পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ বৃদ্ধি

ৰাজ্যত শনিবাৰে আকৌ ২৫৯৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইরাছত আক্ৰান্ত লোকৰ সংখ্যা ১৫৫৪৫৩জনলৈ বৃদ্ধি পাইছে। ইফালে, শনিবাৰৰ দিনটোত এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হয় ১৮৫৬জন ৰোগী। অসমত সুস্থ হোৱা লোকৰ সংখ্যা ১২৫৫৪০জনকৈ বৃদ্ধি হৈছে। আনহাতে, চিকিৎসাধীন হৈ আছে ২৯৩৬২জন ৰোগী।উল্লেখ্য যে, ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ ৫৪৮জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।

২. লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন, আহত ১০জন

লামডিঙ-লংকা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দহজনলোক আহত হয়।জানিব পৰামতে এএচ-২৫বি চি-২৬০৬ নম্বৰ জেনন পিক আপ ভেন খনে নিয়ন্ত্ৰন হেৰুৱাই পথতে বাগৰি পৰে ।ফলত ডবকা মদাৰতলিৰ চাৰিকুল ইছলাম থিতাতে নিহত হয়। দুৰ্ঘটনাটোত গুৰুত্বভাৱে আহত হয় আন দহজন লোক।

৩. ধেমাজিত আকৌ ৮৮জনৰ দেহত কোভিড পজিটিভ

শনিবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে  সুকীয়া সুকীয়াকৈ কৰা ৰেপিড আৰু  ৰেপিড এন্টিজেন পৰীক্ষাৰত মুঠ ৮৮ জনৰ কভিড  পজিটিভ চিনাক্ত কৰিছে ৷ শনিবাৰে চিনাক্ত হোৱা লোক কেইজনৰ সৈতে  ধেমাজি জিলা খনত  কভিড পজিটিভৰ সংখ্যা  ৩২৬১ জনলৈ বৃদ্ধি পালে ৷

৪. আইপিএলৰ প্রথমখন মেচঃ চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ

২০২০ৰ আইপিএলৰ প্ৰথমখন মেচত জয়ী হল চেন্নাই ছুপাৰ কিংছ। মুম্বাই ইণ্ডিয়ানছে বান্ধি দিয়া ১৬৩ ৰানৰ টাৰ্গেট ভংগ কৰি জয়ী হল চি এছ কে। ১৯.২ অভাৰত ৫ উইকেট হেৰুৱাই ১৬৬ৰান সংগ্ৰহ কৰে চেন্নাইয়ে। চেন্নাইৰ হৈ ফাফ ডু প্লেছিছে ৫৮ আৰু আম্বাতী ৰায়াডুৱে ৭১ ৰান সংগ্ৰহ কৰে।

৫. চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল গৃহ মন্ত্ৰী অমিত শ্বাহ

কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল। এইমছত শেহতীয়াকৈ চিকিৎসাধীন হৈ থকা গৃহ মন্ত্ৰী গৰাকী স্বাস্থ্য উন্নত হৈছে যদিও, দুৰ্বলতাৰ বাবে ঘৰতে সোমাই আছে অমিত শ্বাহ।

৬. নদীবান্ধ-কা বাতিলৰ দাবীত আছু-এজেৱাইচিপিৰ জোঁৰ সমদল

লখিমপুৰত আছু-এজেৱাইচিপিৰ জোঁৰ সমদল। বৃহৎ নদী বান্ধ বন্ধ কৰা আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই সমদল বাহিৰ। কেইবা শতাধিক ছাত্ৰ কৰ্মীয়ে অংশ লৈছে এই কাৰ্যসূচীত। এই জোঁৰ সমদল লখিমপুৰ ছহীদ বেদী প্ৰাংগণৰ পৰা উলিওৱা হৈছে৷

৭. মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে পানবজাৰ থানাত এজাহাৰ দাখিল

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। কোভিড-১৯ৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। উল্লেখ্য যে, বিটিএডিৰ তামুলপুৰৰ গৰৈমাৰীত ১৮ ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰে নিৰ্বাচন কেন্দ্রিক ৰাজহুৱা সভাত অংশগ্রহণ কৰিছিল ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীযূষ হাজৰিকাই।

৮. শনিবাৰে মহানগৰীৰ কটাহবাৰীত এগৰাকী মহিলা প্ৰৱন্ধকক দুৰ্বৃত্তৰ আক্ৰমণ

শনিবাৰে দিন দুপৰতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা। কটাহবাৰীত এছ বি আই সেৱা কেন্দ্ৰৰ এগৰাকী মহিলা প্ৰৱন্ধকক আক্ৰমণ দুৰ্বৃত্তৰ। ৰঙা ৰঙৰ এখন মাৰুতি-৮০০ত অহা দুই দুৰ্বৃত্তই আক্ৰমণ কৰে তেওঁক। প্ৰৱন্ধকগৰাকীৰ নাম ৰুপালী সিনহা। সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰা হৈছে এক্সেল কেয়াৰত।

৯. ত্ৰিপুৰাত পুত্ৰই হত্যা কৰিলে পিতৃক

পুত্ৰই হত্যা কৰিছে পিতৃক। এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলীয়ামূৰা ৰাজহ চক্ৰৰ মৌংগীয়াকাণীৰ ন'গ্ৰাই গাঁৱত। ঘটনাৰ বিৱৰণীৰ মতে আজি পুৱা ভাগত পাল্টু জামাতীয়া (২৫)নামৰ যুৱকজনে পিতৃ মনোৰঞ্জন জামাতীয়া(৫০)ক চোকা অস্ত্ৰৰে কাটি হত্যা কৰে।

১০. বান নিয়ন্ত্রণত ব্যৰ্থ হোৱা জলসম্পদ বিভাগৰ কাৰ্যালয়ত তলা ওলমালে ধেমাজি জিলা ছাত্র সন্থাই

ধেমাজি জলসম্পদ বিভাগে সময় মতে বিধ্বস্ত মথাউৰি সমূহ মেৰামতি নকৰা, ইতিমধ্যে ধেমাজিত ভগ্ন মথাউৰি সমূহ আজি পৰ্যন্ত জলসম্পদ বিভাগে নিৰ্মান নকৰা আৰু জল সম্পদ বিভাগৰ কাৰ্য্যালয়ত ৰাইজে বিভাগৰ কৰ্মচাৰীক সময় মতে বিচাৰিলেও বিভাগটো কৰ্মচাৰীক বিচাৰি নোপোবা ইত্যাদি কেবাটাও দাবীত শনিবাৰে ধেমাজি জিলা ছাত্ৰ ও বান ক্ষতিগ্ৰস্তৰ সহ ৫ শতাধিক লোকে ধেমাজি জল বিভাগৰ কাৰ্য্যবাহী অভিযন্তা কাৰ্য্যালয়ৰ সন্মুখত আধাঘন্টাকৈ অধিক সময় ধৰি বিক্ষোভ কৰি পিছত জল সম্পদ বিভাগৰ কাৰ্য্যালয়টো তলা লগাই বন্ধ কৰি দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in