পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৪৫০২০১জনলৈ বৃদ্ধি

অসমত পুনৰ ৩৭৫৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ৩২৩জন কামৰূপ মেট্ৰ, ২৯১জন কাছাৰ, ২৬৫জন শোণিতপুৰ আৰু ২৩৬জন তিনিচুকীয়াৰ। এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৪৫০২০১জনলৈ পাইছে বৃদ্ধি। ইফালে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৫১২৩জন সুস্থ হৈছে। আনহাতে, মৃত্যু হৈছে ৰাজ্যত দিনটোত ৫১জন লোকৰ। এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৭০৮১জন ৰোগী।

২. গুৱাহাটী পৌৰ নিগমৰ ৭১জন ঠিকাদাৰলৈ কাৰণ দৰ্শোৱা জাননী

গুৱাহাটী পৌৰ নিগমৰ ৭১গৰাকী ঠিকাদাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ। নলা নিষ্কাষণৰ কামত জড়িত ঠিকাদাৰলৈ এই জাননী প্ৰেৰণ জিএমচিৰ আয়ুক্তৰ। সময় মতে কামৰ অগ্রগতি নোহোৱাক লৈ অসন্তুষ্ট আয়ুক্তগৰাকী। মুঠ ১৩৮ কোটি টকা ব্যয় সাপেক্ষে চলি আছে নলা নিষ্কাষণৰ কাম। দুদিনৰ ভিতৰত জনাব কামৰ অগ্রগতিৰ বিষয়ে জনাব লাগিব আয়ুক্তক।

৩. অল ইণ্ডিয়া ৰেডিঅ'ৰ প্ৰাক্তন ডায়ৰেক্টৰ জেনেৰলৰ পত্নীৰ দেহাৱসান

অল ইণ্ডিয়া ৰেডিঅ'ৰ একালৰ ডায়ৰেক্টৰ জেনেৰেল লতিফ বৰুৱাৰ পত্নী সাৰদা বৰুৱাৰ দেহাৱসান। দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে সাৰদা বৰুৱাই। এসময়ত ছবি জগতত অভিনয় কৰাৰ উপৰিও তেওঁ ৰেডিঅ'ত চাকৰিয়াল আছিল। তেওঁৰ পুত্ৰ তথা সাংবাদিক অমিত বৰুৱাই সদৰী কৰিছে এই কথা। মৃত্যুৰ সময়ত সাৰদা বৰুৱাৰ বয়স আছিল ৯৩ বছৰ। তেওঁৰ মৃত্যুত বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

৪.ম্যানমাৰত সামৰিক বাহিনীৰ বিমান দুৰ্ঘটনাত পতিত, নিহত ১৩জন

চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত বৃহস্পতিবাৰে পুৱা সংঘটিত সামৰিক বাহিনীৰ এক বিমান দুৰ্ঘটনাত দেশৰ বৌদ্ধধৰ্মৰ সৰ্বোচ্চ ধৰ্মীয় নেতা ভদন্ত কাৱিচাৰা আৰু ছয় গৰাকী শীৰ্ষ সেনা বিষয়াসহ মুঠ ১৩ গৰাকী লোক নিহত হৈছে । প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱা ৭ বজাত ন্যইপেডৰ বিমানবন্দৰ পৰা মান্দায়লৰ পিন অ' লৱিন বিমানবন্দৰলৈ জুণ্টা সামৰিক বিমানখনে শীৰ্ষ সেনা বিষয়াক লৈ উৰা মাৰিছিল । কিন্তু বৃহস্পতিবাৰে পুৱাৰে পৰা দি থকা বৰষুণ তথা প্ৰতিকূল বতৰৰ বাবে বিমানখনে ৮ বজাত অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে সংযোগ হেৰুৱাই বিমানবন্দৰৰ বিদ্যুতৰ খুঁটা প্ৰচণ্ড খুন্দা মাৰি তিনি টুকুৰা হৈ ভাগি পৰে ।

৫. বোকাজানত বৃহৎ পৰিমানৰ গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

অসম নাগালেণ্ড সীমান্তৰ বোকাজানৰ গায়নবাৰী গাঁৱত শুকুৰবাৰে বোকাজান আৰু বৰহোলা আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুদু গগৈ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ কৰা দুদু গগৈ নামৰ লোকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে প্ৰায় ৪ কেজি ৮০০ গ্ৰাম গাঞ্জা জব্দ কৰে । জানিব পৰামতে দুদু গগৈয়ে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ঘৰত গোপনে মজুত কৰি ৰাখিছিল। বৰহোলা আৰক্ষীয়ে ইতিমধ্যে আটক কৰা দুদু গগৈৰ বিৰুদ্ধে ৮৫/২০২১ গোচৰ নম্বৰত এক গোচৰ ৰুজো কৰি অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে। 

৬. মাজুলীত প্ৰথমবাৰলৈ কোভিড কেয়াৰ চেন্টাৰত সন্তান প্ৰসৱ

মাজুলীত প্ৰথম বাৰৰ বাবে চিকিৎসালয়ৰ কোভিড কেয়াৰ চেন্টাৰত কোভিড পজিটিভ গৰ্ভাৱতীয়ে প্ৰসৱ কৰিলে এটি পুত্ৰ সন্তান। মাজুলীৰ জেংৰাই পমুৱা গাৱৰ অঞ্চলৰ উমাৱতী পেগু নামৰ মহিলা গৰাকী কিছু দিনৰ পূৰ্বে কোভিড পজিটিভ হৈছিল।তেওঁক জেংৰাইমুখৰ পৰা বুধবাৰে নিশা ৯ বজাত জৰুৰীকালীন ভাৱে গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী অসামৰিক চিকিৎসালয়ৰ কোভিড কেয়াৰ চেন্টাৰলৈ অনা হৈছিল। ৫ গৰাকী কোভিড ৰোগীৰ সৈতে ৰখা হৈছিল উমাৱতীক। গৰ্ভাৱতী উমাৱতীয়ে প্ৰসৱ বেদনাত বিচনাত চটফটাইছিল আৰু উমাৱতীৰ গগন ফলা চিঞৰত উপায়ন্তৰ হৈ পৰিছিল চিকিৎসা কৰ্মী সকল। প্ৰসূতি কোঠালৈ নিৱলৈ ভয় খাইছিল চিকিৎসা কৰ্মী সকলে

৭. মদনপুৰস্থিত টোগলেটত কোভিড পৰীক্ষা

কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰস্থিত টোলগেটৰ পুৰুষ মহিলাকে ধৰি ১৩৯ গৰাকী কৰ্মচাৰীৰ আজি কভিড পৰীক্ষা কৰা হয়। মদনপুৰ টোলগেট কৰ্ত্তৃপক্ষৰ উদ্যোগত দিনৰ প্ৰায় ১১ বজাৰ পৰা অনুষ্ঠিত কৰা উক্ত কভিড পৰীক্ষা শিবিৰত কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পৰা যোৱা চিকিৎসাকৰ্মীৰ এটা দলে মদনপুৰ হাইস্কূলত উক্ত কভিড পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে। মদনপুৰ টোলগেট কৰ্ত্তৃপক্ষৰ উদ্যোগত গ্ৰহণ কৰা আজিৰ কভিড পৰীক্ষাৰ প্ৰতিবেদন মৰ্মে আটাইকেইগৰাকী কৰ্মচাৰী কভিডমুক্ত বুলি জানিবলৈ দিয়ে। আজি কভিড পৰীক্ষা কৰা কৰ্মচাৰী সকলৰ ভিতৰত ১৪ গৰাকী কৰ্মচাৰীয়ে আৰ টি পি চি আৰ (RTPCR) পৰীক্ষাও কৰোৱা বুলি চিকিৎসাকৰ্মীয়ে জানিবলৈ দিয়ে।

৮. বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ

২৬ মে'ত চন্দ্ৰগ্ৰহণৰ পাছত আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। ১০ জুনৰ দিনা দুপৰীয়া ১ বাজি ৪২ মিনিটত পৰা আৰম্ভ হৈছে আৰু সন্ধিয়া ৬ বাজি ৪১ মিনিটলৈকে চলিব এই সূৰ্যগ্ৰহণ। আমেৰিকাৰ উত্তৰ ভাগ, ৰাছিয়াৰ গ্ৰীণলেণ্ড, উত্তৰ কানাডা, ইউৰোপ, উত্তৰ-পশ্চিম আফ্ৰিকা আৰু এছিয়াৰ পৰা আংশিক ভাবে দেখা দেখা গৈছে এই সূৰ্যগ্ৰহণ। ভাৰতৰ আকাশতো আংশিক ভাবে দেখা গৈছে গ্ৰহণ। ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু লাডাখৰ কিছু অংশৰ পৰা এই গ্ৰহণ দেখা গৈছে।ভাৰতীয় সময় মতে দিনৰ ১ বাজি ৪২ মিনিটৰ পৰা আৰম্ভ হ'ল গ্ৰহণ । সূৰ্যক সম্পূৰ্ণভাবে প্ৰথম দেখা যাব ৩ বাজি ১৯ মিনিটত।  সম্পূৰ্ণ গ্ৰহণ আৰম্ভ হ'ব ৪ বাজি ১১ মিনিটৰ পৰা আৰু সূৰ্যগ্ৰহণ শেষ হ'ব ৭ বাজি ৩ মিনিটত। আংশিক সূৰ্যগ্ৰহণ শেষ হ'ব ৬ বাজি ৪১ মিনিটত।

৯. একে সময়তে ১০টাকৈ সুস্থ সন্তান জন্ম দিলে এগৰাকী মাতৃয়ে

একেসময়তে এগৰাকী মাতৃয়ে ১০ টাকৈ সুস্থ সন্তান জন্মদি বিশ্বতে চাঞ্চল্য সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইদৰে একেসময়তে এগৰাকী মাতৃয়ে ১০ টাকৈ সন্তান জন্ম দিয়া কাৰ্য বিশ্বৰ প্ৰথমটো ঘটনা ৰূপে পৰিগণিত হৈছে। এই চাঞ্চল্য সৃষ্টিকাৰী ঘটনা সংঘটিত হৈছে দক্ষিণ আফ্ৰিকাত। অষ্ট্ৰেলিয়াৰ ছেভেন নিউজ ডট কম নামৰ ৱেবছাইটত প্ৰকাশিত খবৰ মতে গোচিয়াৰে থমৰা চিথল নামৰ মহিলাগৰাকীয়ে ১০ টাকৈ সুস্থ সন্তান জন্ম দিবলৈ সক্ষম হৈছে। এই ১০ টা সন্তানৰ ভিতৰত ৭ টা পুত্ৰ সন্তান আৰু তিনিটা কন্যা সন্তান।

১০. মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা, ১১জনকৈ লোকৰ মৃত্যু

বৃহস্পতিবাৰে পুৱা মুম্বাইত সংঘটিত হৈছে এক অঘটন। ৱেষ্ট মালাডত পুৱতি নিশা হোৱা ভয়ংকৰ বৃষ্টিপাতৰ ফলত খহিঁ পৰিল এটা চাৰি মহলীয়া অট্টালিকা। এই ঘটনাত মৃত্যু হৈছে ১১গৰাকীকৈ লোক। ইয়াৰ ভিতৰত আছে ৪টিকৈ শিশুও। ১৮গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে এই ঘটনাত। বৰ্তমানেও প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ইফালে এই ঘটনাক লৈ বিজেপিয়ে দোষ জাপি দিছে শিৱসেনাক। শাসনাধিষ্ঠ দলটোৰ অমনোযোগিতাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযো বিজেপিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in