পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ২১৬৭জন কোৰোনাত আক্ৰান্ত। দেওবাৰৰ দিনটোত ৰাজ্যত কোভিড টেষ্ট কৰা হয় ১০০৪৫৫জন লোকৰ। ইয়াৰ ভিতৰত ২১৬৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ২২৬জন কামৰূপ মেট্ৰ'ৰ। অসমত বৰ্তমান পজিটিভিটী হাৰ ২.১৬ শতাংশ। ফালে, ৰিকভাৰী হাৰ অসমত ৯০.১৪ শতাংশলৈ বৃদ্ধি। দেওবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৩৬জনৰ মৃত্যু।

২. সমগ্ৰ ৰাজ্যৰ লগতে কাছাৰতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ শনিবাৰে নিশা জিলাখনৰ বিভিন্ন স্হানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰোইন, নিচা জাতীয় টেবলেট আৰু যথেষ্ট পৰিমাণৰ বিদেশী চিগাৰেট বাজেয়াপ্ত কৰে ৷ অসম-মনিপুৰ সীমান্তৱৰ্তী জিৰিঘাট থানাৰ আৰক্ষী আৰু লক্ষীপুৰৰ এছ ডিপিওয়ে জিৰিঘাটৰ লালপানী এলেকাত অভিযান চলাই ৪০ (40) হাজাৰ YABA টেবলেট বাজেয়াপ্ত কৰে৷ টেৱলেটৰ সৈতে ইবতম্বা সিংহ নামৰ মনিপুৰ জিৰিবামৰ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী জন মনিপুৰ চৰকাৰৰ "ভিলেজ ডিফেঞ্চ ফৰ্চ"ৰ কৰ্মকৰ্তা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

৩. ওদালগুৰি আৰক্ষীৰ ধাৰাবাহিক অভিযান। এইবাৰ অভিযানৰ স্থান ওদালগুৰি সদৰ। শনিবাৰে নিশা পৰ্যন্ত আৰক্ষীৰ অভিযান। অভিযানত উদ্ধাৰ বহু পৰিমাণৰ সুৰা। অবৈধভাৱে মজুত ৰাখিছিল সুৰাখিনি। সুৰাসহ এজন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ। লোকজনে চলাইছিল সুৰাৰ অবৈধ বেহা। অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ। ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ।

৪. চাহ বাগিচা অধ্যুষিত পঞ্চায়তখনৰ নব্বৈ শতাংশ লোক চাহ শ্ৰমিকৰূপে আৰু দহ শতাংশ লোকে কৃষি আৰু দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে। অসমৰ প্ৰায়বোৰ গাঁও আৰু বাগিচা এলেকাৰ লোকক কোভিড সংক্ৰমণে চুই গৈছে যদিও যোৰহাট জিলাৰ মৰিয়নীৰ এখন গাঁও পঞ্চায়ত এলেকা কোভিডমুক্ত হৈ থাকি আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে। মৰিয়নী সমষ্টিৰ ৫৯নং দক্ষিন কাটনি বাগিচা গাঁও পঞ্চায়তৰ এজনো লোক বৰ্তমানলৈকে কোভিডত আক্ৰান্ত নোহোৱাত গ্ৰীণ জ'নৰূপে স্বীকৃতি লাভ কৰিছে পঞ্চায়তখনে।

৫. দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ঘন্টাত ভাৰতত ৮০হাজাৰ ৮৩৪গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত। ৩,৩০৩গৰাকী লোকৰ মৃত্যু গৈছে উক্ত সময়চোৱাত। দেশত পজিটিভিটী ৰেট ৪.২৫লৈ হ্ৰাস পাইছে। ২৪ঘন্টাত ১লাখ ৩২হাজাৰ লোক সুস্থ হৈ ঘৰলৈ উভতিছে।

৬. দক্ষিণ শালমাৰাৰ ৰাভাটাৰী চৰত ৭ টা চোৰাং গৰু সহ এজনক আটক।  দেওবাৰে পুৱা প্ৰায় ৮ বজাত দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই গৰু কেইটা জব্দ কৰে। গৰু কেইটা ব্ৰহ্মপুত্ৰ নদীয়েদি বাংলাদেশত নিবলৈ ধৰিছিল। তেনে সময়ত আৰক্ষী অভিযান চলোৱাত কেইবাজনো গৰু সৰ্বৰাহকাৰী নাও এৰি পলায়ন কৰে।ইয়াৰে এজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰ্বৰাকাৰীটোক আশ্ৰফ আলী বুলি চিনাক্ত। নাও খন ফুটা কৰি দিয়াত ব্ৰহ্মপুত্ৰৰ মাজত নাও ডুব যোৱা বুলি দক্ষিণ শালমাৰা আৰক্ষীয়ে জানিবলৈ দিছে। ডুবন্ত নাৱৰ পৰা গৰু কেইটা উদ্ধাৰ কৰি জব্দ কৰা হৈছে।

৭. বটদ্ৰৱাৰ হাইডুবি গাঁৱত হত্যাকাণ্ড। সীমা বিবাদক কেন্দ্ৰ কৰি ভতিজাকৰ প্ৰহাৰত প্ৰাণ গ'ল খুড়াকৰ। মাটিৰ সীমাক লৈ খুৰাক আৰু ভতিজাকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। মৃত্যু হোৱা লোকজন নাম মজিবুৰ ৰহমান। ঘটনা সন্দৰ্ভত মজিবুৰ ৰহমানৰ পৰিয়ালে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। বটদ্ৰৱা আৰক্ষী থানত ঘটনা সন্দৰ্ভত ভতিজা জাহিৰুল ইছলাম, জয়নাল আবেদিন, ৰছিদুল ইছলাম, নসেদ আলী, আৰু ৰহিমা খাতুন সহ ৫ জনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

৮. আগন্তুক বিষ্ণু ৰাভা দিৱস উপলক্ষে দৰং জিলা সাহিত্য সভাই শিশু সকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে শিশু সকলৰ মাজত অনুষ্ঠিত কৰিছে এক অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা' শীৰ্ষক এই চিত্ৰাংকন প্ৰতিযোগিতাত অষ্টম শ্ৰেণী পৰ্যন্ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব।দেশত চলি থকা কোৰোনা মহামাৰীৰ আটংক আৰু লক ডাউনৰ পৰিপ্ৰেক্ষিতত এই চিত্ৰাংকন প্ৰতিযোগিতা অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ'ব।প্ৰতিযোগিতাখনত দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত যিকোনো শাখাৰ, যিকোনো বিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব।

৯. দিল্লীত পুনৰ কিছু নীতি-নিয়ম শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। দেওঁবাৰে এই নতুন নীতি-নিয়ম জনতাক অৱগত কৰিবলৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সম্বোধন কৰে এখন সংবাদমেল। এই সংবাদমেলত অৰবিন্দ কেজৰিৱালে ঘোষণা কৰে যে, সোমবাৰ (১৪জুন.২০২১)ৰ পৰা দিল্লীত দোকান সমূহ খোলা থাকিব পুৱা ১০বজাৰ পৰা নিশা ৮ বজালৈকে। ইফালে দিল্লীৰ নিয়মীয়া বজাৰ আৰু মল সমূহৰ ক্ষেত্ৰতো শিথিলতা আনিছে চৰকাৰে। এতিয়াৰে পৰা সকলো মল আৰু বজাৰ একেলগে খুলিব পাৰিব। পূৰ্বৰ নিয়ম সোমবাৰৰ আৰু বাহাল নাথাকে দিল্লী। এই সপ্তাহ এই প্ৰক্ৰিয়াৰে চৰকাৰে সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিব আৰু এসপ্তাহৰ পিছত পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিব।

১০. হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ললে উত্তৰাখণ্ড কংগ্ৰেছৰ নেত্ৰী ইন্দিৰা হৃদয়েশে।জানিব পৰা মতে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে দিল্লীত অনুষ্ঠিত হোৱা এক বৈঠকত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু দিল্লীতেই তেওঁ হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে। প্ৰয়াত কংগ্ৰেছ নেত্ৰীগৰাকী উত্তৰাখণ্ড বিধানসভাৰ সদস্য হোৱাৰ উপৰিও উত্তৰাখণ্ড বিধান সভাৰ প্ৰধান বিৰোধী দলৰ নেত্ৰী আছিল। ইয়াৰ পূৰ্বে তেওঁ আছিল ৰাজ্যখনৰ বিত্তমন্ত্ৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in