৎসক জনৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি। চিকিৎসক,স্বাস্থ্য কৰ্মীসকলৰ লগতে ৰাইজৰ মাজত অব্যাহত ব্যাপক উত্তেজনা ।  

৯. ৰাজ্য চৰকাৰে শেহতীয়া কোভিড পৰিস্থিতৰ ওপৰত ভিত্তি কৰি ৰাজ্যত জাৰি কৰিছে নতুন নীতি নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি ৰাজ্যৰ কেইবাখনো জিলাত শিথিলতা অনাৰ লগতে কেইবাখনো জিলা নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ পৰামৰ্শ দিছে প্ৰশাসনে। জাৰি কৰা নিৰ্দেশনা অনুসৰি কামৰূপ মেট্ৰত দিনৰ দুই বজাত আৰম্ভ হ'ব সান্ধ্য আইন। এই সান্ধ্য আইনৰ সমাপ্তি ঘটিব পুৱা ৫ বজাত। শেহতীয়া কোভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰি দক্ষিণ শালমাৰা, মাজুলী, চিৰাং, বঙাইগাওঁ, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাউ আৰু চৰাইদেউত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সান্ধ্য আইন শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

১০. টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে প্ৰথমগৰাকী তৃতীয় লিংগৰ এথলিটে। নিউজিলেণ্ডৰ ভাৰত্তোলক ল'ৰেল হাবাৰ্ড টকিঅ'লৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী তৃতীয় লিংগৰ এথলিট হিচাপে পৰিগণিত হৈছে। জন্মতে ল'ৰা হিচাপে জন্মগ্ৰহণ কৰা ল'ৰেল হাবাৰ্ডে ৩০ বছৰ বয়সত নিজকে মহিলালৈ পৰিবৰ্তন কৰিছিলে। এইগৰাকী ল'ৰেল হাবাৰ্ডেই ভাৰত্তোলনৰ ৮৭ কেজি শাখাত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। নিউজিলেণ্ডৰ অলিম্পিক বিষয়ববীয়াসকলে এক অতি স্পৰ্শকাতৰ তথা জটিল বিষয়ত জনোৱা আহ্বানৰ পাছতে ল'ৰেল হাবাৰ্ডে অলিম্পিকলৈ যোৱাৰ বাট মুকলি হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in