পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৪৩২৭১৪জনলৈ পাইছে বৃদ্ধি

অসমত আকৌ ৩৭৮১ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ৩২২জন কাচাৰ, ২৭৬জন কামৰূপ মেট্ৰ, ২৭৩জন ডিব্ৰুগড় আৰু ২৬৭জন তিনিচুকীয়াৰ। এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৪৩২৭১৪জনলৈ পাইছে বৃদ্ধি। ইফালে, শনিবাৰৰ দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৩০৯৯দন লোক সুস্থ হয়। আনহাতে, দিনটোত কোৰোনাত আক্ৰান্ত ৪৪জনৰ মৃত্যু হয় ৰাজ্যত। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫১৪০৩জন ৰোগী।

২. ৰাইমনাক ৰাষ্ট্ৰীয় হিচাপে ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত বৃদ্ধি পালে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা। ৰাজ্য চৰকাৰে শনিবাৰে নতুন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিব। ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিব। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰীয়ে জনাইছ যে, দিহিং পাটকাই অভয়াৰণ্যকো ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ বাবে প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে। এতিয়াৰে পৰা ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৬খনলৈ বৃদ্ধি পালে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

পুৱাৰ খবৰ…

৩. মঙলদৈত চিকিৎসালয়ৰ পৰা কোভিড ৰোগীৰ পলায়ন

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা শুকুৰবাৰে এজন কোভিড ৰোগীৰ পলায়ন। পলায়ন কৰা কোভিড ৰোগী জন গভাইট চোৰ আব্দুল গণি। মঙলদৈ থানাৰ কেচ নং ২২৯/২১ৰ ভিত্তিত আব্দুল গণিক জেললৈ প্ৰেৰণৰ আগমুহূৰ্তত স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছিল মঙলদৈ অসামৰিক চিকিৎসালয়লৈ। চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ পাছত চোৰটোৰ দেহত ধৰা পৰে কোভিড পজিটিভ। তাৰপাছত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ কোভিড ইউনিটত ভৰ্তি কৰা হয় আব্দুল গণিক। কোভিড ইউনিটৰ পৰা সুযোগ বুজি আব্দুল গণিয়ে পলায়ন কৰে। মঙলদৈ আৰক্ষীয়ে গণিক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও বিচাৰি উলিয়াব পৰা নাই।

৪. হাটশিঙিমাৰীত ১২টা গৰু আৰু ম'হ জব্দ কৰে আৰক্ষীয়ে

হাটশিঙিমাৰীৰ পুৰান সুখচৰত খাৰুৱাবান্ধা আৰক্ষীৰ অভিযান। অভিযানত আৰক্ষীয়ে জব্দ কৰে ১২ টা গৰু আৰু ম'হ। ৮ টা বিশাল আকাৰৰ গৰু আৰু ৪ টা ম'হ জব্দ কৰা হয় এই অভিযান। গৰু কেইটা হাৰিয়ানা ৰাজ্যৰ পৰা অনা বুলি জানিব পৰা গৈছে। বাংলাদেশলৈ নি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে গৰু আৰু ম'হ কেইটা। পুনৰ বহিঃৰাজ্যৰ গৰু অসম-বাংলাদেশ সীমান্তয়েদি সৰবৰাহ আৰম্ভ হৈছে।

পুৱাৰ খবৰ…

৫. বৰপেটাত বজ্ৰপাত পৰি দুজনৰ মৃত্যু

বৰপেটা জিলাৰ মইনবড়ীত দুজন কিশোৰৰ অকাল মৃত্যু৷ সন্ধিয়া ৬ মান বজাত সত্ৰ মইনবৰীত বজ্ৰপাতৰ ফলত মৃত্যু হয় কিশোৰ দুজনৰ। মৃত্যু হোৱা কিশোৰ দুজন ক্ৰমে- আবু বক্কাৰ আৰু পোষণজ্যিৎ ঘোষ। মৃত যুৱক দুজনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

৬. বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত গছ পুলি ৰোপন কৰি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ধৰণীখন সদায় সেউজীয়া কৰি ৰখাৰ প্ৰয়াসেৰে সকলোৱে এজোপাকৈ গছ পুলি ৰোপন কৰা পৰিলক্ষিত হয় আজিৰ দিনটোত।

পুৱাৰ খবৰ…

৭. চিত্ৰশিল্পী নীলপৱন বৰুৱা কোৰোনাত আক্ৰান্ত

যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱা আক্ৰান্ত হৈছে কোৰোনাত। শেহতীয়াকৈ তেওঁৰ কোভিড ৰিজাল্ট আহিছে পজিটিভ। কিছু পৰিমাণে অসুস্থ বৰুৱাক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। GMCHৰ চুপাৰ স্পেয়েলিটি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে তেওঁক। শিল্পীগৰাকী আশু-আৰোগ্য কামনা কৰিছে গুণমুগ্ধই।

৮. মহানগৰীৰ নলা পৰিষ্কৰণ কাৰ্যত মই সফল হ'ব পৰা নাছিলোঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থাকোতে মই মহানগৰীৰ নলা পৰিষ্কৰণ কাৰ্যত সফল হ'ব পৰা নাছিলো। বোকাবোৰ নলাৰ পৰা উঠোৱাৰ পাছত অভিযন্ত্ৰাই কয়, চাৰ এইবোৰ নুশুকালে ৰাস্তাৰ পৰা তুলি নিব নোৱাৰি। তাৰ পিছতে বৰষুণ আহে, আৰু বোকাবোৰ পুনৰ নলালৈ গুচি যায়।- এই তাৎপৰ্যপূৰ্ণ মন্তব্য স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এসময়ত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব লৈ দপ্তৰটো এৰি দিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অৱশ্যে কয়, এতিয়া গুৱাহাটীৰ উন্নয়নৰ দায়িত্ব অশোক সিংহালক দিয়া হৈছে। মই আশাকৰো তেওঁ মোৰ দিনত নোৱাৰা এই কামটো কৰি দিব পাৰিব।

৯. নতুন ডিজিটেল নীতি-নিৰ্দেশনা পালন কৰিবলৈ টুইটাৰক সকীয়ালে কেন্দ্ৰীয় চৰকাৰে

ভাৰত চৰকাৰ আৰু টুইটাৰৰ মাজত চলি থকা শীতল যুদ্ধৰ যেন অন্ত পৰাৰ নামেই লোৱা নাই। শেহতীয়াকৈ টুইটাৰক পুনৰ এক সকিয়নী প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে নতুনকৈ ধাৰ্য কৰা ডিজিটেল নীতি-নিয়মখিনি সকলো আখৰে আখৰে পালন কৰিবলৈ সকিয়নী প্ৰদান কৰা হৈছে টুইটাৰক।

পুৱাৰ খবৰ…

১০.  কোকৰাঝাৰত পথ দুৰ্ঘটনা, নিহত যুৱতী

কোকৰাঝাৰৰ দেৱৰগাঁৱৰ পৰা নিৰ্মিয়মান কোকৰাঝাৰ মেডিকেল কলেজলৈ যোৱা গড়কাপ্তানী পথত শনিবাৰে এক ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হয় । ৰ'ড কঢ়িওৱা মিনি ট্ৰাক(নং এছ ১৬ এচি ০৭১৭)ৰ সৈতে স্কুটী(নং এ এছ ১৬ এইচ ৫৪৯১)ৰ মাজত সংঘটিত হোৱা দূৰ্ঘটনাৰ ফলত স্কুটী চালক জেনী বৰগয়াৰী(৩০)নামৰ উচ্চশিক্ষিতা যুৱতী এগৰাকীয়ে কৰুণ মৃত্যুক আকোৱালি লয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in