পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত আকৌ ৫৮৩৫জন কোৰোনাত আক্ৰান্ত

অসমত আকৌ ৫৮৩৫জন কোভিড পজিটিভ। ইয়াৰে ৯২১জন কামৰূপ মেট্ৰ'ৰ, ৪৫১জন নগাঁৱৰ, ৪৪৫জন ডিব্ৰুগড়ৰ আৰু ৩১০জন কামৰূপ গ্ৰাম্যৰ। এতিয়ালেক অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৪০৮৫৮জনলৈ পাইছে বৃদ্ধি। মঙলবাৰে ৰাজ্যত সুস্থ হৈছে ৪৩১১জন লোক আৰু ৭৩জনকৈ লোকে হেৰুৱাইছে প্ৰাণ। এতিয়াও অসমত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৬৩৯৩জন ৰোগী।

২. বকোত তিনি দিন ধৰি সন্ধানহীন এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

কামৰূপ জিলাৰ বকোত মঙলবাৰে সন্ধানহীন হৈ থকা লোক এজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে যোৱা ১৬ মে'ৰ নিশা বকো থানাৰ ছমৰীয়া পহৰা চকীৰ অন্তৰ্গত ছমৰীয়াৰ সদা কলিতা(৬০) নামৰ লোকগৰাকী ঘৰৰ পৰাই সন্ধানহীন হয়।

৩. পিতৃ-মাতৃ হেৰুওৱা শিশুৰ বাবে কেজৰিৱাল চৰকাৰৰ বিশেষ পদক্ষেপ

অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বিশেষ পদক্ষেপ । কোৰোনাত পিতৃ-মাতৃ হেৰুওৱা শিশুৰ বাবে এই পদক্ষেপ কেজৰিৱাল চৰকাৰৰ । পিতৃ-মাতৃ হেৰুওৱা শিশু সকলক প্ৰতি মাহে প্ৰদান কৰা হ'ব ২৫০০ টকা । শিশু সকলক প্ৰদান কৰা হ'ব বিনামূলীয়া শিক্ষা ।

৪. অসম জোঁকাৰি গ'ল ভূমিকম্পই

ভূমিকম্পই জোঁকাৰি গ'ল সমগ্ৰ অসম। সন্ধিয়া ৫.৩৩ বজাত অনুভূত হয় ভূমিকম্পন। এতিয়ালৈকে অৱশ্যে কোনো ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই।

৫. ডিগবৈত গ্ৰেণেড বিস্ফোৰণ

ডিগবৈৰ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ । সেনা আৰু আৰক্ষীয়ে নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত দুজনক । বাইক চালক ৰঞ্জিত চাংমাই আৰু আৰোহী হীৰেন গগৈ ওৰফে মনু গ্ৰেপ্তাৰ । আৰক্ষীয়ে উদ্ধাৰ কৰে এখন পালচাৰ বাইক ।

৬. ধুবুৰীত বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ

ধুবুৰী আৰক্ষীয়ে দেওবাৰে এগৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা লোক জনৰ পৰা ১ লাখ টকা মূল্যৰ জালনোট জব্দ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে জনোৱা অনুসৰি নিৰ্দিষ্ট তথ্যৰ ভিত্তিত ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীৰ সৈতে ধুবুৰী আৰক্ষীৰ বিশেষ এটা দলে অভিযান চলাই বাংলাদেশী নাগৰিক জনক আটক কৰে ।

৭. মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৫ লাখ টকা

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে আগবঢ়াইছে ১৫লাখ টকা। উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ আৰু বিশ্ববিদ্যালয়ৰ সকলো নিয়মীয়া কৰ্মচাৰীয়ে আগবঢ়াইছে এই ধনৰাশি উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৰোনাৰ সৈতে যুঁজিবলৈ ৰাইজৰ পৰা বিচাৰিছিল সহায়। এক বিবৃতিযোগে এই আহ্বান কৰিছিল মু্খ্যমন্ত্ৰীগৰাকীয়ে।

৮.কোভিডৰ দ্বিতীয় ঢৌত ২৬৯গৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ

কোৰোনাৰ দ্বিতীয়টো ঢৌত বিধ্বস্ত হৈছে ভাৰত। প্ৰতিদিনে লক্ষাধিক লোক আক্ৰান্ত হৈছে কোৰোনাত। শেহতীয়াকৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে জাৰি কৰিছে যে, কোৰোনাৰ দ্বিতীয়টো ঢৌত ২৬৯গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে। ইফালে তেওঁলোকে উল্লেখ কৰা প্ৰতিবেদনত আছে যে, দেশৰ ভিতৰতে সৰ্বাধিক চিকিৎসকৰ মৃত্যু হৈছে বিহাৰত। কোৰোনাৰ দ্বিতীয়টো ঢৌত ৭৮গৰাকী চিকিৎসকৰ মৃত্যু হৈছে।

৯. কোভিড চিকিৎসাৰ বাবে এতিয়াৰ পৰে প্ৰয়োজন নহ'ব প্লাজমা থেৰাপী

কোভিড চিকিত্‍সাত এতিয়াৰে পৰা আৰু প্ৰয়োজন নহ'ব প্লাজমা থেৰাপী। এতিয়াৰে পৰা নহ'ব প্লাজমাৰ দ্বাৰা কোভিড ৰোগীৰ চিকিত্‍সা। AIIMS আৰু ICMR-এ শেহতীয়াকৈ জাৰি কৰিলে নতুন নিৰ্দেশনা। উল্লেখ্য যে, প্লাজমা থেৰাপিক বিশেষজ্ঞ চিকিতসকসকলে অবৈজ্ঞানিক বুলি আখ্যা দিছিল।

১০. লখিমপুৰত কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ ৬জন

কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে লখিমপুৰৰ বঙালমৰাৰ মৰণৈ গাঁৱত অঘটন। বিষাক্ত কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ ৬জন। অসুস্থ কেইজনৰ ভিতৰত এজনৰ অৱস্থা অতি সংকটজনক। সকলোকে চিকিতসা কৰি থকা হৈছে হস্পাতালত। সোমবাৰে বিয়লি তেওঁলোকে ভক্ষণ কৰিছিল এই বিষাক্ত কাঠফুলা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in